A. খালী ঠাই পূৰণ কৰা (Fill in the Blanks)
1. Gaillardia ফুলক ______ বুলিও জনা যায়।
উত্তৰ: blanket flower (কম্বল ফুল)
2. Gaillardia বাগিচাত ______ বা ______ ৰ বাবে খেতি কৰিব পাৰি।
উত্তৰ: bedding (ভেটি প্ৰস্তুতকৰণ), borders (সীমা বা দাঁতি সজোৱা)
3. ব্যৱসায়িকভাৱে Gaillardia ৰ বংশবিস্তাৰ ______ ৰ দ্বাৰা কৰা হয়।
উত্তৰ: seeds (বীজ)
4. Gaillardia বীজৰ কোনো সুপ্তাৱস্থা (dormancy) নাথাকে আৰু আর্দ্ৰতাৰ পৰিমাণ ৯% তকৈ কম হ’লে ই ______ মাহলৈকে অংকুৰণ ক্ষমতা ধৰি ৰাখিব পাৰে।
উত্তৰ: 31 months (৩১ মাহ)
5. Gaillardia ৰ বীজ ______ দিনৰ ভিতৰত গজালি মেলে।
উত্তৰ: 7–10 days (৭–১০ দিন)
6. Gaillardia বীজ সিঁচাৰ ______ ৰ পৰা ______ দিনৰ পিছত ফুল ফুলিবলৈ আৰম্ভ কৰে।
উত্তৰ: 90, 120 (৯০ ৰ পৰা ১২০ দিন)
B. বহুবিকল্পী প্ৰশ্ন (Multiple Choice Questions – MCQ)
1. খৰালি কালত Gaillardia ৰ বীজ সিঁচাৰ উপযুক্ত সময় হ’ল—(a) অক্টোবৰ–নৱেম্বৰ
(b) ফেব্ৰুৱাৰী–মাৰ্চ
(c) জুন–জুলাই
(d) যিকোনো মাহ
উত্তৰ: (b) ফেব্ৰুৱাৰী–মাৰ্চ
2. সাধাৰণতে Gaillardia ৰ বংশবিস্তাৰ কৰা হয়—
(a) বীজৰ দ্বাৰা (seed)
(b) শিপাৰ দ্বাৰা (roots)
(c) কাটিং বা ডাল কাটি (cutting)
(d) বাল্ব বা কন্দৰ দ্বাৰা (bulb)
উত্তৰ: (a) বীজৰ দ্বাৰা (seed)
3. Gaillardia ৰ আদি বাসস্থান হ’ল—
(a) জাপান
(b) কোৰিয়া
(c) চীন
(d) মধ্য আমেৰিকা যুক্তৰাষ্ট্ৰ (Central United States)
উত্তৰ: (d) মধ্য আমেৰিকা যুক্তৰাষ্ট্ৰ (Central United States)
4. Blanket flower (Gaillardia) তেতিয়াহে চপোৱা (harvest) হয় যেতিয়া ফুলবোৰ—
(a) সম্পূৰ্ণ খোল খাই থাকে (fully open)
(b) আধা খোল খাই থাকে (half open)
(c) কলি অৱস্থাত থাকে (at bud stage)
(d) ফুলৰ ৰং প্ৰকাশ পায় (showing flower colour)
উত্তৰ: (a) সম্পূৰ্ণ খোল খাই থাকে (fully open)
5. Gaillardia ৰ ‘The Bride’ নামৰ জাতটোৰ ফুলৰ ৰং হ’ল—
(a) ৰঙা (red)
(b) হালধীয়া (yellow)
(c) ক্ৰীম-বগা (cream-white)
(d) কমলা-হালধীয়া (orange-yellow)
উত্তৰ: (c) ক্ৰীম-বগা (cream-white)
C. বিষয়ভিত্তিক প্ৰশ্নোত্তৰ (Subjective Questions)
১. Gaillardia খেতিৰ বাবে প্ৰয়োজনীয় জলবায়ুৰ বিষয়ে আলোচনা কৰা। (Discuss the climatic requirement for cultivation of gaillardia.)
উত্তৰ: Gaillardia খেতিৰ বাবে তলত দিয়া জলবায়ুৰ প্ৰয়োজন:
সূৰ্যৰ পোহৰ: ভাল উৎপাদনৰ বাবে এই উদ্ভিদক পৰ্যাপ্ত সূৰ্যৰ পোহৰ পৰা স্থানৰ প্ৰয়োজন হয়।
দিনৰ দৈৰ্ঘ্য: ই এটা দীঘল দিনৰ উদ্ভিদ (long day plant)।ভাল অংগজ বৃদ্ধিৰ (vegetative growth) বাবে চুটি দিন (১০–১২ ঘণ্টা পোহৰ) আৰু ফুল ফুলাৰ প্রক্রিয়া আৰম্ভ হ’বলৈ দীঘল দিন (১২–১৬ ঘণ্টা পোহৰ) ৰ আৱশ্যক। সেইবাবে শীতকালত ইয়াক অতিৰিক্ত কৃত্ৰিম পোহৰৰ প্ৰয়োজন হয়।
সহনশীলতা: এই গছে অতিমাত্ৰা গৰম আৰু খৰাং পৰিস্থিতি ভালদৰে সহ্য কৰিব পাৰে। আনকি -4°C লৈকে কম উষ্ণতাও ই সহ্য কৰিব পাৰে।
উষ্ণতা: ২০ ৰ পৰা ৩০°C উষ্ণতাৰ পৰিসৰত এই উদ্ভিদ আটাইতকৈ ভালদৰে বৃদ্ধি পায়।
২. Gaillardia ৰ গুৰুত্বপূৰ্ণ জাতসমূহৰ বিষয়ে লিখা। (Write about the important varieties of gaillardia.)
উত্তৰ: Gaillardia ৰ কিছুমান গুৰুত্বপূৰ্ণ জাত বা ভেৰাইটি তলত উল্লেখ কৰা হ’ল:
Baby Cole: হালধীয়া দাঁতি থকা ৰঙা ফুল।
Burgundy: wine red ফুল।
Copper Beauty: উজ্জ্বল কমলা-হালধীয়া পাপৰি আৰু কেন্দ্ৰভাগ মেৰুণ-ৰঙা।
Dazzler: উজ্জ্বল কমলা আৰু মেৰুণ ৰঙৰ ফুল।
Goblin: হালধীয়া আৰু ৰঙা ফুল।
The Bride: ক্ৰীম-বগা ৰঙৰ ফুল।
অন্যান্য জাত: Golden Goblin, Ipswich Beauty, Kobold, Lollypops, Mandarin, Picta, Picta Aurea, Red Plume, আৰু The Sun আদি।
৩. Gaillardia ৰ পুলি ৰোপণৰ (planting) বিষয়ে লিখা। (Write about the planting of gaillardia.)
উত্তৰ: Gaillardia ৰ পুলি ৰোপণ বা স্থানান্তৰকৰণ (transplanting) পদ্ধতি তলত দিয়া ধৰণৰ:
সময়: বীজ সিঁচাৰ ৩০–৪৫ দিনৰ পিছত, যেতিয়া পুলিটোৱে ৪ টা পাত ধাৰণ কৰা অৱস্থা পায়, তেতিয়া ইয়াক মূল ভেটিত ৰোপণ কৰা হয়।
মাটি প্ৰস্তুতকৰণ: প্ৰতি বৰ্গমিটাৰত প্ৰায় ৪০ টন পচন সাৰ বা গোবৰ সাৰ ভালদৰে মিহলাই লৈ মাটিডৰা তিনিবাৰ দকৈ হাল বাইল’ব লাগে। মাটিৰ টান টুকুৰা, প্লাষ্টিক, শিল আদি থাকিলে খেতিডৰাৰ পৰা আঁতৰাই পেলাব লাগে।
ৰোপণৰ দূৰত্ব: সাধাৰণতে ৪৫×৪৫ ছেন্টিমিটাৰ দূৰত্বত পুলিবোৰ ৰুব লাগে।
উপযুক্ত সময়: পুলি ৰোপণৰ কামটো মেঘাচ্ছন্ন দিনত বা আবেলি/সন্ধিয়াৰ সময়ত কৰা উচিত, কাৰণ ৰাতিৰ ঠাণ্ডা উষ্ণতাই পুলিবোৰ মাটিত থিতাপি ল’বলৈ সহায় কৰে। ৰোপণ কৰাৰ লগে লগে পানী দিব লাগে।
৪. Gaillardia ৰ বংশবিস্তাৰ কেনেকৈ কৰা হয়? (How is gaillardia propagated?)
উত্তৰ:ব্যৱসায়িক ভিত্তিত Gaillardia ৰ বংশবিস্তাৰ মূলতঃ বীজৰ (seeds) দ্বাৰা কৰা হয়, সেয়া একবর্ষীয় বা বহুবৰ্ষীয় যিকোনো জাতৰে হ’ব পাৰে। অৱশ্যে, কিছুমান বহুবৰ্ষীয় (perennial) জাতৰ ক্ষেত্ৰত division (পুলি ভাগ কৰি), শিপা (root cuttings) বা কাণ্ড কলমৰ (stem cuttings) দ্বাৰাও বংশবিস্তাৰ কৰিব পাৰি।
৫. Gaillardia খেতিৰ বাবে কঠীয়াতলী (seedbed) প্ৰস্তুত কৰা পদ্ধতিসমূহ বৰ্ণনা কৰা। (Describe the methods of bed preparation for planting gaillardia.)
উত্তৰ: কঠীয়াতলী প্ৰস্তুত কৰাৰ নিয়মসমূহ তলত দিয়া হ’ল:
আকাৰ: প্ৰায় ১৫ ছেন্টিমিটাৰ ওখ ভেটি (raised seedbeds) প্ৰস্তুত কৰিব লাগে। সাধাৰণতে এই ভেটিবোৰ ৬০–১০০ ছেন্টিমিটাৰ বহল আৰু প্ৰয়োজন অনুসৰি দীঘল (কিন্তু ৬ মিটাৰতকৈ বেছি নহয়) হ’ব লাগে।
সাৰ প্ৰয়োগ: মাটিত প্ৰতি বৰ্গমিটাৰত ৪–৫ কিলোগ্ৰাম গোবৰ সাৰ (FYM) বা কেঁচু সাৰ (vermicompost) ভালদৰে মিহলাই লৈ মাটিখিনি মিহি কৰি ল’ব লাগে। মাটি যদি বৰ গধুৰ বা আঠালতীয়া হয়, তেন্তে তাত ২০% খহটা বালি মিহলাব লাগে।
মাটি শোধন (Sterilisation): কঁঠীয়াতলীৰ মাটিখিনি ২% ফৰ্মালিন (formalin) ছটিয়াই তিয়াই দিব লাগে আৰু তাৰ পিছত ২-৩ দিনৰ বাবে ক’লা পলিথিন চাদাৰেৰে ঢাকি ৰাখিব লাগে। ইয়াৰ পিছত পুলি ৰোৱাৰ অন্ততঃ এক সপ্তাহ আগতে পলিথিনখন সম্পূৰ্ণকৈ খুলি দি বতাহ লগাব লাগে।
৬. Gaillardia ফুল কেনেকৈ চপোৱা (harvest) হয়? (How are the flowers of gaillardia harvested?)
উত্তৰ: Gaillardia ফুলবোৰ ৰাতিপুৱা সোনকালে চপাব লাগে, যেতিয়া ফুলবোৰ সম্পূৰ্ণৰূপে খোল খাই থাকে (fully open)। যদি কটা ফুল (cut flower) হিচাপে ব্যৱহাৰ কৰা হয়, তেন্তে দীঘল আৰু মজবুত ডালৰ সৈতে কাটিব লাগে। আনহাতে খোলা ফুল (loose flowers) হিচাপে বিক্ৰী কৰিবলৈ হ’লে কেৱল ফুলৰ পাহিতো ঠাৰি অবিহনে ছিঙিব লাগে। কটা ফুলবোৰ চপোৱাৰ পিছত ইয়াৰ তলৰ কটা অংশটো পৰিষ্কাৰ পানীত ডুবাই ৰাখিব লাগে যাতে ফুলবোৰ প্ৰায় এক সপ্তাহলৈ সতেজ হৈ থাকে।
৭. Gaillardia ৰ বিভিন্ন অনিষ্টকাৰী পোক-পৰুৱা আৰু বেমাৰসমূহ কি কি আৰু সেইবোৰ কেনেকৈ নিয়ন্ত্ৰণ কৰা হয়? (What are the different insect-pests and diseases of gaillardia and how are they controlled?)
উত্তৰ: অনিষ্টকাৰী পোক-পৰুৱা (Insect-pests): এই গছত আক্ৰমণ কৰা প্ৰধান পোকবোৰ হ’ল— Four-lined plant bugs, leaf hoppers, thrips, বগা মাখি (white flies), aphids, শামুক (slugs and snails) আৰু caterpillars।
নিয়ন্ত্ৰণ: এই পোকবোৰ নিয়ন্ত্ৰণ কৰিবলৈ ০.২% Rogor, Kelthane বা Malathion ঔষধ স্প্ৰে’ কৰিব লাগে। শামুক বা লেটুকী নিয়ন্ত্ৰণৰ বাবে ওচৰা-উচৰিকৈ পাচলিৰ অৱশিষ্ট পেলাই থৈ আকৰ্ষিত কৰিব পাৰি বা metaldehyde টোপ ব্যৱহাৰ কৰি সিহঁতক ধ্বংস কৰিব পাৰি।
বেমাৰ-আজাৰ (Diseases):শিপা পচা বা ডেম্পিং অফ (Root rot or Damping off): ই ভেঁকুৰৰ সংক্ৰমণৰ বাবে হয়। ইয়াৰ বাবে ০.৩% Dithane M-45 ৰে বীজ শোধন কৰাটো ফলপ্ৰসু।
কাণ্ড পচা (Root and Stem rot): ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ গছৰ গুৰিত মাটি জাপি দিয়া (mulching) অতি ডাঠ হ’ব নালাগে আৰু অতিমাত্ৰা পানী যোগান ধৰিব নালাগে।
Powdery wilt আৰু বগা ম্লান (White smut): ছালফাৰ ডষ্টিং (sulphur dusting) বা ০.২% ক’লইডেল কপাৰ ভেঁকুৰনাশক (colloidal copper fungicide) আৰু পটাছিয়াম ছালফাইড স্প্ৰে’ কৰি ইয়াৰ প্ৰতিৰোধ কৰিব পাৰি।
ভাইৰাছজনিত ৰোগ: ভাইৰাছ আক্ৰান্ত গছবোৰ শিপাৰ সৈতে উভালি পেলাই পুৰি ধ্বংস কৰিব লাগে।
Leave a Reply