A. Fill in the blanks (খালী ঠাই পূৰ কৰা)
1. নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে শস্যত জলসিঞ্চনৰ পানী প্ৰয়োগ কৰাক জলসিঞ্চনৰ সময়সূচী (Irrigation scheduling) বুলি জনা যায়।
2. পানীৰ অভাৱৰ প্ৰতি উদ্ভিদৰ যিটো বিশেষ পৰ্যায় অতি সংবেদনশীল, তাক সংকটকাল বা জটিল পৰ্যায় (Critical stage) বুলি কোৱা হয়।
3. মাটি সমান কৰি আৰু সীমা নিৰ্ধাৰণ কৰি উপযুক্ত আকাৰৰ বিভিন্ন পটি বা অংশত বিভক্ত কৰা পদ্ধতিটোক বোৰ্ডাৰ ষ্ট্ৰিপ (Border strip) পদ্ধতি বুলি কোৱা হয়।
4. স্প্ৰিংকলাৰ বা ফোৱাৰা জলসিঞ্চনক অভাৱহেড (Overhead) জলসিঞ্চন বুলিও জনা যায়।
5. নহৰু আৰু পিয়াঁজৰ খেতিৰ বাবে জলসিঞ্চনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্যায়টো হ’ল বাল্ব বা আলু গঠন হোৱাৰ সময় (Bulb formation)।
6. টোপাল জলসিঞ্চন পদ্ধতিত পানী নিৰ্গত কৰিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰসমূহক এমিটাৰ (Emitters) বা ড্ৰিপাৰ বুলি কোৱা হয়।
7. ৮০-৯০% পানী ব্যৱহাৰৰ দক্ষতা থকা এক অতি কাৰ্যক্ষম জলসিঞ্চন পদ্ধতি হ’ল টোপাল জলসিঞ্চন (Drip irrigation)।)
B. Multiple Choice Questions (বহুবিকল্পী প্ৰশ্ন)
1. বন্ধাকবিত জলসিঞ্চনৰ জটিল বা গুৰুত্বপূৰ্ণ পৰ্যায়টো হ’ল __________
(a) head formation (মূৰ গঠন হোৱা সময়ত)
(b) flowering stage (ফুল ফুলা সময়ত)
(c) seed germination (বীজ অংকুৰণৰ সময়ত)
(d) harvesting stage (শস্য চপোৱাৰ সময়ত)
উত্তৰ: (a) head formation
2. শস্য আৰু মাটিৰ ওপৰত বৃত্তাকাৰে পানী ছতিওৱা জলসিঞ্চন পদ্ধতিটোক কোৱা হয় _____
(a) flood (প্লাৱন)
(b) border (সীমা)
(c) overhead irrigation (অভাৰহেড বা মূৰৰ ওপৰৰ জলসিঞ্চন)
(d) check (চেক)
উত্তৰ: (c) overhead irrigation (টোকা: ইয়াৰ এটা উদাহৰণ হ’ল স্প্ৰিংকলাৰ বা ফোৱাৰা জলসিঞ্চন।
3. জলসিঞ্চনৰ জৰিয়তে জুলীয়া সাৰ প্ৰয়োগ কৰা প্ৰক্ৰিয়াটোক কোৱা হয় __________
(a) fertigation (ফাৰ্টিগেচন)
(b) drip irrigation (টোপাল জলসিঞ্চন)
(c) sprinkler irrigation (স্প্ৰিংকলাৰ জলসিঞ্চন)
(d) furrow irrigation (নলা পদ্ধতি)
উত্তৰ: (a) fertigation
4. ঢাল খোৱা বা অসমান মাটিৰ বাবে উপযোগী জলসিঞ্চন পদ্ধতিটো হ’ল __________
(a) flood irrigation (প্লাৱন জলসিঞ্চন)
(b) furrow irrigation (নলা জলসিঞ্চন)
(c) sprinkler irrigation (স্প্ৰিংকলাৰ জলসিঞ্চন)
(d) basin irrigation (বেচিন বা অৱবাহিকা জলসিঞ্চন)
উত্তৰ: (c) sprinkler irrigation
5. টোপাল জলসিঞ্চনে কিহত সহায় কৰে _________
(a) saving water (পানী সংৰক্ষণত)
(b) increasing yield (উৎপাদন বৃদ্ধিত)
(c) increasing quality (গুণগত মান বৃদ্ধিত)
(d) All of the above (ওপৰৰ সকলোবোৰ)
উত্তৰ: (d) All of the above
Leave a Reply