Class_12/Unit_2//Session_3

A. খালী ঠাই পূৰণ কৰা (Fill in the Blanks)

1. ফ্ৰেন্স মেৰীগ’ল্ডৰ (French marigold) উদ্ভিদবৈজ্ঞানিক নাম হ’ল Tagetes patula

2. নাৰ্জী ফুল (Marigold) Asteraceae পৰিয়ালৰ অন্তৰ্ভুক্ত।

3. পথাৰত নাৰ্জী ফুল ৰোপণ কৰিলে মাটিত থকা Root-knot nematodes ৰ সংখ্যা হ্ৰাস পায়।

4. নাৰ্জী ফুল অংগজ প্ৰবৰ্ধনৰ ভিতৰত আগ বা ডাল কাটি (Tip-cuttings) কৰিব পাৰি।

5. ব্যৱসায়িকভাৱে নাৰ্জী ফুলৰ বংশবৃদ্ধি বীজৰ (Seeds) জৰিয়তে কৰা হয়।

6. এক হেক্টৰ মাটিত খেতি কৰিবৰ বাবে প্ৰায় 0.7–1.0 kg নাৰ্জী ফুলৰ বীজৰ প্ৰয়োজন হয়।

B. বহু বিকল্পী প্ৰশ্ন (Multiple Choice Questions)

1. Among the following, who is associated with Marigold breeding in India? (তলৰ কোনজন ব্যক্তি ভাৰতত নাৰ্জী ফুলৰ প্ৰজনন কাৰ্যৰ সৈতে জড়িত?)

(a) B. Singh

(b) R.L. Misra

(c) M.L. Choudhary

(d) S.P.S. Raghava (শুদ্ধ উত্তৰ)

2. Nugget is a cultivar of ___________. (‘Nugget’ তলৰ কোনটোৰ এবিধ জাত?)

(a) Marigold / নাৰ্জী ফুল (শুদ্ধ উত্তৰ)

(b) Rose / গোলাপ

(c) Tulip / টিউলিপ

(d) Carnation / কাৰ্নেচন

3. Native place of Marigold is ___________. (নাৰ্জী ফুলৰ উৎপত্তিস্থল বা আদি বাসস্থান হ’ল—)

(a) Russia / ৰাছিয়া

(b) South Africa / দক্ষিণ আফ্ৰিকা

(c) Mexico / মেক্সিকো (শুদ্ধ উত্তৰ)

(d) India / ভাৰত

4. Recommended seed rate of marigold is ___________. (নাৰ্জী ফুলৰ বাবে অনুমোদিত বীজৰ হাৰ হ’ল—)

(a) 0.7–1.0 kg/ha (শুদ্ধ উত্তৰ)

(b) 2–3 kg/ha

(c) 3–5 kg/ha

(d) 7–8 kg/ha

5. Optimum temperature required for Marigold cultivation is ___________. (নাৰ্জী খেতিৰ বাবে প্ৰয়োজনীয় অনুকূল উষ্ণতা হ’ল—)

(a) 6–14°C

(b) 15–28°C (শুদ্ধ উত্তৰ)

(c) 30–42°C

(d) All of these / এই আটাইবোৰ

6. Among the following, which one is the African marigold variety? (তলৰ কোনটো আফ্ৰিকান মেৰীগ’ল্ডৰ জাত?)

(a) Orange flame

(b) Melody

(c) Bolero

(d) Golden climax (শুদ্ধ উত্তৰ)

 

C. দীঘল প্ৰশ্নোত্তৰ (Subjective Questions)

১. আফ্ৰিকান মেৰীগ’ল্ড আৰু ফ্ৰেন্স মেৰীগ’ল্ডৰ মাজৰ পাৰ্থক্য লিখা।

উত্তৰঃ আফ্ৰিকান মেৰীগ’ল্ড (African Marigold): এই গছবোৰ ওখ (প্ৰায় ৯০ ছেঃমিঃ পৰ্যন্ত), শক্তিশালী আৰু পোণকৈ বাঢ়ে। ইয়াৰ ফুলবোৰ ডাঙৰ আৰু গোলাকাৰ হয়। ফুলৰ ৰং সাধাৰণতে নেমু-হালধীয়াৰ পৰা গাঢ় কমলা ৰঙৰ হয়।

ফ্ৰেন্স মেৰীগ’ল্ড (French Marigold): এই গছবোৰ তুলনামূলকভাৱে চাপৰ (প্ৰায় ৬০ ছেঃমিঃ পৰ্যন্ত) আৰু জোপোহা ধৰণৰ হয়। ইয়াৰ ফুলবোৰ সৰু আৰু হালধীয়া, কমলা, ৰঙা বা দুটা ৰঙৰ সংমিশ্ৰণত (যেনে হালধীয়াৰ মাজত মটীয়া দাগ) দেখা যায়।

২. নাৰ্জী ফুল খেতিত ‘পিংচিং’ (Pinching) প্ৰক্ৰিয়াটো কিয় উপযোগী?

উত্তৰ: নাৰ্জী গছবোৰ প্ৰথম অৱস্থাত পোণকৈ ওপৰলৈ বাঢ়ি যায়। ৰোপণ কৰাৰ ৪০ দিনৰ পিছত যদি গছজোপাৰ একেবাৰে আগ অংশটো (Terminal shoot) ভাঙি বা কাটি দিয়া হয়, তাকে ‘পিংচিং’ বোলে। ইয়াৰ ফলত গছজোপাৰ কাষৰ ডাল-পালিবোৰ বেছিকৈ মেলিবলৈ সুযোগ পায়, গছজোপা জোপোহা হয় আৰু অধিক পৰিমাণে সম-আকাৰৰ উন্নত মানদণ্ডৰ ফুল উৎপাদন হয়।

৩. নাৰ্জী ফুলৰ চপোৱা (Harvesting) পদ্ধতি বৰ্ণনা কৰা।উত্তৰ: নাৰ্জী ফুলবোৰ সম্পূৰ্ণৰূপে ফুলি উঠা অৱস্থাত অথচ টান হৈ থাকোঁতে হাতেৰে চিঙি চপাব লাগে। সাধাৰণতে বতৰ ঠাণ্ডা হৈ পৰিলে বিয়লি ভাগত বা পুৱাৰ নিয়ৰ শুকোৱাৰ পিছত ফুল চিঙিব লাগে। বজাৰলৈ পঠোৱাৰ আগতে ফুলবোৰ সতেজ কৰি ৰাখিবলৈ তিতা মৰাপাটৰ বস্তা বা কাপোৰেৰে ঢাকি ৰখা হয়।

৪. নাৰ্জী ফুলৰ ‘ব্ৰঞ্জ স্পেক্লিং’ (Bronze speckling) ৰোগৰ বিষয়ে লিখা।

উত্তৰ: ই নৰ্জী ফুলৰ এবিধ শাৰীৰিক বিসংগতি (Physiological disorder)। আফ্ৰিকান মেৰীগ’ল্ডৰ ‘First Lady’ আৰু ‘Voyager’ জাতত এই লক্ষণ দেখা যায়। মাটিত আইৰণ বা লোহাৰ মাত্ৰা অত্যাধিক হ’লে (Iron toxicity) পাতবোৰ হালধীয়া পৰে, শুকাই নষ্ট হয় (Necrosis) আৰু তলৰ পিনে কাপৰ দৰে কোঁচ খাই যায়। ইয়াৰ পৰা হাত সাৰিবলৈ পাতৰ টিছুত লোহাৰ পৰিমাণ 500 ppm তকৈ বেছি হ’ব নালাগে।

৫. নাৰ্জী ফুলৰ ‘লিফ বাৰ্ন’ (Leaf burn) বা পাত পোৰা ৰোগৰ লক্ষণ আৰু কাৰণবোৰ উল্লেখ কৰা।

উত্তৰ: লক্ষণ: পাতৰ আগ অংশ আৰু কাষবোৰ হালধীয়া হৈ পৰে আৰু পিছলৈ শুকাই মৰি যায় (পাতখন জ্বলি যোৱাৰ দৰে দেখায়)।

কাৰণ: মাটিত বৰণ (Boron), মেংগানিজ (Manganese) আৰু মলিবডিনাম (Molybdenum) ৰ মাত্ৰা অত্যাধিক হ’লে এই বিসংগতি ঘটে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *