A. Multiple Choice Questions (বহুবিকল্পী প্ৰশ্ন)
১. Vein test ব্যৱহাৰ কৰি ক্লাইণ্টৰ আণ্ডাৰটোন নিৰ্ধাৰণ কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় কি?
(a) শিৰাবোৰ সেউজীয়া দেখা গ’লে, warm আণ্ডাৰটোন বুজায়
(b) শিৰাবোৰ নীলা দেখা গ’লে, warm আণ্ডাৰটোন বুজায়
(c) শিৰাবোৰ নীলা দেখা গ’লে, cool আণ্ডাৰটোন বুজায়
(d) শিৰাবোৰ সেউজীয়া দেখা গ’লে, cool আণ্ডাৰটোন বুজায়
উত্তৰ: (b) শিৰাবোৰ নীলা দেখা গ’লে, warm আণ্ডাৰটোন বুজায়
২. তলৰ কোনটোক tertiary colour (তৃতীয় পৰ্যায়ৰ ৰং) বুলি ধৰা হয়?
(a) হালধীয়া (Yellow)
(b) কমলা (Orange)
(c) নীলা-বেঙুনীয়া (Blue-violet)
(d) সেউজীয়া (Green)
উত্তৰ: (c) নীলা-বেঙুনীয়া (Blue-violet)
৩. Cool undertone থকা ক্লাইণ্টক মেক-আপ কৰোঁতে কেনেধৰণৰ ৰং ব্যৱহাৰ কৰা উচিত?
(a) কমলা আৰু ৰঙাৰ দৰে warm ৰং
(b) নীলা আৰু বেঙুনীয়াৰ দৰে cool ৰং
(c) Warm আৰু cool দুয়োবিধ ৰঙেই
(d) কেৱল neutral ৰং
উত্তৰ: (b) নীলা আৰু বেঙুনীয়াৰ দৰে cool ৰং
৪. যদি এজন ক্লাইণ্টক সোণৰ গহনা (gold ornaments) পিন্ধিলে বেছি ভাল দেখা যায়, তেন্তে তেওঁৰ আণ্ডাৰটোন কি হ’ব?
(a) Cool
(b) Neutral
(c) Warm
(d) Dark
উত্তৰ: (c) Warm
৫. Colour theory অনুসৰি ৰঙৰ উজ্জ্বলতা (brightness) আৰু ঘনত্ব (density) কেনেকৈ সলনি/নিয়ন্ত্ৰণ কৰিব পাৰি?
(a) Primary colour মিশ্ৰণ কৰি
(b) ধোঁৱা-বৰণীয়া (grey) বা বগা (white) ৰং যোগ কৰি
(c) Complementary colour লগাই
(d) Tinted blusher ব্যৱহাৰ কৰি
উত্তৰ: (b) ধোঁৱা-বৰণীয়া (grey) বা বগা (white) ৰং যোগ কৰি
B. Fill in the Blanks (খালী ঠাই পূৰণ কৰা)
১. ৰঙৰ সমন্বয়ৰ (colour combination) তত্ত্ব ভালদৰে বুজিবলৈ Colour wheel অধ্যয়ন কৰা হয়।
২. বগা ৰঙৰ সৈতে কোনো ৰঙৰ মিশ্ৰণক Tint বোলা হয়।
৩. Colour wheel-ত পৰস্পৰ বিপৰীত দিশত থকা ৰংবোৰক Complementary colours বুলি জনা যায়।
৪. ৰঙা, কমলা বা হালধীয়া আণ্ডাৰটোন থকা ৰংবোৰক Warm colours বোলা হয়।
৫. এজন ক্লাইণ্টক ৰূপৰ গহনা (silver jewellery) পিন্ধিলে বেছি ভাল দেখিলে, তেওঁৰ আণ্ডাৰটোন Cool বুলি ধৰা হয়।
C. True or False (সঁচা নে মিছা)
১. Primary ৰংবোৰ হ’ল ৰঙা, হালধীয়া আৰু সেউজীয়া।
উত্তৰ: মিছা (False) (সঠিক: ৰঙা, হালধীয়া আৰু নীলা)
২. Secondary colour-ত আৰু অধিক primary colour মিহলাই tertiary colour প্ৰস্তুত কৰা হয়।
উত্তৰ: সঁচা (True)
৩. কোনো hue-ৰ লগত বগা ৰং যোগ কৰিলে Tone পোৱা যায়।
উত্তৰ: মিছা (False) (সঠিক: Grey ৰং যোগ কৰিলে Tone পোৱা যায়)
৪. Cool ৰংবোৰ শান্ত (soothing) আৰু চাবলৈ কোমল অনুভৱ হয়।
উত্তৰ: সঁচা (True)
৫. Vein test অনুসৰি নীলা শিৰাই cool আণ্ডাৰটোন বুজায়।
উত্তৰ: মিছা (False)
D. Subjective Questions (চমু/বৰ্ণনামূলক প্ৰশ্নোত্তৰ)
১. মেক-আপত Colour Wheel-ৰ গুৰুত্ব কি আৰু ই ক্লাইণ্টৰ বাবে উপযুক্ত ৰং বাছনি কৰাত এগৰাকী মেক-আপ আৰ্টিষ্টক কেনেদৰে সহায় কৰে?
উত্তৰ: Colour wheel-ৰ জৰিয়তে ৰঙৰ সঠিক সমন্বয় আৰু আণ্ডাৰটোন বুজি পোৱা সহজ হয়। ইয়াৰ সহায়ত ক্লাইণ্টৰ ছালৰ বৰণ (skin tone আৰু complexion) অনুসৰি ফাউণ্ডেশ্বন, কনচিলাৰ, লিপষ্টিক আৰু আইশ্বেড’ৰ উপযুক্ত শ্বেড বাছনি কৰিব পাৰি, যাৰ ফলত মেক-আপ দেখাত অধিক প্ৰাকৃতিক আৰু আকৰ্ষণীয় হয়।
২. ক্লাইণ্টৰ আণ্ডাৰটোনে ফাউণ্ডেশ্বন আৰু ব্লাশৰ নিৰ্বাচনত কেনেদৰে প্ৰভাৱ পেলায়? Warm আৰু cool আণ্ডাৰটোনৰ উদাহৰণ দিয়া।
উত্তৰ: ক্লাইণ্টৰ আণ্ডাৰটোন warm হ’লে কমলা বা সোণালী আভাষ থকা base/blush ব্যৱহাৰ কৰা হয়। আনহাতে cool আণ্ডাৰটোন থাকিলে নীলা বা গুলপীয়া আভাষ থকা শ্বেড বাছনি কৰা হয়। আণ্ডাৰটোনৰ সৈতে নিমিলিলে মেক-আপ দেখাত ধোঁৱা-বৰণীয়া (ashy) বা বেবেৰিবাং হৈ পৰিব পাৰে।
৩. ক্লাইণ্ট এজনৰ বাবে কোনটো আইশ্বেড’ ৰং উপযুক্ত হ’ব সেয়া কেনেকৈ নিৰ্ধাৰণ কৰিব, আৰু এই সিদ্ধান্ত লওঁতে আণ্ডাৰটোন বিবেচনা কৰাটো কিয় গুৰুত্বপূৰ্ণ?
উত্তৰ: Vein test বা jewellery test-ৰ সহায়ত প্ৰথমে ক্লাইণ্টৰ আণ্ডাৰটোন নিৰ্ণয় কৰি লোৱা হয়। তাৰ পাছত warm আণ্ডাৰটোনৰ বাবে উষ্ণ ৰং আৰু cool আণ্ডাৰটোনৰ বাবে শীতল ৰঙৰ আইশ্বেড’ বাছনি কৰা হয়। সঠিক আণ্ডাৰটোন মিলাই ৰং প্ৰয়োগ কৰিলে চকুৰ মেক-আপ সুন্দৰকৈ জিলিকি উঠে।
