Class_12_Beauty Therapist/Unit_1//Session_2

A. Multiple Choice Questions (বহু বিকল্পভিত্তিক প্ৰশ্ন)

1. মেক-আপত ফাউণ্ডেচন (Foundation) ব্যৱহাৰ কৰাৰ মুখ্য উদ্দেশ্য কি?

(a) গালত ৰং যোগ কৰিবলৈ

(b) চকু দুটিক স্পষ্ট কৰিবলৈ

(c) ছালৰ বৰণ সমান কৰিবলৈ আৰু দাগ বা খুঁত ঢাকিবৰ বাবে

(d) মুখৰ বিশেষ অংগ উজ্জ্বল (highlight) কৰিবলৈ

উত্তৰ: (c) ছালৰ বৰণ সমান কৰিবলৈ আৰু দাগ বা খুঁত ঢাকিবৰ বাবে

2. কোন প্ৰকাৰৰ ফাউণ্ডেচনে আটাইতকৈ প্ৰাকৃতিক আৰু পাতল (light) কভাৰেজ প্ৰদান কৰে?

(a) Full coverage foundation

(b) Tinted moisturiser

(c) Stick foundation

(d) Powder foundation

উত্তৰ: (b) Tinted moisturiser

3. তলৰ কোনটো ছালৰ বৰণৰ (skin tone) বাবে সাধাৰণতে warm বা হালধীয়া undertone যুক্ত ফাউণ্ডেচনৰ প্ৰয়োজন হয়?

(a) Fair skin

(b) Olive skin

(c) Deep skin

(d) Cool-toned skin

উত্তৰ: (b) Olive skin

4. মেক-আপত ব্লাচাৰ (Blusher)-ৰ মুখ্য কাম কি?

(a) গালৰ হাড় (cheekbones) সুন্দৰ কৰি তোলা আৰু সুস্থ উজ্জ্বলতা যোগ কৰা

(b) মুখৰ কণ্টুৰ (contour) কৰিবলৈ

(c) ছালৰ খুঁত লুকুৱাবলৈ

(d) ছালৰ ৰং ক’লা কৰিবলৈ

উত্তৰ: (a) গালৰ হাড়

5. (cheekbones) সুন্দৰ কৰি তোলা আৰু সুস্থ উজ্জ্বলতা যোগ কৰা শুকান (dry) ছালৰ বাবে কোন প্ৰকাৰৰ ব্লাচাৰ আটাইতকৈ উপযোগী?

(a) Powder blush

(b) Cream blush

(c) Gel blush

(d) Liquid blush

উত্তৰ: (b) Cream blush

6. মুখৰ কোন অংশত সাধাৰণতে ব্লাচাৰ প্ৰয়োগ কৰা উচিত?

(a) থুঁতৰি আৰু হনুত (Jawline)

(b) চকুৰ পতাত (Eyelids)

(c) গালৰ ওখ মঙহাল অংশত (Apples of the cheeks)

(d) কপালত (Forehead)

উত্তৰ: (c) গালৰ ওখ মঙহাল অংশত (Apples of the cheeks)

7. বগা বা উজ্জ্বল ছালৰ (Fair skin) বাবে ব্লাচৰ কোনটো ৰং (shade) উপযুক্ত?

(a) Bright pink

(b) Deep red

(c) Soft peach

(d) Bronze

উত্তৰ: (c) Soft peach

8. মাষ্কাৰা (Mascara)-ৰ মুখ্য কাৰ্য কি?

(a) চকুৰ পতাৰ চুলি (eyelashes) ডাঠ, দীঘল আৰু স্পষ্ট কৰা

(b) ভ্ৰূ (eyebrows) ভৰাই তোলা

(c) Smokey eye look সৃষ্টি কৰা

(d) গালত ৰং দিয়া

উত্তৰ: (a) চকুৰ পতাৰ চুলি (eyelashes) ডাঠ, দীঘল আৰু স্পষ্ট কৰা

B. Fill in the Blanks (খালী ঠাই পূৰণ কৰক)

1. ছালখন মসৃণ আৰু সমতুল্য কৰিবৰ বাবে Foundation প্ৰয়োগ কৰা হয়।

2. মুখমণ্ডলৰ বৈশিষ্ট্যসমূহ, যেনে গাল আৰু চকু অধিক আকৰ্ষণীয় কৰিবলৈ Blusher ব্যৱহাৰ কৰা হয়।

3. Cream ব্লাচে অধিক ডাঠ ছাঁ দিয়ে আৰু শুকান ছালৰ বাবে আটাইতকৈ উপযুক্ত।

4. Liquid মাষ্কাৰাই চকুৰ পতাৰ চুলিবোৰ স্পষ্ট আৰু চোকা কৰে, আৰু এয়া আটাইতকৈ বেছি ব্যৱহৃত হয়।

5. Kohl pencil আইলাইনাৰ ইয়াৰ কোমলতাৰ (creaminess) বাবে জনাজাত আৰু এয়া smokey eyes ৰূপ দিবলৈ ব্যৱহাৰ কৰা হয়।

C. True or False (শুদ্ধ নে অশুদ্ধ)

1. Oil-based ফাউণ্ডেচন তেলীয়া (oily) ছালৰ বাবে আটাইতকৈ ভাল।

উত্তৰ: অশুদ্ধ (False) (ই শুকান ছালৰ বাবেহে উপযুক্ত)।

2. Gel ব্লাচ তেলীয়া আৰু স্বাভাৱিক ছালৰ বাবে উপযুক্ত।

উত্তৰ: শুদ্ধ (True)।

3. Powder আইচেড’ ভালদৰে মিহলাবলৈ (blend) চকুৰ পতাত জোৰেৰে ঘঁহিব লাগে।

উত্তৰ: অশুদ্ধ (False) (ইয়াক ঘঁহিব নালাগে, পাতলকৈ থপৰিয়াই লগাব লাগে)।

4. পেঞ্চিল আইলাইনাৰৰ তুলনাত জুলীয়া (liquid) আইলাইনাৰ বেছি সময় স্থায়ী হৈ থাকে।

উত্তৰ: শুদ্ধ (True)।

5. Mineral ফাউণ্ডেচন সংবেদনশীল (sensitive) বা এলাৰ্জিযুক্ত ছালৰ লোকৰ বাবে উপযুক্ত।

উত্তৰ: শুদ্ধ (True)।

D. Subjective Questions (দীঘলীয়া প্ৰশ্নোত্তৰ)

1. মেক-আপৰ পূৰ্বে ফাউণ্ডেচন প্ৰয়োগ কৰাৰ উদ্দেশ্য ব্যাখ্যা কৰক।

Ans: ফাউণ্ডেচন প্ৰয়োগ কৰাৰ মূল উদ্দেশ্য হ’ল ছালখন মসৃণ আৰু সমতুল্য (even complexion) কৰি তোলা। ই ছালৰ দাগ বা খুঁতবোৰ ঢাকি মেক-আপৰ বাবে এটা সুন্দৰ আৰু নিখুঁত ভিত্তি (base) প্ৰস্তুত কৰে।

2. যিকোনো পাঁচ প্ৰকাৰৰ ফাউণ্ডেচনৰ নাম লিখক আৰু প্ৰতিটোৰে এটা বৈশিষ্ট্য উল্লেখ কৰক।

Ans: 1. Liquid (cream) foundation: স্বাভাৱিক বা শুকান ছালৰ বাবে উপযোগী আৰু ই ডাঠ (heavy) কভাৰেজ দিয়ে।

2. Matte বা Oil-free foundation: পানীৰ ওপৰত ভিত্তি কৰি তৈয়াৰী আৰু তেলীয়া ছালৰ বাবে আটাইতকৈ ভাল।

3. Stick foundation: ই ডাঠ কভাৰেজ দিয়ে আৰু ছালৰ ক’লা দাগ, শালমইনাৰ দাগ বা চকুৰ তলৰ ক’লা দাগ ঢাকিবলৈ ব্যৱহাৰ কৰা হয়।

4. Mineral foundation: প্ৰাকৃতিক খনিজ পদাৰ্থৰে গঠিত, যাৰ বাবে সংবেদনশীল আৰু এলাৰ্জিযুক্ত ছালৰ বাবে অতি সুৰক্ষিত।

5. Waterproof foundation: গৰম আৰু সেমেকা (humid) বতৰত দীৰ্ঘ সময়ৰ বাবে টিকি থাকিবলৈ ব্যৱহাৰ কৰা হয়।

3. Powder blush আৰু Cream blush-ৰ মাজৰ পাৰ্থক্য কি?

Ans: Powder blush: সকলো ধৰণৰ ছালৰ বাবে উপযুক্ত, ফেচ পাউদাৰ লগোৱাৰ পিছত প্ৰয়োগ কৰা হয় আৰু সহজে ব্লেণ্ড কৰিব পাৰি।

Cream blush: ময়েশ্চাৰাইজাৰ আৰু প্ৰাকৃতিক তেলেৰে গঠিত, শুকান ছালৰ বাবে উপযুক্ত আৰু পাউদাৰ লগোৱাৰ আগতে প্ৰয়োগ কৰিব লাগে।

4. মাষ্কাৰাৰ বিভিন্ন প্ৰকাৰবোৰ কি কি? যিকোনো এটা বহলাই আলোচনা কৰক।

Ans: মাষ্কাৰা তিনি প্ৰকাৰৰ: Powder mascara, Cream mascara, আৰু Liquid mascara।

Liquid mascara: মহিলাসকলৰ মাজত আটাইতকৈ বেছি ব্যৱহৃত মাষ্কাৰা। ই চকুৰ পতাৰ চুলিবোৰক দীঘল, ডাঠ আৰু অধিক চোকা কৰি তুলি চকুযুৰিক আকৰ্ষণীয় ৰূপ দিয়ে।

5. Matte, Shimmer, আৰু Satin আইচেড’ৰ মাজৰ পাৰ্থক্য কি? উদাহৰণসহ আলোচনা কৰক।

Ans: Matte eyeshadow: ইয়াত কোনো উজ্জ্বলতা বা জিলিকনি নাথাকে; ই সমতল (flat) ৰূপ দিয়ে আৰু চকুত গভীৰতা (depth) সৃষ্টিৰ বাবে ব্যৱহৃত হয়।

Shimmer eyeshadow: ইয়াত সৰু সৰু জিলিকি থকা কণা (glitter) থাকে, যিয়ে চকুক উজ্জ্বল আৰু জিলিকনিযুক্ত ৰূপ দিয়ে।

Satin eyeshadow: ই মেট আৰু চিম্বাৰৰ মাজৰ এক মসৃণ আৰু কোমল উজ্জ্বলতা (soft sheen) প্ৰদান কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top