Class_11_Beauty Therapist/Unit_1//Session_1

A. বহু বিকল্পভিত্তিক প্ৰশ্ন (Multiple Choice Questions)

১. সৌন্দৰ্য্য সামগ্ৰী, প্ৰসাধন আৰু প্ৰসাধন সামগ্ৰীৰ কাউণ্টাৰ বিক্ৰী যিয়ে গ্ৰাহকৰ বয়সজনিত স্বাস্থ্য আৰু চেহেৰাৰ সমস্যা সমাধান কৰে, তাক কি বোলা হয়?

(ক) ফিটনেছ আৰু শ্লিমিং (Fitness and slimming)

(খ) বিকল্প চিকিৎসা কেন্দ্ৰ (Alternate therapy centres)

(গ) সজীৱতা বা নবযৌৱন কেন্দ্ৰ (Rejuvenation centres)

(ঘ) প্ৰডাক্ট এণ্ড কাউণ্টাৰ চেলছ (Product and counter sales)

উত্তৰ: (ঘ) প্ৰডাক্ট এণ্ড কাউণ্টাৰ চেলছ (Product and counter sales)

২. মূল স্পা উদ্যোগৰ সেৱাসমূহ, যেনে স্পা পৰিচালনা, স্পা শিক্ষা, স্পা সামগ্ৰী আৰু অনুষ্ঠানসমূহ তলৰ কোনটোৰ অন্তৰ্ভুক্ত?

(ক) ফিটনেছ আৰু শ্লিমিং (Fitness and slimming)

(খ) বিকল্প চিকিৎসা কেন্দ্ৰ (Alternative therapy centres)

(গ) সজীৱতা কেন্দ্ৰ (Rejuvenation centres)

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰ: (গ) সজীৱতা কেন্দ্ৰ (Rejuvenation centres)

৩. ইউনিচেক্স চেলুনে কাক সৌন্দৰ্য্য আৰু সুস্থতাৰ (Beauty and Wellness) সেৱা আগবঢ়ায়?

(ক) পুৰুষক

(খ) মহিলাক

(গ) (ক) আৰু (খ) দুয়োকে

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰ: (গ) (ক) আৰু (খ) দুয়োকে

B. খালী ঠাই পূৰণ কৰক (Fill in the Blanks)

১. এজন বিউটি থেৰাপিষ্টে / বিউটি চেলুনে গ্ৰাহকৰ বাহ্যিক ৰূপ উন্নত কৰিবলৈ ছাল, চুলি, নখৰ যত্ন আৰু অন্যান্য থেৰাপী প্ৰদান কৰে।

২. ফিটনেছ আৰু শ্লিমিং (Slimming)কেন্দ্ৰসমূহে শাৰীৰিক ব্যায়াম, যোগাসন, এৰোবিক্স আদি মন আৰু শৰীৰ সুস্থ ৰখাৰ সেৱা প্ৰদান কৰে।

৩. এজন বিউটি থেৰাপিষ্টৰ কামৰ ভিতৰত সঠিক মেক-আপ (Make-up) কৰা, ছালৰ যত্ন লোৱা আৰু চুলি সজোৱা অন্তৰ্ভুক্ত।

৪. গ্ৰাহকসকলে সাধাৰণতে সৌন্দৰ্য্য চিকিৎসা আৰু থেৰাপী (Therapies) গ্ৰহণ কৰিবলৈ চেলুনলৈ যায়।

C. চমু প্ৰশ্নোত্তৰ (Short Questions & Answers)

প্ৰশ্ন ১: এজন বিউটি থেৰাপিষ্টৰ (Beauty Therapist) মূল দায়িত্ব কি কি?

উত্তৰ: এজন বিউটি থেৰাপিষ্টে গ্ৰাহকৰ সামগ্ৰিক বাহ্যিক ৰূপ উন্নত কৰাৰ বাবে বিভিন্ন সৌন্দৰ্য্যবৰ্ধক চিকিৎসা আগবঢ়ায়। ইয়াৰ ভিতৰত উপযুক্ত সাজ-পোছাকৰ পৰামৰ্শ, সঠিক মেক-আপ, ছালৰ যত্ন, চুলিৰ ষ্টাইল, মেনিকিউৰ, পেডিকিউৰ আৰু মালিচ আদি সেৱা অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও তেওঁলোকে গ্ৰাহকক স্বাস্থ্যসন্মত জীৱনশৈলী আৰু সুষম আহাৰৰ পৰামৰ্শও দিয়ে।

প্ৰশ্ন ২: ভাৰতত সৌন্দৰ্য্য আৰু সুস্থতা উদ্যোগ (Beauty and Wellness Industry) বৃদ্ধি পোৱাৰ মূল কাৰণসমূহ কি?

উত্তৰ:১. উপভোক্তাসকলে আগতকৈ অধিক সৌন্দৰ্য্য সামগ্ৰী ক্ৰয় কৰিবলৈ লৈছে।

২. নগৰীকৰণৰ বাবে চহৰত বসবাস কৰা লোকসকলে সৌন্দৰ্য্য সেৱাত অধিক ধন ব্যয় কৰিবলৈ আৰম্ভ কৰিছে।

৩. বিভিন্ন মাধ্যমৰ বিজ্ঞাপনৰ ফলত যুৱ প্ৰজন্মই নিজকে উপস্থাপনযোগ্য আৰু ধুনীয়া কৰি ৰাখিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।

৪. চিৰতৰুণ বা সজীৱ ছাল লাভৰ বাবে এণ্টি-এজিং আৰু কছমেটিক চিকিৎসাৰ প্ৰতি মানুহৰ আকৰ্ষণ বাঢ়িছে।

প্ৰশ্ন ৩: সৌন্দৰ্য্য আৰু সুস্থতা খণ্ডৰ যিকোনো দুটা উপ-খণ্ড (Sub-segments) চমুকৈ বুজাই লিখক।

উত্তৰ: বিউটি চেলুন (Beauty Centres or Salons): এইবোৰ এনেধৰণৰ কেন্দ্ৰ য’ত গ্ৰাহকৰ প্ৰয়োজন অনুসৰি ছাল, চুলি, নখৰ যতন আৰু অন্যান্য আনুসংগিক থেৰাপী প্ৰদান কৰি মানুহৰ সামগ্ৰিক চেহেৰা উন্নত কৰা হয়।

হেয়াৰ চেলুন (Hair Salons): এইবোৰ বিশেষ চেলুন, য’ত চুলি কটা, হেয়াৰ ষ্টাইলিং, চেম্পু কৰা, চুলিত ৰং কৰা আৰু মূৰৰ ছালৰ চিকিৎসা (scalp treatment) আদি সেৱা আগবঢ়োৱা হয়।

প্ৰশ্ন ৪: বিকল্প চিকিৎসা কেন্দ্ৰ (Alternative Therapy Centres) বুলিলে কি বুজা?

উত্তৰ: যিবোৰ কেন্দ্ৰত প্ৰাকৃতিক উপায়েৰে নিৰাময় ব্যৱস্থা আগবঢ়োৱা হয়, যিবোৰ সাধাৰণ এলোপেথিক বা ঔষধভিত্তিক চিকিৎসাৰ পৰা পৃথক, সেইবোৰক বিকল্প চিকিৎসা কেন্দ্ৰ বোলা হয়। যেনে— নেচাৰোপেথি (প্ৰাকৃতিক চিকিৎসা), ক্ৰিষ্টেল হিলিং, কাপিং আৰু ভাইব্ৰেচন থেৰাপী আদি।

প্ৰশ্ন ৫: নেইল কেয়াৰ চাৰ্ভিচেচত (Nail Care Services) এজন কৰ্মীৰ কেৰিয়াৰ পথৰ (Career Path) স্তৰসমূহ কি কি?

উত্তৰ: তলৰ পৰা ওপৰলৈ এই কেৰিয়াৰ স্তৰসমূহ এনেধৰণৰ: 

1. সহকাৰী বিউটি থেৰাপিষ্ট / মেনিকিউৰিষ্ট বা পেডিকিউৰিষ্ট / সহকাৰী স্পা থেৰাপিষ্ট

2. নেইল টেকনিচিয়ান

3. ছিনিয়ৰ নেইল টেকনিচিয়ান

4. নেইল ট্ৰেইনাৰ

5. মাষ্টাৰ ট্ৰেইনাৰ / চেণ্টাৰ হেড (চেলুন)

6. বিউটি এণ্ড ৱেলনেচ কোৱালিটি এচিওৰাৰ

7. মুখ্য কাৰ্যবাহী বিষয়া (CEO) অথবা মুখ্য পৰিচালন বিষয়া (COO)

 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top