Class_12_Beauty Therapist/Unit_1//Session_6


A. Multiple Choice Questions.

১. শাৰী পিন্ধোৱাৰ প্ৰথমটো পদক্ষেপ কি? 

(ক) কঁকালৰ চাৰিওফালে শাৰীখন মেৰিয়াই লোৱা

(খ) গ্ৰাহকক পেটিকোট (underskirt), ব্লাউজ আৰু পাদুকা (জোতা/চেণ্ডেল) পিন্ধিবলৈ দিয়া

(গ) পেটিকোটৰ ভিতৰত শাৰীখন গুঁজি দিয়া

(ঘ) শাৰীখনৰ ভাঁজ বা কুঁচি (pleats) তৈয়াৰ কৰা

উত্তৰ: (খ) গ্ৰাহকক পেটিকোট (underskirt), ব্লাউজ আৰু জোতা/চেণ্ডেল পিন্ধিবলৈ দিয়া

২. শাৰী পিন্ধাৰ সময়ত কিমানটা কুঁচি বা ভাঁজ (pleats) কৰিব লাগে? 

(ক) ৩–৪ টা কুঁচি

(খ) ৫–৬ টা কুঁচি

(গ) ৬–৭ টা কুঁচি

(ঘ) ৮–৯ টা কুঁচি

উত্তৰ: (গ) ৬–৭ টা কুঁচি

৩. শাৰীখনৰ একেবাৰে ওপৰৰ ৩–৫ ইঞ্চি অংশ ক’ত গুঁজিব (tuck) লাগে? 

(ক) নাভিৰ তলত

(খ) কঁকালত

(গ) কান্ধৰ ওপৰত

(ঘ) পিঠিৰ ফালে

উত্তৰ: (ক) নাভিৰ তলত

৪. কান্ধৰ পৰা পিঠিৰ ফালে মুক্তভাৱে ওলমি থকা শাৰীৰ অংশটোক কি বুলি কোৱা হয়? 

(ক) কুঁচি (Pleat)

(খ) আঁচল বা পাল্লু (Pallu)

(গ) মূৰ (End)

(ঘ) ড্ৰেপ (Drape)

উত্তৰ: (খ) আঁচল বা পাল্লু (Pallu)

৫. ওৰণি বা দুপত্তা (dupatta) পিন্ধোৱাৰ পূৰ্বে কি কি পৰীক্ষা কৰি লোৱা উচিত?

(ক) দুপত্তাখন যেন সোঁতোৰা-সোঁচোৰ নোহোৱাকৈ (crease-free) মসৃণ হৈ থাকে

(খ) লেহেংগাখন টানকৈ বন্ধা আছে নে নাই

(গ) ‘ক’ আৰু ‘খ’ দুয়োটা

(ঘ) ‘ক’ বা ‘খ’ এটাও নহয়

উত্তৰ: (গ) ‘ক’ আৰু ‘খ’ দুয়োটা

৬. দুপত্তাৰ কুঁচিবোৰ (pleats) সাধাৰণতে ক’ত ৰখা হয়?

(ক) বাওঁ কান্ধত

(খ) সোঁ কান্ধত

(গ) কঁকালৰ চাৰিওফালে

(ঘ) পিঠিত

উত্তৰ: (খ) সোঁ কান্ধত

৭. দুপত্তাৰ বিপৰীত মূৰৰ ওপৰৰ কোণটো কেনেদৰে সুৰক্ষিত কৰিব লাগে? 

(ক) ডিঙিৰ চাৰিওফালে বান্ধি

(খ) বাওঁ হাতৰ মণিবন্ধত (wrist) লুপ বনাই ছেফটি পিনেৰে আঁটকাৰি

(গ) কঁকালৰ পটিত গুঁজি

(ঘ) মুক্তভাৱে ওলমি থাকিবলৈ দি

উত্তৰ: (খ) বাওঁ হাতৰ মণিবন্ধত (wrist) লুপ বনাই ছেফটি পিনেৰে আঁটকাৰি

৮. হাফ শাৰী (half saree) শৈলীত দুপত্তা মেৰিওৱাৰ প্ৰথম পদক্ষেপটো কি? 

(ক) বাওঁ কান্ধত কুঁচিবোৰ পিনেৰে লগোৱা

(খ) দুপত্তাৰ এটা কোণ সোঁফালৰ কঁকালত গুঁজি লোৱা

(গ) দুপত্তাখন কঁকালৰ চাৰিওফালে মেৰিয়াই লোৱা

(ঘ) আনটো মূৰত কুঁচি তৈয়াৰ কৰা

উত্তৰ: (খ) দুপত্তাৰ এটা কোণ সোঁফালৰ কঁকালত গুঁজি লোৱা

৯. V-পাল্লু শৈলীত দুপত্তাৰ কুঁচিবোৰ ক’ত সুৰক্ষিত কৰা হয়? 

(ক) কঁকালত

(খ) বাওঁ কান্ধত

(গ) সোঁ কান্ধত

(ঘ) পিঠিত

উত্তৰ: (গ) সোঁ কান্ধত

B. Fill in the Blanks (খালী ঠাই পূৰণ কৰা)

১. শাৰী হৈছে এক পৰম্পৰাগত ভাৰতীয় পোছাক যাক অঞ্চল আৰু উৎসৱৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ধৰণে পৰিধান (draped) কৰা হয়।

২. নিভি শৈলীত (Nivi style) শাৰীখন প্ৰথমে শৰীৰৰ তলৰ অংশত সোঁফালৰ পৰা বাওঁফাললৈ মেৰিয়াই লোৱা হয়।

৩. কান্ধৰ ওপৰেৰে মুক্তভাৱে ওলমি পৰা শাৰীৰ অংশটোক পাল্লু বা আঁচল (pallu) বুলি কোৱা হয়।

৪. শাৰীৰ কুঁচি বা ভাঁজবোৰ সাধাৰণতে ৪ ৰ পৰা ৬ ইঞ্চি বহল হয়।

৫. হাফ শাৰী শৈলীত দুপত্তাখন প্ৰথমে কঁকালৰ সোঁফালে গুঁজি লোৱা হয়।

C. True or False (সত্য নে অসত্য নিৰ্ণয় কৰা)

১. শাৰীখন স্বাভাৱিক ৰূপত দেখা যাবলৈ তাত স্পষ্ট কোঁচ বা বলিৰেখা (wrinkles) থাকিব লাগে।

উত্তৰ: অসত্য (False) (শাৰীখন কোঁচ নোখোৱাকৈ মসৃণ হ’ব লাগে)

২. নিভি শৈলীত শাৰীখন কঁকালত সোঁফালৰ পৰা বাওঁফাললৈ মেৰিয়াই লোৱা হয়।

উত্তৰ: সত্য (True)

৩. আঁচল বা পাল্লুৰ দৈৰ্ঘ্য সাধাৰণতে ৩ ৰ পৰা ৫ ফুটৰ ভিতৰত হয়।

উত্তৰ: সত্য (True)

৪. দুপত্তাৰ “Tie on wrist” শৈলীত কুঁচিবোৰ বাওঁ কান্ধত ৰখা হয়।

উত্তৰ: অসত্য (False) (কুঁচিবোৰ সোঁ কান্ধত ৰখা হয়)

৫. V-পাল্লু শৈলীটো মূলতঃ গুজৰাটী আৰু ৰাজস্থানী পৰম্পৰাত দেখা যায়।

উত্তৰ: সত্য (True)

D. Subjective Questions (দীঘলীয়া প্ৰশ্নোত্তৰ)

১. নিভি শৈলীত (Nivi style) শাৰী পৰিধান কৰাৰ মূল পদক্ষেপসমূহ বৰ্ণনা কৰা।

উত্তৰ:প্ৰথমে গ্ৰাহকক পেটিকোট, ব্লাউজ আৰু উপযুক্ত জোতা/চেণ্ডেল) পিন্ধিবলৈ দিব লাগে। পেটিকোটটো টানকৈ বন্ধা আছে নে নাই পৰীক্ষা কৰা প্ৰয়োজন। শাৰীখনৰ ভিতৰৰ আৰু ওপৰৰ অংশটো আগফালৰ কঁকালত পেটিকোটৰ সৈতে ভাঁজ নোখোৱাকৈ গুঁজি দিব লাগে। তাৰ পিছত শাৰীখন সোঁফালৰ পৰা বাওঁফাললৈ কঁকালৰ চাৰিওফালে এবাৰ সম্পূৰ্ণকৈ মেৰিয়াই ল’ব লাগে। শাৰীখনৰ পৰা প্ৰায় ৪–৬ ইঞ্চি জোখৰ ৬–৭ টা সমান কুঁচি (pleats) তৈয়াৰ কৰি ল’ব লাগে। এই কুঁচিবোৰ নাভিৰ তলত পেটিকোটৰ ভিতৰত ৩–৫ ইঞ্চিমান গুঁজি দিয়া হয়। তাৰ পিছত শাৰীখন বাওঁফালৰ পৰা সোঁফাললৈ তপিনাৰ ওপৰেৰে মেৰিয়াই আনি আকৌ আগফাললৈ অনা হয়। অৱশিষ্ট অংশটো শৰীৰৰ ওপৰলৈ তীৰ্যকভাৱে লৈ বাওঁ কান্ধৰ ওপৰেৰে ৩–৫ ফুট দীঘলকৈ মুক্তভাৱে তললৈ ওলমি থাকিবলৈ দিয়া হয়, যাক পাল্লু বুলি কোৱা হয়।

২. দুপত্তা পৰিধানৰ “Tie on wrist” শৈলীটো কেনেদৰে কৰা হয় বুজাই লিখা।

উত্তৰ:প্ৰথমে নিশ্চিত কৰিব লাগে যাতে লেহেংগাখন টানকৈ বন্ধা থাকে আৰু দুপত্তাখন সোঁতোৰা-সোঁচোৰ নোহোৱাকৈ থাকে। দুপত্তাখনত কুঁচি কৰি সোঁ কান্ধৰ ওপৰত এনেদৰে ৰখা হয় যাতে একেবাৰে বাহিৰৰ ভাঁজটো কান্ধৰ পৰা আঁতৰি আঁঠুৰ সামান্য তললৈ ওলমি পৰে। কান্ধৰ কুঁচিখিনি চোলাৰ ভিতৰফালৰ পৰা এটা ছেফটি পিনেৰে মজবুতকৈ আঁটকাৰি দিয়া হয় যাতে পিনটো বাহিৰৰ পৰা দেখা নাযায়। তাৰ পিছত দুপত্তাৰ আনটো মূৰৰ ওপৰৰ কোণটো আনি বাওঁ হাতৰ মণিবন্ধৰ চাৰিওফালে লুপ বনাই ছেফটি পিনেৰে সুৰক্ষিত কৰা হয় যাতে তলৰ কোণটো সুন্দৰকৈ ওলমি থাকে।

৩. হাফ শাৰী (Half saree) আৰু V-পাল্লু (V pallu) দুপত্তা শৈলীৰ মাজৰ পাৰ্থক্য দেখুওৱা।

উত্তৰ:হাফ শাৰী শৈলী: এই শৈলীটো সাধাৰণতে দক্ষিণ ভাৰতত ব্যৱহাৰ কৰা হয়। ইয়াত দুপত্তাৰ এটা কোণ কঁকালৰ সোঁফালে গুঁজি লৈ কঁকালৰ চাৰিওফালে মেৰিয়াই আনি আনটো মূৰ বাওঁ কান্ধত কুঁচি কৰি আঁটকোৱা হয়, যাৰ ফলত পিঠিৰ ফালে এটি স্পষ্ট ‘V’ আকৃতি গঠিত হয়।

V-পাল্লু শৈলী: এই শৈলীটো গুজৰাটী আৰু ৰাজস্থানী পৰম্পৰাত প্ৰচলিত। ইয়াত দুপত্তাখন সোঁ কান্ধৰ ওপৰত কুঁচি কৰি থোৱা হয় আৰু তাৰ পিছত তাৰ ভিতৰৰ কোণটো আগফালৰ পৰা আনি বাওঁ কান্ধত পিনেৰে লগোৱা হয়, যাৰ ফলত শৰীৰৰ সমুখৰ ফালে এক সুন্দৰ ‘V’ আকৃতিৰ সৃষ্টি হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top