ক. খালী ঠাই পূৰণ কৰা
১. এপিকেল পেশীৰ (Epicranius muscle) দুটা ভাগ থাকে, সেইকেইটা হ’ল অক্সিপিটালছ (Occipitals) আৰু ফ্ৰণ্টালিছ (Frontalis)।
২. ফ্ৰণ্টালিছৰ (Frontalis) ঐচ্ছিক লৰচৰে চেলাউৰি আৰু মূৰৰ লাওখোলা লৰচৰ কৰাত সহায় কৰে।
৩. তলৰ ওঁঠৰ লৰচৰ মেণ্টালিছ (Mentalis) পেশীৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।
খ. স্তম্ভ মিলোৱা
১. বাক্সিনেটৰ (Buccinator) – (ঘ) গালৰ গঠন বা আকৃতি দিয়ে
২. মেণ্টালিছ (Mentalis) – (ক) থুঁতৰিৰ আগভাগত অৱস্থিত
৩. প্ৰচেৰাছ (Procerus) – (খ) নাকৰ পেশী
৪. মুখৰ পেশী (Mouth muscles) – (ঙ) কোৱাড্ৰেটাছ লেবি ইনফ্ৰিয়ৰিছ (Quadratus labii inferiors)
৫. চুপাইন (Supine) – (গ) মুখখন ওপৰলৈ কৰি চিত হৈ শুই থকা অৱস্থা
গ. বহু বিকল্পভিত্তিক প্ৰশ্ন (MCQ)
১. তলৰ কোনটো ডিঙিৰ পেশী?
(ক) লেটিছিমাছ ডৰ্চি (Latissimus dorsi)
(খ) টেম্প’ৰালিছ (Temporalis)
(গ) কেনিনাছ (Caninus)
(ঘ) চুপাইন (Supine)
উত্তৰ: (ক) লেটিছিমাছ ডৰ্চি (Latissimus dorsi)
২. কাণৰ পিছফালে তলৰ কোনটো পেশী অৱস্থিত?
(ক) অৰিকুলাৰিছ চুপেৰিঅ’ৰ (Auricularis superior)
(খ) অৰিকুলাৰিছ পষ্টিৰিয়ৰ (Auricularis posterior)
(গ) অৰিকুলাৰিছ এণ্টেৰিয়ৰ (Auricularis anterior)
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰ: (খ) অৰিকুলাৰিছ পষ্টিৰিয়ৰ (Auricularis posterior)
পাঠটোৰ অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নোত্তৰ
প্ৰশ্ন: মাংসপেশী কি আৰু ইয়াৰ প্ৰধান কাম কি?
উত্তৰ: মাংসপেশী হৈছে এবিধ কলা, যাৰ সংকোচন আৰু প্ৰসাৰণৰ জৰিয়তে শৰীৰৰ বিভিন্ন অংগ সঞ্চালন হয় আৰু শৰীৰৰ গঠন স্থিৰ হৈ থাকে।
প্ৰশ্ন: মানৱ শৰীৰত থকা তিনি প্ৰকাৰৰ মাংসপেশী কি কি?
উত্তৰ: ১. হৃদপেশী (Cardiac muscles)
২. কংকাল পেশী (Skeletal muscles), আৰু
৩. মসৃণ পেশী (Smooth muscles)।
প্ৰশ্ন: খাদ্য চোবোৱাত সহায় কৰা পেশীটোৰ নাম কি?
উত্তৰ: টেম্প’ৰালিছ আৰু মেষ্টিকেচন (Temporalis and mastication)।
প্ৰশ্ন: হাঁহিলে ওঁঠ ওপৰলৈ তুলি ধৰা পেশীটো কি?
উত্তৰ: জাইগোমেটিকাছ (Zygomaticus)।
প্ৰশ্ন: ফ্লেকশন (Flexion) আৰু এবডাকশন (Abduction) বুলিলে কি বুজায়?
উত্তৰ: ফ্লেকশন: শৰীৰৰ দুটা অংগৰ মাজৰ কোণ বা দূৰত্ব হ্ৰাস কৰা গতি।
এবডাকশন: শৰীৰৰ মধ্য অক্ষৰ পৰা হাত বা ভৰি বাহিৰৰ ফালে বা আঁতৰাই নিয়া গতি।
