Class_12_Beauty Therapist/Unit_3//Session_1

ক. বহুবিকল্পী প্ৰশ্ন (Multiple Choice Questions)

১. তলৰ কোনটো বিউটি পাৰ্লাৰত এগৰাকী ৰিচেপচনিষ্টৰ দায়িত্ব নহয়?

(ক) গ্ৰাহকক আদৰণি জনোৱা

(খ) বিউটি ট্ৰিটমেণ্ট (সৌন্দৰ্য চিকিৎসা) কৰা

(গ) এপইণ্টমেণ্ট নিৰ্ধাৰণ কৰা

(ঘ) ধন পৰিশোধ বা লেনদেন পৰিচালনা কৰা

উত্তৰ: (খ) বিউটি ট্ৰিটমেণ্ট (সৌন্দৰ্য চিকিৎসা) কৰা

২. এপইণ্টমেণ্ট বুক কৰাৰ সময়ত ৰিচেপচনিষ্টে গ্ৰাহকৰ পৰা কি তথ্য সংগ্ৰহ কৰাটো অতি প্ৰয়োজনীয়?

(ক) গ্ৰাহকৰ ছ’চিয়েল মিডিয়া একাউণ্ট

(খ) সংগীতৰ ক্ষেত্ৰত গ্ৰাহকৰ ব্যক্তিগত পছন্দ

(গ) গ্ৰাহকৰ নাম, যোগাযোগৰ তথ্য আৰু প্ৰয়োজনীয় সেৱা

(ঘ) গ্ৰাহকৰ প্ৰিয় সৌন্দৰ্য সামগ্ৰী

উত্তৰ: (গ) গ্ৰাহকৰ নাম, যোগাযোগৰ তথ্য আৰু প্ৰয়োজনীয় সেৱা

৩. বিউটি পাৰ্লাৰৰ ৰিচেপচন স্থান পৰিষ্কাৰ আৰু সুশৃংখল কৰি ৰখাৰ মূল উদ্দেশ্য কি?

(ক) কৰ্মচাৰীসকলক প্ৰভাৱিত কৰিবলৈ

(খ) ব্যৱসায়টো ব্যস্ত যেন দেখুৱাবলৈ

(গ) গ্ৰাহকৰ বাবে এক আদৰণীয় পৰিৱেশ সৃষ্টি কৰিবলৈ

(ঘ) প্ৰসাধন সামগ্ৰী মজুত কৰি ৰাখিবলৈ

উত্তৰ: (গ) গ্ৰাহকৰ বাবে এক আদৰণীয় পৰিৱেশ সৃষ্টি কৰিবলৈ

৪. যদি সেৱা পলম হোৱাৰ বাবে কোনো গ্ৰাহক অসন্তুষ্ট হৈ অভিযোগ কৰে, তেন্তে ৰিচেপচনিষ্টে কি কৰা উচিত?

(ক) অভিযোগটো আওকাণ কৰা

(খ) ক্ষমা বিচাৰি সমাধানৰ ব্যৱস্থা কৰা

(গ) সেৱা প্ৰদানকাৰীক দোষাৰোপ কৰা

(ঘ) গ্ৰাহকক আৰু অধিক সময় অপেক্ষা কৰিবলৈ কোৱা

উত্তৰ: (খ) ক্ষমা বিচাৰি সমাধানৰ ব্যৱস্থা কৰা

৫. ৰিচেপচনিষ্ট হিচাপে গ্ৰাহকৰ সৈতে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত তলৰ কোনটো এক প্ৰধান নিৰ্দেশনা?

(ক) কেৱল সুধিলেহে কথা কোৱা

(খ) গ্ৰাহকৰ তথ্য আনৰ আগত প্ৰকাশ কৰা

(গ) গ্ৰাহকক সম্ভাষণ জনোৱা আৰু বিনম্ৰভাৱে বহিবলৈ অনুৰোধ কৰা

(ঘ) গ্ৰাহকৰ বিশেষ অনুৰোধ আওকাণ কৰা

উত্তৰ: (গ) গ্ৰাহকক সম্ভাষণ জনোৱা আৰু বিনম্ৰভাৱে বহিবলৈ অনুৰোধ কৰা

খ. খালী ঠাই পূৰণ কৰা (Fill in the Blanks)

১. সৌন্দৰ্য চিকিৎসাত গ্ৰাহকৰ যত্নই গ্ৰাহকৰ স্বাস্থ্য, নিৰাপত্তা আৰু সন্তুষ্টি সুনিশ্চিত কৰে।

২. চেলুন ৰিচেপচনিষ্টৰ মূল কাম হ’ল ফোন কল গ্ৰহণ কৰা আৰু এপইণ্টমেণ্ট বুক কৰা।

৩. গ্ৰাহকৰ সৈতে কথা পতাৰ সময়ত ৰিচেপচনিষ্টে সদায় বিনম্ৰভাৱে আৰু বন্ধুত্বপূৰ্ণভাৱে কথা ক’ব লাগে।

৪. ব্যক্তিগত পৰিপাটীয়ে অতিথিৰ মনত এক ইতিবাচক প্ৰথম ধাৰণা গঢ়াত সহায় কৰে।

৫. কাৰিকৰী বিজুতিৰ সময়ত চেলুনসমূহে এপইণ্টমেণ্টৰ এক হাৰ্ড-কপি বা বহী (ৰেজিষ্টাৰ) ৰখাটো পছন্দ কৰে।

গ. শুদ্ধ নে অশুদ্ধ (True or False)

১. সৌন্দৰ্য চিকিৎসাত গ্ৰাহকৰ যত্নই কেৱল সেৱা প্ৰদান কৰাৰ ওপৰত গুৰুত্ব দিয়ে, যোগাযোগ বা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত নহয়।

উত্তৰ: অশুদ্ধ

২. এগৰাকী ৰিচেপচনিষ্টে কৰ্মচাৰীসকলৰ সৈতে সমন্বয় ৰাখিব লাগিব আৰু চেলুনখন সুচাৰুৰূপে চলোৱাটো নিশ্চিত কৰিব লাগিব।

উত্তৰ: শুদ্ধ

৩. পেছাদাৰী চেলুন ৰূপৰ বাবে প্ৰখৰ সুগন্ধি আৰু গধূৰ অলংকাৰ ব্যৱহাৰ কৰাটো বাঞ্ছনীয়।

উত্তৰ: অশুদ্ধ

৪. ৰিচেপচনিষ্টসকলে গোপনীয়তা বজাই ৰাখিব লাগে আৰু কোনো অননুমোদিত ব্যক্তিক গ্ৰাহকৰ তথ্য প্ৰকাশ কৰিব নালাগে।

উত্তৰ: শুদ্ধ

৫. চেলুন ব্যস্ত থাকিলে ৰিচেপচনিষ্টে গ্ৰাহকৰ অভিযোগ আওকাণ কৰাটো গ্ৰহণযোগ্য।

উত্তৰ: অশুদ্ধ

ঘ. প্ৰশ্নোত্তৰ (Subjective Questions)

১. সৌন্দৰ্য চিকিৎসাৰ পৰিৱেশত ফলপ্ৰসূ যোগাযোগৰ গুৰুত্ব বৰ্ণনা কৰক। ই গ্ৰাহকৰ সন্তুষ্টি আৰু পুনৰ আগমনত কেনেদৰে প্ৰভাৱ পেলায়?

উত্তৰ:ফলপ্ৰসূ আৰু স্পষ্ট যোগাযোগে গ্ৰাহকৰ প্ৰকৃত প্ৰয়োজন, ছালৰ ধৰণ আৰু তেওঁলোকৰ আশা-আকাংক্ষা সঠিকভাৱে বুজাত সহায় কৰে। ই সেৱাৰ সময়ত হ’ব পৰা ভুল বুজাবুজি নাইকিয়া কৰে আৰু গ্ৰাহকৰ মনত আস্থা বৃদ্ধি কৰে। যেতিয়া গ্ৰাহকে নিজক গুৰুত্বপূৰ্ণ বুলি অনুভৱ কৰে, তেতিয়া তেওঁলোক সন্তুষ্ট হয় আৰু সেই পাৰ্লাৰখনলৈকে বাৰে বাৰে সেৱা ল’বলৈ উভতি আহে।

২. বিউটি পাৰ্লাৰত এক ইতিবাচক প্ৰথম ধাৰণা সৃষ্টি কৰিবলৈ ৰিচেপচনিষ্টে কি কি ব্যক্তিগত পৰিপাটী (Personal Grooming) মানি চলা উচিত?

উত্তৰ:চুলি সদায় পৰিষ্কাৰ আৰু সুন্দৰকৈ বান্ধি ৰখা। হাতৰ নখ, ছাল আৰু দাঁত পৰিষ্কাৰ কৰি ৰখা। স্বাভাৱিক বা সাধাৰণ মেক-আপ ব্যৱহাৰ কৰা। শৰীৰৰ দুৰ্গন্ধ ৰোধ কৰিবলৈ মৃদু সুগন্ধি ব্যৱহাৰ কৰা। অতিৰিক্ত গহনা পৰিহাৰ কৰা আৰু পৰিষ্কাৰ পোছাক তথা জোতা-চেণ্ডেল পৰিধান কৰা।

৩. এপইণ্টমেণ্ট বুক কৰাৰ সময়ত ৰিচেপচনিষ্টে ল’বলগীয়া পদক্ষেপসমূহ ব্যাখ্যা কৰক। প্ৰতিটো পদক্ষেপ কিয় গুৰুত্বপূৰ্ণ?

উত্তৰ: ১ম পদক্ষেপ: গ্ৰাহকৰ নাম, যোগাযোগ নম্বৰ, প্ৰয়োজনীয় সেৱা, দিন আৰু সময় সঠিকভাৱে সংগ্ৰহ কৰা — যাতে সেৱা প্ৰদানত কোনো ভুল বা খেলি-মেলি নহয়।

২য় পদক্ষেপ: এই তথ্যসমূহ বহী বা কম্পিউটাৰত তৎকালীনভাৱে আৰু নিখুঁতভাৱে লিপিবদ্ধ কৰা — যাতে কোনো তথ্য হেৰাই নাযায়।

৩য় পদক্ষেপ: সেৱাৰ বাবে লগা আনুমানিক সময় জুখি এপইণ্টমেণ্ট নিৰ্ধাৰণ কৰা — যাতে এজন গ্ৰাহকৰ সময়ৰ লগত আনজনৰ ভিৰ বা সংঘাত নহয়।

৪ৰ্থ পদক্ষেপ: বিচৰা সময়ৰ স্লট খালী নাথাকিলে বিনম্ৰভাৱে বুজাই অন্য বিকল্প সময় আগবঢ়োৱা — যাতে গ্ৰাহকৰ মনত অসন্তুষ্টিৰ সৃষ্টি নহয়।

৪. আপুনি এটা এপইণ্টমেণ্ট কেনেদৰে নিৰ্ধাৰণ কৰিব?

উত্তৰ:প্ৰথমে গ্ৰাহকৰ নাম, ফোন নম্বৰ আৰু তেওঁ কি সেৱা ল’ব বিচাৰে সেয়া জানিব লাগিব। তাৰ পিছত নিৰ্দিষ্ট দিনটোত বিউটিচিয়ানৰ সময় খালী আছে নে নাই সেয়া বহী বা ছফ্টৱেৰত পৰীক্ষা কৰিব লাগিব। সময় খালী থাকিলে সেই অনুসৰি বুকিং কৰি গ্ৰাহকক সময়টো নিশ্চিত কৰিব লাগিব, আৰু খালী নাথাকিলে ওচৰৰ সুবিধাজনক অন্য সময়ৰ বিকল্প আগবঢ়াব লাগিব।

৫. চেলুন ৰিচেপচনিষ্টৰ দায়িত্বৰ প্ৰধান দিশসমূহ উল্লেখ কৰক।

উত্তৰ:গ্ৰাহকক আদৰণি জনোৱা। এপইণ্টমেণ্ট নিৰ্ধাৰণ আৰু বুকিং পৰিচালনা কৰা। ফোন কল, ইমেইল আৰু সোধা-পোছাৰ সঠিক উত্তৰ দিয়া। বিলিং আৰু ধন সংগ্ৰহ পৰিচালনা কৰা। গ্ৰাহকৰ তথ্য আৰু ৰেকৰ্ড সংৰক্ষণ কৰা। প্ৰসাধন সামগ্ৰীৰ যোগান আৰু সজ্জা চোৱাচিতা কৰা। কৰ্মচাৰীসকলৰ সৈতে সমন্বয় ৰক্ষা কৰা আৰু ৰিচেপচন স্থান পৰিষ্কাৰ ৰখা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top