Class_12/Unit_1//Session_5

A. খালী ঠাই পূৰণ কৰা (Fill in the Blanks) 

১. প্ৰশ্ন: যেতিয়া কাষৰীয়াকৈ ওলোৱা কুঁহিবোৰৰ ব্যাস ৫–১০ মিলিমিটাৰ হয়, তেতিয়া অগ্ৰস্থ কুঁহিটোৰ তলত থকা সকলোবোৰ কাষৰীয়া কুঁহি আঁতৰাই দিয়া পদ্ধতিটোক __________ বোলা হয়।

উত্তৰ: ডিছবাডিং (Disbudding / কুঁহি গুচোৱা)

২. প্ৰশ্ন: গুণগত মানদণ্ডৰ কাৰ্নেচন উৎপাদনৰ বাবে কৰা এটা প্ৰধান কৃষি কাৰ্য হৈছে __________।

উত্তৰ: পিন্চিং (Pinching / আগ কটা)

৩. প্ৰশ্ন: কাৰ্নেচন ফুলৰ বংশবিস্তাৰ __________ৰ দ্বাৰা কৰা হয়।

উত্তৰ: Terminal cuttings

৪. প্ৰশ্ন: কাৰ্নেচন ফুলৰ পুলি __________ত ৰোপণ কৰিব পাৰি।

উত্তৰ: Raised beds 

৫. প্ৰশ্ন: বংশবিস্তাৰৰ বাবে কমেও তিনিটা গাঁঠি (nodes) থকা __________ দৈৰ্ঘ্যৰ অগ্ৰস্থ ডালি (terminal cuttings) ব্যৱহাৰ কৰা হয়।

উত্তৰ: ১০–১৫ ছেণ্টিমিটাৰ (10–15 cm)

B. বহু বিকল্পধৰ্মী প্ৰশ্ন (MCQ) – প্ৰশ্ন আৰু উত্তৰ

১. প্ৰশ্ন: কাৰ্নেচন ফুলৰ উৎপাদন হৈছে —

(a) ১৫০–৪০০ টা কটা ফুল / বৰ্গমিটাৰ (m²)

(b) ৩০০–৫০০ টা কটা ফুল / বৰ্গমিটাৰ (m²)

(c) ৫০০–৬০০ টা কটা ফুল / বৰ্গমিটাৰ (m²)

(d) ৬০০–৭০০ টা কটা ফুল / বৰ্গমিটাৰ (m²)

শুদ্ধ উত্তৰ: (a) ১৫০–৪০০ টা কটা ফুল / বৰ্গমিটাৰ (m²)

২. প্ৰশ্ন: কাৰ্নেচনৰ নীলা বা ফেন্সি (Blue or Fancy – A গ্রেড) শ্ৰেণীৰ ফুলৰ ঠাৰিৰ দৈৰ্ঘ্য হ’ব লাগে —

(a) ৯০–১০০ ছেণ্টিমিটাৰ

(b) ৬০–৭০ ছেণ্টিমিটাৰ

(c) ১০০–১২০ ছেণ্টিমিটাৰ

(d) ১২০–১৫০ ছেণ্টিমিটাৰ

শুদ্ধ উত্তৰ: (b) ৬০–৭০ ছেণ্টিমিটাৰ

৩. প্ৰশ্ন: ৰঙা বা ষ্টেণ্ডাৰ্ড (Red or Standard – B গ্রেড) শ্ৰেণীৰ কাৰ্নেচন ফুলৰ ঠাৰিৰ দৈৰ্ঘ্য হ’ব লাগে —

(a) ৩০–৪০ ছেণ্টিমিটাৰ

(b) ৪০–৫০ ছেণ্টিমিটাৰ

(c) ৫০–৬০ ছেণ্টিমিটাৰ

(d) ৬০–৭০ ছেণ্টিমিটাৰ

শুদ্ধ উত্তৰ: (c) ৫০–৬০ ছেণ্টিমিটাৰ

৪. প্ৰশ্ন: সেউজীয়া বা চুটি (Green or Short – C গ্রেড) শ্ৰেণীৰ কাৰ্নেচন ফুলৰ ঠাৰিৰ দৈৰ্ঘ্য হ’ব লাগে —

(a) ৩০–৪০ ছেণ্টিমিটাৰ

(b) ৪০–৫০ ছেণ্টিমিটাৰ

(c) ৫০–৬০ ছেণ্টিমিটাৰ

(d) ৬০–৭০ ছেণ্টিমিটাৰ

শুদ্ধ উত্তৰ: (b) ৪০–৫০ ছেণ্টিমিটাৰ

C. বৰ্ণনামূলক (Subjective Questions) – প্ৰশ্ন আৰু উত্তৰ

১. প্ৰশ্ন: কাটিং বা ডালি কাটি কাৰ্নেচন ফুলৰ বংশবিস্তাৰ কেনেকৈ কৰিব পাৰি?

উত্তৰ: কাৰ্নেচন ফুলৰ বংশবিস্তাৰৰ বাবে সুস্থ-সবল মাতৃ গছৰ পৰা ১০–১৫ ছেণ্টিমিটাৰ দীঘল অগ্ৰস্থ ডালি (terminal cuttings) বাছি লোৱা হয়, য’ত কমেও ৩ টা গাঁঠি (nodes) বা ৪–৫ যোৰ পাত থাকে। তলৰ ১-২ যোৰ পাত আঁতৰাই এই ডালিবোৰ ১২ ছেকেণ্ডৰ বাবে NAA 500 ppm দ্ৰৱণত ডুবাই লৈ ৩ × ৩ ছেমি দূৰত্বত বালিৰ তল বা ক’ক’পিটৰ মিষ্ট চেম্বাৰত (mist chamber) ৰোপণ কৰা হয়। শিপা ওলোৱাৰ পিছত ইয়াক স্থানান্তৰ কৰা হয়।

২. প্ৰশ্ন: কাৰ্নেচন ফুলৰ ‘পিন্চিং’ (Pinching) বা আগ কটা প্ৰক্ৰিয়া বুলিলে কি বুজা?

উত্তৰ: কাৰ্নেচনৰ উন্নত উৎপাদন আৰু অধিক ডাল-পাল ওলোৱাৰ বাবে ৰোপণৰ প্ৰায় এমাহ পিছত গছৰ অগ্ৰস্থ অংশ কাটি দিয়া পদ্ধতিটোক পিন্চিং বোলে। সাধাৰণতে ৬ টা গাঁঠিৰ তলত প্ৰথম পিন্চিং কৰা হয়, য’ত গছজোপাত ৫-৬ টা গাঁঠি এৰি ওপৰৰ অংশ কাটি দিয়া হয়। ইয়াৰ ফলত কাষৰ পৰা নতুন ঠাল-ঠেঙুলি ওলাই আহে।

৩. প্ৰশ্ন: কাৰ্নেচন ফুলৰ কলি ফাটি যোৱা (Calyx splitting) সমস্যাৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰসমূহ উল্লেখ কৰা।

উত্তৰ: কাৰণ: এই সমস্যাটো পুষ্টিৰ তাৰতম্য (বিশেষকৈ নাইট্ৰ’জেনৰ আধিক্য বা বৰণৰ অভাৱ), অনিয়মিত জলসিঞ্চন, হঠাৎ হোৱা উষ্ণতাৰ পৰিৱৰ্তন আৰু কলি গঠনৰ সময়ত ১০° চেলচিয়াছতকৈ কম উষ্ণতা হোৱাৰ বাবে হয়।প্ৰতিকাৰ: নাইট্ৰ’জেন সাৰ নিয়ন্ত্ৰিত ভাৱে প্ৰয়োগ কৰিব লাগে, মাটিত পানীৰ নাটনি হ’বলৈ দিব নালাগে আৰু কলি মেলিবৰ সময়ত ফুলৰ কলিটোৰ চাৰিওফালে ৰবৰ বেণ্ড (rubber band) লগাই দিয়াৰ পৰামৰ্শ দিয়া হয়।

৪. প্ৰশ্ন: কাৰ্নেচন ফুল সংগ্ৰহ বা চপোৱা (Harvesting) পদ্ধতিসমূহ বৰ্ণনা কৰা।

উত্তৰ: কাৰ্নেচন ফুল সাধাৰণতে ৰাতিপুৱা সোনকালে সংগ্ৰহ কৰা হয়। ষ্টেণ্ডাৰ্ড (Standard) জাতৰ ফুলবোৰ ‘পেইণ্ট-ব্ৰাছ’ (paint-brush) অৱস্থাত বা কলিটোৰ ব্যাস ১.৫–২.০ ছেমি হ’লে কাটিব লাগে। আনহাতে, স্প্ৰে’ (Spray) জাতৰ ফুলবোৰ যেতিয়া এটা ঠাৰিত দুটা ফুল ফুলিব আৰু বাকী কলিবোৰে ৰং দেখুৱাব, তেতিয়া চপাব লাগে। কাটি উলিওৱাৰ পিছত ঠাৰিৰ তলৰ অংশ পানী থকা বাল্টিত ডুবাই ৰখা হয়।

৫. প্ৰশ্ন: কাৰ্নেচন ফুলৰ কাৰ্যধৰ্মী বা শাৰীৰিক বিকাৰসমূহ (Physiological disorders) কি কি?

উত্তৰ: কাৰ্নেচন ফুলৰ প্ৰধান কাৰ্যধৰ্মী বিকাৰ বা অপাষ্টিজনিত সমস্যাবোৰ হ’ল:১/ কেিলক্স স্প্লিটিং (Calyx splitting): ফুলৰ কলি ফাটি যোৱা।২/ কাৰ্লি টিপ (Curly tip): কম পোহৰ, কম উষ্ণতা বা নাইট্ৰ’জেনৰ অভাৱৰ বাবে গছৰ অগ্ৰভাগ কোঁচ খাই বেঁকা হৈ যোৱা।

৬. প্ৰশ্ন: কাৰ্নেচন ফুল চপোৱাৰ পিছত (Post-harvest) কেনেধৰণৰ যতন বা পৰিচৰ্যা লোৱা হয়?

উত্তৰ: কাৰ্নেচন ফুল ইথিলিন গেছৰ প্ৰতি অতি সংবেদনশীল। সেইবাবে চপোৱাৰ পিছতে ফুলবোৰ ১০% চুক্ৰ’জ (sucrose) + ১ মিমি STS (চিলভাৰ থিঅ’চালফেট) দ্ৰৱণত প্ৰায় ১০ ঘণ্টা ডুবাই ‘পালচিং’ (pulsing) কৰা হয়। ইয়াৰ পিছত ২°–৪° চেলচিয়াছ উষ্ণতা আৰু ৯৫% আপেক্ষিক আৰ্দ্ৰতাত পুষ্টিকৰ দ্ৰৱণত সংৰক্ষণ কৰা হয় যাতে ফুলবোৰ জঁয় পৰি নাযায়। শেষত ২৫ টাকৈ ফুল একেলগে বান্ধি কাৰ্ডব’ৰ্ডৰ বাকচত পেকিং কৰি শীততাপ নিয়ন্ত্ৰিত গাড়ীত বজাৰলৈ পঠিওৱা হয়।

৭. প্ৰশ্ন: কাৰ্নেচন ফুলৰ গ্ৰেডিং বা শ্ৰেণীবিভাজন (Grading) কেনেকৈ কৰা হয়, সেই বিষয়ে লিখা।

উত্তৰ: কাৰ্নেচন ফুলৰ গুণগত মান আৰু ঠাৰিৰ দৈৰ্ঘ্যৰ ওপৰত ভিত্তি কৰি ইয়াক তিনিটা শ্ৰেণীত ভাগ কৰা হয়:

Blue/Fancy (A গ্রেড): ঠাৰিৰ দৈৰ্ঘ্য ৬০–৭০ ছেণ্টিমিটাৰ হ’ব লাগে।

Red/Standard (B গ্রেড): ঠাৰিৰ দৈৰ্ঘ্য ৫০–৬০ ছেণ্টিমিটাৰ হ’ব লাগে।

Green/Short (C গ্রেড): ঠাৰিৰ দৈৰ্ঘ্য ৪০–৫০ ছেণ্টিমিটাৰ হ’ব লাগে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *