Class_12/Unit_5

A. খালী ঠাই পূৰণ কৰা (Fill in the Blanks)

1. ফুলবোৰ প্ৰকৃতিগতভাৱে অতি সোনকালে নষ্ট হোৱা (perishable) বস্তু

2. ভাৰতত ফুল চপোৱাৰ পিছত হোৱা লোকচানৰ পৰিমাণ ২৫–৪০% (25–40%)

3. দিনটোৰ শীতল বা ঠাণ্ডা সময়ত (cool hours – পুৱা বা গধূলি) ফুল চপাব লাগে।

4. ফুলবোৰ বীজাণুনাশক আৰু অম্লকাৰক মিহলোৱা খনিজ মুক্ত পানী (demineralised water) ত থৈ কঠিন বা মজবুত (Hardening/Conditioning) কৰা হয়।

5. প্ৰি-কুলিং (Pre-cooling) ব্যৱস্থাই ফুলৰ শ্বসন (respiration) আৰু প্ৰস্বেদনৰ (transpiration) হাৰ হ্ৰাস কৰে।

6. পোহৰৰ উপস্থিতিত কাটি অনা ফুলবোৰক কম সময়ৰ বাবে উচ্চ গাঢ়তাৰ মিশ্ৰণ দিয়া প্ৰক্ৰিয়াটোক পালচিং (Pulsing) বোলা হয়।

7. পালচিং দ্ৰৱৰ মূল উপাদান হ’ল চেনি (Sugar / Sucrose)।

8. নিৰ্দিষ্ট আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি ফুলসমূহক বিভিন্ন ভাগত শ্ৰেণীভুক্ত কৰা প্ৰক্ৰিয়াটোক গ্ৰেডিং (Grading) বোলা হয়, যাৰ ওপৰত ভিত্তি কৰি ইয়াৰ মূল্য নিৰ্ধাৰণ কৰা হয়।

9. সূতাৰ সহায়ত ফুলবোৰ শৈল্পিকভাৱে গাঁথি তৈয়াৰ কৰা বস্তুক মালা (Garlands) বোলা হয়।

10. গোলাপৰ পাহিবোৰৰ পৰা প্ৰস্তুত কৰা এটা বিশেষ সামগ্ৰী হ’ল গুলকন্দ (Gulkand) ।

B. বহু বিকল্পভিত্তিক প্ৰশ্নোত্তৰ (Multiple Choice Questions)

১. মেল খোৱা গোলাপ (Loose rose) চপোৱাৰ উপযুক্ত সময় হ’ল—

(a) টাইট বাড বা টান কলি অৱস্থাত (Tight bud)

(b) সামান্য মেল খোৱা অৱস্থাত (Slightly loose)

(c) আধফুলা অৱস্থাত (Half open)

(d) সম্পূৰ্ণ ফুলি উঠা অৱস্থাত (Fully open)

উত্তৰ: (d) Fully open (সম্পূৰ্ণ ফুলি উঠা অৱস্থাত)

২. মেৰিগোল্ড (নৰ্জী ফুল) চপোৱাৰ সঠিক সময় হ’ল—

(a) সামান্য মেল খোৱা অৱস্থাত (Slightly loose)

(b) সম্পূৰ্ণ ফুলি উঠা অৱস্থাত (Fully open)

(c) আধফুলা অৱস্থাত (Half open)

(d) টাইট বাড বা টান কলি অৱস্থাত (Tight bud)

উত্তৰ: (b) fully open (সম্পূৰ্ণ ফুলি উঠা অৱস্থাত)

৩. তলৰ কোনটো ফুল শীতল আঘাটৰ (Chilling injury) প্ৰতি কম সংবেদনশীল?

(a) গোলাপ (Rose)

(b) জেচমিন বা চামেলি (Jasmine)

(c) গেইলাৰ্ডিয়া (Gaillardia)

(d) মেৰিগোল্ড বা নৰ্জী ফুল (Marigold)

উত্তৰ: (a) Rose (গোলাপ)

৪. কণ্ডিচনিং দ্ৰৱৰ (Conditioning solution) pH মান কিমান থাকে?

(a) ১.৫ ৰ পৰা ৩.০ (1.5 to 3.0)

(b) ৩.৫ ৰ পৰা ৪.৫ (3.5 to 4.5)

(c) ৫.৫ ৰ পৰা ৬.৫ (5.5 to 6.5)

(d) ৬.৫ ৰ পৰা ৭.৫ (6.5 to 7.5)

উত্তৰ: (b) 3.5 to 4.5

৫. ফুলসমূহ দীৰ্ঘ সময়ৰ বাবে কোনটো দ্ৰৱত ৰখা হয়?

(a) কণ্ডিচনিং (Conditioning)

(b) বাড ওপেনিং (Bud opening)

(c) পালচিং (Pulsing)

(d) ভেচ ছলিউচন বা ফুলদানিৰ দ্ৰৱ (Vase solution)

উত্তৰ: (d) Vase solution (ভেচ ছলিউচন)

৬. ppm-ৰ সম্পূৰ্ণ ৰূপটো কি?

(a) parts per milligram

(b) parts per milliliter

(c) parts per million

(d) pulse per million

উত্তৰ: (c) parts per million

C. চমু আৰু বহল প্ৰশ্নোত্তৰ (Subjective Questions)

১. ফুলৰ চপোৱাৰ পিছৰ ব্যৱস্থাপনা (Post Harvest Management) সম্পৰ্কে লিখা।

উত্তৰ: ফুল চপোৱাৰ পিছৰ পৰা গ্ৰাহকৰ হাত পোৱালৈকে ফুলৰ সতেজতা, মান আৰু ফুলদানিৰ আয়ুস (Vase life) বজাই ৰাখিবলৈ গ্ৰহণ কৰা সমগ্ৰ বৈজ্ঞানিক প্ৰক্ৰিয়াকে চপোৱাৰ পিছৰ ব্যৱস্থাপনা বোলে। ইয়াত সঠিক সময়ত ফুল কটা, কণ্ডিচনিং, প্ৰি-কুলিং, পালচিং, গ্ৰেডিং, পেকেজিং আৰু উপযুক্ত সংৰক্ষণ আদি অন্তৰ্ভুক্ত।

২. ফুলৰ প্ৰি-কুলিং (Pre-cooling) কি?

উত্তৰ: ফুল চপোৱাৰ ঠিক পিছতেই পথাৰৰ উত্তাপ (field heat) নাইকিয়া কৰিবলৈ ফুলবোৰক শীতল কৰা প্ৰক্ৰিয়াটোক প্ৰি-কুলিং বোলে। ই ফুলৰ শ্বসন আৰু প্ৰস্বেদনৰ হাৰ হ্ৰাস কৰি সঞ্চিত খাদ্য সংৰক্ষণ কৰে আৰু ফুলৰ আয়ুস বৃদ্ধি কৰে।

৩. পালচিং দ্ৰৱ (Pulsing solution) কেনেকৈ প্ৰস্তুত কৰা হয়?

উত্তৰ: ফুল চপোৱাৰ পিছত পোহৰৰ তলত কম সময়ৰ বাবে (৬–২৪ ঘণ্টা) ফুলৰ ঠাৰিবোৰ চেনি (Sucrose) আৰু বীজাণুনাশক বা ৰাসায়নিক মিশ্ৰণত ৰখা হয়। উদাহৰণস্বৰূপে, গোলাপৰ বাবে ১ লিটাৰ ডিষ্টিল্ড ৱাটাৰত ৬০ গ্ৰাম চেনি (6% Sucrose) আৰু ৩০০ মিলিগ্ৰাম চাইট্ৰিক এচিড (300 ppm Citric acid) বা এলুমিনিয়াম ছালফেট মিহলাই পালচিং দ্ৰৱ প্ৰস্তুত কৰা হয়।

৪. গ্ৰেডিং (Grading) কি?

উত্তৰ: ফুলৰ সতেজতা, ঠাৰিৰ দৈৰ্ঘ্য, ফুলৰ ব্যাস, ৰং আৰু দাগহীন অৱস্থাৰ ওপৰত ভিত্তি কৰি আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি ফুলসমূহক বিভিন্ন শ্ৰেণীত ভাগ কৰা প্ৰক্ৰিয়াটোক গ্ৰেডিং বোলা হয়।

৫. ফুল ফুলোৱা দ্ৰৱ (Bud opening solution) সম্পৰ্কে লিখা।

উত্তৰ: যদি ফুলৰ কলিবোৰ প্ৰাকৃতিকভাৱে সম্পূৰ্ণ মেল খাব নোৱাৰে, তেন্তে সেইবোৰক সম্পূৰ্ণকৈ ফুলাই তুলিবলৈ এক বিশেষ ৰাসায়নিক দ্ৰৱ ব্যৱহাৰ কৰা হয়। এই দ্ৰৱত উপযুক্ত পৰিমাণৰ চেনি, বীজাণুনাশক, ইথিলিন প্ৰতিৰোধক আৰু কিছু হৰম’ন থাকে (যেনে: গোলাপৰ বাবে ২% চেনি + ৩০০ ppm 8-HQC)।

৬. ফুল সজোৱা (Flower arrangement) সম্পৰ্কে লিখা।

উত্তৰ: জন্মদিন, বিবাহ অনুষ্ঠান বা বিভিন্ন উৎসৱত মেজৰ মাজভাগত বা স্থান বিশেষত নান্দনিকভাৱে কাটি অনা ফুল সজাই পৰাই তোলা কলাকেই Flower arrangement বোলে। ই মনলৈ সতেজতা আনে আৰু বাণিজ্যিকভাৱেও জীৱিকাৰ পথ সৃষ্টি কৰে।

৭. ফুলৰ মূল্য সংযোজিত সামগ্ৰীসমূহ (Value added products) বৰ্ণনা কৰা।

উত্তৰ: ফুলৰ পৰা তৈয়াৰ কৰা মূল্য সংযোজিত সামগ্ৰীসমূহ হ’ল:

বকে (Bouquet): কাটি অনা ফুল আৰু সেউজীয়া পাতেৰে সুন্দৰকৈ সজোৱা স্তৱক।

মালা (Garlands): বিভিন্ন ফুল সূতাৰে গাঁথি তৈয়াৰ কৰা মালা।

বেণী (Veni): চুলিত পিন্ধিবলৈ ফুলৰ দ্বাৰা বিশেষভাৱে তৈয়াৰ কৰা সজ্জা।

গুলকন্দ (Gulkand): গোলাপৰ পাহি আৰু চেনি সমপৰিমাণত মিহলাই প্ৰস্তুত কৰা মিঠা খাদ্য।

গোলাপ জল (Rose water): গোলাপৰ পাহি পাতন (Steam distillation) প্ৰক্ৰিয়াৰে নিৰ্গত কৰি তৈয়াৰ কৰা সুগন্ধি জল।

শুকান ফুল (Dry flowers): ফুল শুকাই প্ৰস্তুত কৰা শুভেচ্ছা পত্ৰ, মমবাতি, ঘৰ সজোৱা বিভিন্ন সামগ্ৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *