Class_11/Unit_3//Session_2

A. Fill in the Blanks (খালী ঠাই পূৰণ কৰা)

১. The tool used for cutting and budding is known as ____________. (কাটিবলৈ আৰু কলম (budding) কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধক ____________ বুলি জনা যায়।)

উত্তৰ: Budding-cum-grafting knife (বাডিং-কাম-গ্ৰাফটিং ছুৰী)

২. ____________ is used for making of cuttings, pruning off pencil thick branches. (কাটিং (কলম) প্ৰস্তুত কৰিবলৈ আৰু পেঞ্চিলৰ দৰে ডাঠ ডালবোৰ কাটিবলৈ ____________ ব্যৱহাৰ কৰা হয়।)

উত্তৰ: Secateurs (চেকাটিয়াৰ বা ডাল কটা কেঁচী)

৩. The tool consisting of two blades with tangs is identified as ____________.(টেং (tangs) থকা দুখন ব্লেডেৰে গঠিত সঁজুলিবিধক ____________ বুলি চিনাক্ত কৰা হয়।)

উত্তৰ: Hedge shear (হেজ শ্বেয়াৰ বা বেৰ কটা ডাঙৰ কেঁচী)

৪. Grass shears are used for ____________ and ____________ of the lawn. (ঘাঁহ কটা কেঁচী (Grass shears) পদূলি বা লনৰ ____________ আৰু ____________ কৰিবলৈ ব্যৱহাৰ কৰা হয়।)

উত্তৰ: Trimming (ট্ৰিমিং/কাটি সমান কৰা) আৰু Side dressing (ছাইড ড্ৰেচিং/কাষবোৰ সজাই তোলা)

B. Multiple Choice Questions (বহুবিকল্পী প্ৰশ্ন)

১. A tool used for making bunds and small plots in a field is called a ____________.(পথাৰত আলি বা বান্ধ দিবলৈ আৰু সৰু সৰু প্লট তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধক কি কোৱা হয়?)

(a) rake (ৰেক)

(b) shovel (বেলচা)

(c) khurpi (খুৰ্পি)

(d) spade (কোৰ)

উত্তৰ: (d) spade (কোৰ)

২. The tool used for collecting weeds and stones is called ____________.(জাৱৰ-জোঁথৰ, অপতৃণ আৰু শিলগুটি আদি বুটলি গোটাবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধক কি কোৱা হয়?)

(a) spade (কোৰ)

(b) rake (ৰেক)

(c) khurpi (খুৰ্পি)

(d) shovel (বেলচা)

উত্তৰ: (b) rake (ৰেক)

৩. Moving heavy things from one place to another is the function of a ____________.(গধুৰ বস্তু এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়াটো কাৰ কাম?)

(a) khurpi (খুৰ্পি)

(b) hand hoe (হস্ত কোৰ)

(c) wheelbarrow (হাতেৰে ঠেলি নিয়া একক চকাৰ ঠেলা গাড়ী)(d) shovel (বেলচা)

উত্তৰ: (c) wheelbarrow (হুইলবেৰ’)

৪. Pruning shoots off trees, which are beyond reach from the ground level is done by a ____________.(মাটিৰ পৰা ঢুকি নোপোৱা ওখ গছৰ ডাল-পাত কাটিবলৈ তলৰ কোনটো ব্যৱহাৰ কৰা হয়?)

(a) pruning saw (ডাল কটা কৰত)

(b) tree pruner (ট্ৰী প্ৰু্ণাৰ/ওখ গছৰ ডাল কটা সঁজুলি)

(c) secateur (চেকাটিয়াৰ)

(d) flower scissor (ফুল কটা কেঁচী)

উত্তৰ: (b) tree pruner (ট্ৰী প্ৰু্ণাৰ)

C. Subjective Questions (বিষয়ভিত্তিক প্ৰশ্ন আৰু উত্তৰ)

১. What precautions should be taken during and after the use of a tool or an equipment?(সঁজুলি ব্যৱহাৰ কৰাৰ সময়ত আৰু ব্যৱহাৰৰ পিছত কি কি সাৱধানতা অৱলম্বন কৰিব লাগে?)

উত্তৰ: সঁজুলিবোৰৰ সঠিক আৰু সুৰক্ষিত ব্যৱহাৰৰ বাবে তলত দিয়া সাৱধানতাসমূহ মানি চলিব লাগে:

1. ব্যৱহাৰ কৰাৰ সময়ত লবলগীয়া সাৱধানতা (During use): সকলো সঁজুলি আৰু সৰঞ্জাম শিশুৰ পৰা সদায় আঁতৰাই (ধুকি নোপোৱা ঠাইত) ৰাখিব লাগে।সঁজুলিবোৰ অতি সাৱধানে ব্যৱহাৰ কৰিব লাগে আৰু সঁজুলিৰ সৈতে অহা নিৰ্দেশাৱলী (manual) সদায় পালন কৰিব লাগে।কীটনাশক, অপতৃণনাশক বা ভেঁকুৰনাশক দৰৱ ছটিয়াই থকাৰ সময়ত মাস্ক, গ্লভছ আদি ব্যৱহাৰ কৰি প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিব লাগে।কিবা আকস্মিক দুৰ্ঘটনা বা আঘাত লাগিলে পলম নকৰি লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে।

2. ব্যৱহাৰ কৰাৰ পিছত লবলগীয়া সাৱধানতা (After use):কাম শেষ হোৱাৰ পিছত প্ৰতিটো সঁজুলি ভালদৰে চাফা কৰাটো অত্যন্ত জৰুৰী।সকলো যন্ত্ৰ-পাতি আৰু সঁজুলি সদায় শুকান ঠাইত (dry place) সংৰক্ষণ কৰিব লাগে।স্প্ৰেয়াৰ (Spray tank) ব্যৱহাৰ কৰাৰ পিছত টেংকটো পৰিষ্কাৰ পানীৰে ধুই পেলাব লাগে আৰু নজেলটো ভালদৰে চাফা কৰিব লাগে।ডাষ্টাৰ (Duster) ব্যৱহাৰৰ পিছত তাৰ হপাৰৰ পৰা ধূলি-বালি গুচাই কাপোৰেৰে মচি থব লাগে।

২. Write down the application and structure of the following:(তলত দিয়াবোৰৰ প্ৰয়োগ/ব্যৱহাৰ আৰু গঠনৰ বিষয়ে লিখা:)

(a) Crow bar (চাঁচোন বা খন্তি/লোৰ মাৰি)

উত্তৰঃ গঠন (Structure): ই এবিধ গধুৰ, পোন আৰু দীঘল লোৰ দণ্ড (bar), যাৰ এটা মূৰ জোঙা বা সামান্য চেপেটা আৰু বেঁকা হয়।

প্ৰয়োগ (Application): মাটিত গাত খান্দিবলৈ, কঠিন মাটি চপৰা ভাঙিবলৈ আৰু গধুৰ বস্তু বা শিল আদি লিভাৰৰ দৰে হেঁচা দি লৰচৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।

(b) Budding-cum-grafting knife (বাডিং-কাম-গ্ৰাফটিং ছুৰী)

উত্তৰঃ গঠন (Structure): ই দুখন ব্লেডযুক্ত এবিধ বিশেষ ছুৰী— এখন বাডিং (কলম) কৰাৰ বাবে আৰু আনখন গ্ৰাফটিং কৰাৰ বাবে। এই ব্লেড দুখন উচ্চ কাৰ্বনযুক্ত তীখাৰে (high carbon steel) তৈয়াৰী আৰু এখন হেণ্ডেল বা নালৰ দুয়োটা মূৰে ফিক্সড হৈ থাকে। ইয়াৰ কাৰ্যক্ষম ব্লেডখনৰ দীঘ প্ৰায় 6.5–7.5 cm আৰু পথালি 1.5 cm হয়।

প্ৰয়োগ (Application): উদ্যান শস্যৰ বংশবিস্তাৰৰ বাবে গছৰ ডালত চকু কলম (budding) আৰু ডাল কলম (grafting) কাৰ্য অতি নিখিপাকৈ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।

(c) Hedge shear (হেজ শ্বেয়াৰ বা বেৰ কটা ডাঙৰ কেঁচী)

উত্তৰঃ গঠন (Structure): ইয়াত টেং (tangs) থকা দুখন দীঘল ব্লেড আৰু ধৰিবলৈ দুডাল দীঘল কাঠ বা প্লাষ্টিকৰ হেণ্ডেল থাকে। ইয়াৰ ব্লেডৰ আকাৰ সাধাৰণতে 15–30 cm পৰ্যন্ত দীঘল আৰু 0.8 cm ডাঠ হয়।

প্ৰয়োগ (Application): বাগিচাৰ সীমাৰ বেৰ বা হেজ (hedge) ধুনীয়াকৈ কাটি এক নিৰ্দিষ্ট আকাৰ দিবলৈ, জোপোহা গছ ছাটিবলৈ আৰু ওখ ঘাঁহ কাটিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।

(d) Secateur (চেকাটিয়াৰ বা ডাল কটা কেঁচী)

  1. উত্তৰঃ গঠন (Structure): ই এবিধ হাতত খাপ খাই পৰা সৰু কেঁচীৰ দৰে সঁজুলি, যিখন স্প্ৰীং আৰু এটা লক চিষ্টেমৰ সৈতে আহে। ইয়াৰ ব্লেডখন অতি চোকা আৰু শক্তিশালী হয়।

প্ৰয়োগ (Application): গছৰ সৰু সৰু ডাল কটা, পেঞ্চিলৰ দৰে ডাঠ ডাল ছাটি (pruning), গছৰ মৰা বা বেমাৰী অংশ আঁতৰাবলৈ, আৰু কলমৰ বাবে ছায়ন (scion stick) কাটিবলৈ ইয়াক বহুলভাৱে ব্যৱহাৰ কৰা হয়।

Note: Scion stick (ছায়ন ষ্টিক) হ’ল (Grafting) কৰিবৰ বাবে বাছি লোৱা উন্নত জাতৰ গছ এডালৰ পোন আৰু সুস্থ ডাল।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *