Class_11_Beauty Therapist/Unit_2//Session_3

​ক. খালী ঠাই পূৰণ কৰা

​১. এপিকেল পেশীৰ (Epicranius muscle) দুটা ভাগ থাকে, সেইকেইটা হ’ল অক্সিপিটালছ (Occipitals) আৰু ফ্ৰণ্টালিছ (Frontalis)।

​২. ফ্ৰণ্টালিছৰ (Frontalis) ঐচ্ছিক লৰচৰে চেলাউৰি আৰু মূৰৰ লাওখোলা লৰচৰ কৰাত সহায় কৰে।

​৩. তলৰ ওঁঠৰ লৰচৰ মেণ্টালিছ (Mentalis) পেশীৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।

​খ. স্তম্ভ মিলোৱা
​১. বাক্সিনেটৰ (Buccinator) – (ঘ) গালৰ গঠন বা আকৃতি দিয়ে
২. মেণ্টালিছ (Mentalis) – (ক) থুঁতৰিৰ আগভাগত অৱস্থিত
৩. প্ৰচেৰাছ (Procerus) – (খ) নাকৰ পেশী
৪. মুখৰ পেশী (Mouth muscles) – (ঙ) কোৱাড্ৰেটাছ লেবি ইনফ্ৰিয়ৰিছ (Quadratus labii inferiors)
৫. চুপাইন (Supine) – (গ) মুখখন ওপৰলৈ কৰি চিত হৈ শুই থকা অৱস্থা

​গ. বহু বিকল্পভিত্তিক প্ৰশ্ন (MCQ)

​১. তলৰ কোনটো ডিঙিৰ পেশী?
​(ক) লেটিছিমাছ ডৰ্চি (Latissimus dorsi)
​(খ) টেম্প’ৰালিছ (Temporalis)
​(গ) কেনিনাছ (Caninus)
​(ঘ) চুপাইন (Supine)

​উত্তৰ: (ক) লেটিছিমাছ ডৰ্চি (Latissimus dorsi)

​২. কাণৰ পিছফালে তলৰ কোনটো পেশী অৱস্থিত?
​(ক) অৰিকুলাৰিছ চুপেৰিঅ’ৰ (Auricularis superior)
​(খ) অৰিকুলাৰিছ পষ্টিৰিয়ৰ (Auricularis posterior)
​(গ) অৰিকুলাৰিছ এণ্টেৰিয়ৰ (Auricularis anterior)
​(ঘ) ওপৰৰ এটাও নহয়

​উত্তৰ: (খ) অৰিকুলাৰিছ পষ্টিৰিয়ৰ (Auricularis posterior)

​পাঠটোৰ অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নোত্তৰ
​প্ৰশ্ন: মাংসপেশী কি আৰু ইয়াৰ প্ৰধান কাম কি?
​উত্তৰ: মাংসপেশী হৈছে এবিধ কলা, যাৰ সংকোচন আৰু প্ৰসাৰণৰ জৰিয়তে শৰীৰৰ বিভিন্ন অংগ সঞ্চালন হয় আৰু শৰীৰৰ গঠন স্থিৰ হৈ থাকে।

​প্ৰশ্ন: মানৱ শৰীৰত থকা তিনি প্ৰকাৰৰ মাংসপেশী কি কি?
​উত্তৰ: ১. হৃদপেশী (Cardiac muscles)

২. কংকাল পেশী (Skeletal muscles), আৰু

৩. মসৃণ পেশী (Smooth muscles)।

​প্ৰশ্ন: খাদ্য চোবোৱাত সহায় কৰা পেশীটোৰ নাম কি?
​উত্তৰ: টেম্প’ৰালিছ আৰু মেষ্টিকেচন (Temporalis and mastication)।

​প্ৰশ্ন: হাঁহিলে ওঁঠ ওপৰলৈ তুলি ধৰা পেশীটো কি?
​উত্তৰ: জাইগোমেটিকাছ (Zygomaticus)।

​প্ৰশ্ন: ফ্লেকশন (Flexion) আৰু এবডাকশন (Abduction) বুলিলে কি বুজায়?
​উত্তৰ: ​ফ্লেকশন: শৰীৰৰ দুটা অংগৰ মাজৰ কোণ বা দূৰত্ব হ্ৰাস কৰা গতি।
​এবডাকশন: শৰীৰৰ মধ্য অক্ষৰ পৰা হাত বা ভৰি বাহিৰৰ ফালে বা আঁতৰাই নিয়া গতি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top