Class_12/Unit_3

A. খালী ঠাই পূৰণ কৰা (Fill in the Blanks)

1. যিবোৰ উদ্ভিদে এটা ঋতু বা এটা বছৰৰ ভিতৰত নিজৰ জীৱন চক্ৰ সম্পূৰ্ণ কৰে, সেইবোৰক একবৰ্ষজীৱী উদ্ভিদ (Annuals) বুলি কোৱা হয়।

2. খেতিৰ বতৰ অনুসৰি শীতকালৰ (Winter) একবৰ্ষজীৱী উদ্ভিদে কম উষ্ণতা সহ্য কৰিব পাৰে।

3. শীতকালীন একবৰ্ষজীৱী উদ্ভিদসমূহ ছেপ্টেম্বৰ মাহত সিঁচিব পাৰি।

4. গ্ৰীষ্মকালীন (Summer) একবৰ্ষজীৱী উদ্ভিদসমূহে উচ্চ উষ্ণতা আৰু শুকান বতৰ সহ্য কৰিব পাৰে।

5. বৰ্ষাকালীন (Rainy) একবৰ্ষজীৱী উদ্ভিদ ফুলিবলৈ উচ্চ আৰ্দ্ৰতাৰ (High humidity) প্ৰয়োজন হয়।

6. বৰ্ষাকালীন একবৰ্ষজীৱী উদ্ভিদসমূহ জুন মাহত সিঁচিব পাৰি।

7. এখন ফুলনিৰ বেডত (Bed) এটা নিৰ্দিষ্ট আৰ্হিত একবৰ্ষজীৱী উদ্ভিদ ৰোপণ কৰা কাৰ্যক তৃণজাতীয় সীমা বা বৰ্ডাৰ (Herbaceous border) বুলি জনা যায়।

8. শস্যত কৃত্ৰিমভাৱে পানী যোগান ধৰা কাৰ্যক জলসিঞ্চন (Irrigation) বুলি জনা যায়।

9. পুলিবাৰীৰ (Nursery) এটা মাৰাত্মক ৰোগ হ’ল ডেম্পিং অফ বা পুলি পঁচা ৰোগ (Damping off)

10. প্লাগ ট্ৰে’ (Plug trays) সমূহক সাধাৰণতে প্ৰো-ট্ৰে’ (Pro-trays) বুলি জনা যায়।

B. বহুবিকল্পী প্ৰশ্ন (Multiple Choice Questions)

1. এটা একমুখী সীমা বা বৰ্ডাৰৰ (Single-faced border) প্ৰস্থ প্ৰায় কিমান ৰখা হয়?

(a) 2.5 m

(b) 4.5 m

(c) 5.5 m

(d) 6.5 m

উত্তৰ: (a) 2.5 m

2. এটা দুমুখী সীমা বা বৰ্ডাৰৰ (Double-faced border) প্ৰস্থ প্ৰায় কিমান ৰখা হয়?

(a) 2.5 m

(b) 4.5 m

(c) 5.5 m

(d) 6.5 m

উত্তৰ: (b) 4.5 m

3. তলৰ কোনটো শীতকালীন একবৰ্ষজীৱী উদ্ভিদ নহয়?

(a) Candytuft

(b) Pansy

(c) Zinnia

(d) Sweet sultan

উত্তৰ: (c) Zinnia (ই এটা গ্ৰীষ্মকালীন/বৰ্ষাকালীন উদ্ভিদ)

4. ওখ প্ৰকাৰৰ একবৰ্ষজীৱী উদ্ভিদসমূহ সাধাৰণতে কিমান ব্যৱধানত (Spacing) ৰোপণ কৰা হয়?

(a) 20 × 20 cm

(b) 30 × 30 cm

(c) 40 × 40 cm

(d) 60 × 60 cm

উত্তৰ: (d) 60 × 60 cm

5. ডালিয়া (Dahlia) ফুলৰ সংৰক্ষণ উষ্ণতা (Storage temperature) প্ৰায় কিমান?

(a) 0°C

(b) 2°C

(c) 4°C

(d) 46°C

উত্তৰ: (c) 4°C

6. তলৰ কোনটো বৰ্ষাকালীন পত্ৰযুক্ত (Foliage) একবৰ্ষজীৱী উদ্ভিদ?

(a) Gaillardia

(b) Petunia

(c) Larkspur

(d) Kochia

উত্তৰ: (d) Kochia

C. বৰ্ণনাকুল প্ৰশ্ন (Subjective Questions)

1. একবৰ্ষজীৱী উদ্ভিদৰ বিষয়ে আৰু ইয়াৰ গুৰুত্ব লিখা।

উত্তৰ: একবৰ্ষজীৱী উদ্ভিদ হ’ল সেইবোৰ কোমল কাণ্ডযুক্ত উদ্ভিদ যিবোৰে বীজ অংকুৰণ, বৃদ্ধি, ফুল ফুলা, বীজ উৎপাদন আৰু প্ৰাকৃতিক মৃত্যুকে ধৰি সমগ্ৰ জীৱন চক্ৰ এটা ঋতু বা এটা বছৰৰ ভিতৰতে সম্পূৰ্ণ কৰে।

গুৰুত্ব: বাগিচাত ক্ষিপ্ৰতাৰে বা তাৎক্ষণিকভাৱে সৌন্দৰ্যবৰ্ধন (Instant landscaping) কৰিবলৈ ব্যৱহাৰ কৰা হয়।ইয়াক বেড, বৰ্ডাৰ, ওলমি থকা বাস্কেট আৰু টাবত একক বা দলবদ্ধভাৱে ৰুব পাৰি।কটা ফুল (Cut flowers), খালী ফুল (Loose flowers) আৰু শুকান ফুলৰ (Dry flowers) ব্যৱসায়িক উৎপাদনৰ বাবে ই অতি গুৰুত্বপূৰ্ণ।

2. একবৰ্ষজীৱী উদ্ভিদৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰ: প্ৰধান বৈশিষ্ট্যসমূহ হ’ল:এইবোৰ মন কাৰ্পিক (Monocarpic), অৰ্থাৎ জীৱনত মাত্ৰ এবাৰহে ফুল আৰু বীজ উৎপাদন কৰে।প্ৰতিটো বতৰতে নতুনকৈ বীজ সিঁচিব বা পুলি ৰোপণ কৰিব লাগে।এইবোৰ সাধাৰণতে কোমল কাণ্ডযুক্ত (Herbaceous) বা অৰ্ধ-শক্তিশালী প্ৰকৃতিৰ হয়।এই উদ্ভিদবোৰৰ ফুল ফুলাৰ সময় বেছি আৰু কম সময়ৰ ভিতৰতে বাগিচাক আকৰ্ষণীয় ৰূপ দিব পাৰে।

3. তৃণজাতীয় সীমা বা বৰ্ডাৰ (Herbaceous border) কি, বৰ্ণনা কৰা।

উত্তৰ: বাগিচাৰ বেড বা সীমা যেনে দেৱাল, বেৰ, জোপোহা উদ্ভিদ বা পথৰ কাষে কাষে একবৰ্ষজীৱী উদ্ভিদসমূহক এটা নিৰ্দিষ্ট আৰ্হিত শাৰীবদ্ধভাৱে ৰোপণ কৰা কাৰ্যক তৃণজাতীয় সীমা বা বৰ্ডাৰ বোলা হয়। ই একমুখী (Single-faced) বা দুমুখী (Double-faced) হ’ব পাৰে। ইয়াত সাধাৰণতে ওখ উদ্ভিদবোৰ পিছফালে, মজলীয়া উদ্ভিদবোৰ মাজত আৰু চাপৰ উদ্ভিদবোৰ একেবাৰে সন্মুখৰ ফালে ৰোপণ কৰা হয় যাতে সকলোবোৰ সমানে দৃশ্যমান হয়।

4. একবৰ্ষজীৱী উদ্ভিদৰ পুলি উৎপাদনৰ বাবে বীজতলি (Seedbed) কেনেকৈ প্ৰস্তুত কৰা হয়?

উত্তৰ:প্ৰথমতে, পানী ওলাই যোৱাৰ সু-ব্যৱস্থা থকা পলসুৱা বালিচহীয়া মাটি (pH 6.0 ৰ পৰা 7.5) বাছি লৈ দকৈ চহাই মিহি কৰি লব লাগে।মাটিৰ পৰা জাৰ-জবৰ, শিল, বন-বাত আদি আঁতৰাই পেলাব লাগে।পুলি পঁচা বা ডেম্পিং অফ ৰোগ প্ৰতিৰোধ কৰিবলৈ ২% ফৰ্মালিন দ্ৰৱণেৰে মাটিখিনি তিয়াই ৪৮ ঘণ্টা পলিথিনেৰে ঢাকি থৈ মাটি শোধন (Sterilisation) কৰিব লাগে।ইয়াৰ পিছত মাটিখিনি ১ সপ্তাহ মুকলিকৈ থৈ ১৫-২০ ছেমি ওখ আৰু ১.৫ মিটাৰ বহল বীজতলি প্ৰস্তুত কৰা হয়।

5. একবৰ্ষজীৱী উদ্ভিদৰ বীজ কেনেকৈ সিঁচা হয়?

উত্তৰ: বীজতলীত ৫-১০ ছেমি ব্যৱধানত শাৰী তৈয়াৰ কৰি ০.৫ ৰ পৰা ১.০ ছেমি গভীৰতাত বীজবোৰ সিঁচা হয়। অতি সৰু বীজবোৰ সমানে বিতৰণ হ’বলৈ বালি বা ছাইৰ লগত মিহলাই ল’ব লাগে। বীজ সিঁচাৰ পিছত মিহি মাটি, বালি আৰু পচা গোবৰৰ ২:১:১ অনুপাতৰ মিশ্ৰণেৰে ঢাকি দিব লাগে। বীজতলিখনত ভেঁকুৰনাশক (০.২৫% Captan) স্প্ৰে’ কৰি পলিথিন বা খেৰেৰে ঢাকি দিব লাগে আৰু পুলি ওলোৱাৰ লগে লগে ঢাকোনখন আঁতৰাই দিব লাগে।

6. একবৰ্ষজীৱী উদ্ভিদৰ পুলি স্থানান্তৰ বা ৰোপণ (Transplanting) কৰাৰ পদ্ধতিটো লিখা।

উত্তৰ:যেতিয়া পুলিবোৰৰ বয়স প্ৰায় ৪ সপ্তাহ হয় বা ৩-৪ টা প্ৰকৃত পাত ওলায়, তেতিয়া সিহঁত ৰোপণৰ উপযোগী হয়।ৰোপণ কৰাৰ ২৪-৪৮ ঘণ্টা আগতে বীজতলীত পানী দি পিছত পানী দিয়া বন্ধ কৰিব লাগে যাতে পুলিবোৰ টান (Harden) হয়।পুলিবোৰ সদায় গধূলি সময়ত সাৱধানে মাটিসহ খান্দি উঠাব লাগে (টানি উভালিব নালাগে) আৰু নিৰ্দিষ্ট দূৰত্বত (ওখ: 60×60 cm, মজলীয়া: 45×45 cm, চাপৰ: 30×30 cm) ৰুব লাগে। ৰোপণৰ পিছতে পাতলীয়াকৈ পানী দিব লাগে।

7. একবৰ্ষজীৱী উদ্ভিদৰ জলসিঞ্চনৰ সাধাৰণ নিয়মসমূহ কি কি?

উত্তৰ: সাধাৰণ নিয়মসমূহ হ’ল:উদ্ভিদৰ দেহত পানীৰ নাটনিৰ লক্ষণ দেখা দিয়াৰ আগতেই জলসিঞ্চন কৰিব লাগে।দিনটোৰ শীতল সময়ত (যেনে ৰাতিপুৱা বা গধূলি) পানী দিব লাগে।পানী সদায় মাটিৰ উপৰিভাগত দিব লাগে, উদ্ভিদৰ গাত বা পাতত নহয়; ই ৰোগৰ সংক্ৰমণ হ্ৰাস কৰে।বতৰ আৰু ঋতুৰ প্ৰয়োজনীয়তা অনুসৰিহে পানী দিব লাগে। অতিমাত্ৰা জলসিঞ্চন (Over-irrigation) কেতিয়াও কৰিব নালাগে।

8. একবৰ্ষজীৱী উদ্ভিদৰ শ্ৰেণীবিভাজনৰ বিষয়ে আলোচনা কৰা।

উত্তৰ: একবৰ্ষজীৱী উদ্ভিদক ঘাইকৈ দুটা ভাগত ভগাব পাৰি:

(ক) বতৰ বা ঋতু অনুসৰি:শীতকালীন: কম উষ্ণতা ভাল পোৱা উদ্ভিদ (যেনে- Petunia, Pansy)।

গ্ৰীষ্মকালীন: উচ্চ উষ্ণতা সহ্য কৰিব পৰা উদ্ভিদ (যেনে- Zinnia, Kochia)।বৰ্ষাকালীন: অধিক বৰষুণ আৰু আৰ্দ্ৰতা ভাল পোৱা উদ্ভিদ (যেনে- Balsam, Celosia)।

(খ) উদ্দেশ্য বা স্থান অনুসৰি: ইয়াক ৰকাৰী (Rockery), ওলমি থকা বাস্কেট, কটা ফুল (Cut flower), খালী ফুল (Loose flower), সুগন্ধি ফুল আৰু ছাঁ পৰা ঠাইত হোৱা উদ্ভিদ হিচাপে শ্ৰেণীভুক্ত কৰা হয়।

9. একবৰ্ষজীৱী উদ্ভিদৰ চপোৱা (Harvesting) আৰু চপোৱাৰ পিছৰ পৰিচৰ্যা (Post-harvest handling) সম্পূৰ্ণকৈ লিখা।

উত্তৰ:চপোৱা: ফুলবোৰ সদায় উপযুক্ত পৰিপক্ক অৱস্থাত, ৰাতিপুৱা সোনকালে বা গধূলি পলমকৈ ধাৰ থকা কটা সঁজুলিৰে কাটিব লাগে। অপৰিপক্ক অৱস্থাত কাটিলে ফুল সম্পূৰ্ণৰূপে নু ফুলে।

চপোৱাৰ পিছৰ পৰিচৰ্যা: কাটি অনাৰ লগে লগে ফুলৰ ডাঠ অংশখিনি ১/৪ অংশ ডিমিনাৰেলাইজড পানী (Demineralised water) থকা বাল্টিত ডুবাই ৰাখিব লাগে যাতে কটাৰ বাবে হোৱা আঘাটৰ পৰা উদ্ভিদে সোনকালে সকাহ পায়। ইয়াত এলুমিনিয়াম ছালফেটৰ দৰে বিশেষ সলিউচন ব্যৱহাৰ কৰা হয়। বীজাণু সংক্ৰমণ ৰোধ কৰিবলৈ পৰিষ্কাৰ পাত্ৰ ব্যৱহাৰ কৰিব লাগে আৰু অতিৰিক্ত ফুলবোৰ নিৰ্দিষ্ট শীতল ভঁৰালত (Cold storage) সংৰক্ষণ কৰিব লাগে।

10. তলত উল্লেখ কৰা স্থান/উদ্দেশ্যৰ বাবে উপযোগী দুটাকৈ একবৰ্ষজীৱী উদ্ভিদৰ উদাহৰণ দিয়া:

(a) ওলমি থকা বাস্কেট (Hanging basket): Petunia, Impatiens

(b) সীমা বা বৰ্ডাৰ উদ্ভিদ (Edge plants): Alyssum, Pansy

(c) টাবৰ উদ্ভিদ (Pot plants): Antirrhinum, Carnation

(d) কটা ফুল (Cut flowers): Carnation, China aster

 

Leave a Reply

Your email address will not be published. Required fields are marked *