Class 9/Unit_1/Session_3

A. খালী ঠাই পূৰণ কৰা (Fill in the Blanks)

প্ৰশ্ন ১: শাক-পাচলিৰ খেতিৰ বৈজ্ঞানিক অধ্যয়নক উদ্যান শস্যৰ যিটো শাখাত কৰা হয় তাক __________ বুলি কোৱা হয়।

উত্তৰ: Olericulture

প্ৰশ্ন ২: ৰোগৰ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলা, শৰীৰৰ বৃদ্ধি আৰু দাঁত তথা হাড়ৰ মজবুতিৰ বাবে প্ৰয়োজনীয় উপাদানবিধ হ’ল __________।

উত্তৰ: কেলচিয়াম (Calcium)

প্ৰশ্ন ৩: গাজৰ, বিট, মেথি, পালেং শাক আৰু কেঁচা জলকীয়া __________ ভিটামিনৰ উৎস।

উত্তৰ: ভিটামিন A (Vitamin A)

প্ৰশ্ন ৪: মটৰমাহ আৰু উৰহী (Broad bean) হ’ল __________ পুষ্টিৰ উৎস।

উত্তৰ: প্ৰ’টিন (Proteins)

B. বহু বিকল্পধৰ্মী প্ৰশ্ন (Multiple Choice Questions)

প্ৰশ্ন ১: শাক-পাচলিৰ খেতিৰ অধ্যয়নৰ সৈতে জড়িত উদ্যান শস্যৰ শাখাটো হ’ল—

(a) Olericulture

(b) Floriculture

(c) Pomology

(d) Preservation

উত্তৰ: (a) Olericulture

প্ৰশ্ন ২: বিভিন্ন আন্তঃকোষীয় কাৰ্যকলাপৰ (intra-cellular activities) বাবে __________ অপৰিহাৰ্য।

(a) Calcium

(b) Phosphorus

(c) Iron

(d) Iodine

উত্তৰ: (b) Phosphorus

প্ৰশ্ন ৩: __________ পুষ্টি হ’ল এবিধ সংৰক্ষিত খাদ্য সামগ্ৰী (reserved food material)।

(a) Carbohydrates

(b) Proteins

(c) Fats

(d) Vitamin

উত্তৰ: (c) Fats

C. বৰ্ণনাকামূলক প্ৰশ্নোত্তৰ (Descriptive Questions)

প্ৰশ্ন ১: Olericulture কাক বোলে? ইয়াৰ গুৰুত্ব ব্যাখ্যা কৰা।

উত্তৰ: ওলেৰিকালচাৰ হ’ল উদ্যান শস্যৰ (Horticulture) এটা শাখা, য’ত শাক-পাচলিৰ খেতিৰ বিষয়ে বৈজ্ঞানিক অধ্যয়ন কৰা হয়।

গুৰুত্বসমূহ:

মানুহৰ আহাৰত শাক-পাচলিয়ে ভিটামিন, খনিজ পদাৰ্থ (যেনে- কেলচিয়াম, ফছফৰাছ, আইৰন), কাৰ্ব’হাইড্ৰেট আৰু প্ৰ’টিনৰ প্ৰাকৃতিক উৎস হিচাপে কাম কৰে।শৰীৰৰ বৃদ্ধি আৰু বিভিন্ন ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিবলৈ ই অপৰিহাৰ্য। সেইবাবে ইয়াক ‘প্ৰতিৰক্ষামূলক খাদ্য’ (protective foods) বুলিও কোৱা হয়।

প্ৰশ্ন ২: ভাৰতত শাক-পাচলি খেতিৰ সম্ভাৱনীয়তাসমূহ কি কি? 

উত্তৰ: ভাৰতত শাক-পাচলি খেতিৰ প্ৰচুৰ সম্ভাৱনীয়তা আছে, যাৰ মূল কাৰণসমূহ হ’ল:

বছৰত অধিক উৎপাদন: শাক-পাচলি সোনকালে পকে (মাত্ৰ কেইমাহমানতে), সেয়ে বছৰত কেইবাটাও খেতি কৰিব পাৰি।

অধিক লাভজনকতা: ধান্য জাতীয় শস্যতকৈ শাক-পাচলিৰ উৎপাদন ৪-৬ গুণ বেছি হয়, যাৰ ফলত ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ আয় বৃদ্ধি পায়।

ভূমিৰ সঠিক ব্যৱহাৰ: ঘৰৰ পিছফালৰ চুকত বা চন পৰি থকা মাটিত কম পৰিসৰতে পাচলি খেতি কৰিব পাৰি।

পলিহাউচ আৰু শ্বেড-নেটৰ দৰে উন্নত প্ৰযুক্তি: এইসমূহ ব্যৱহাৰ কৰি কম মাটিতে অফ-চিজিনতো বিদেশী আৰু দামী পাচলি উৎপাদন কৰিব পাৰি।

চাকৰিৰ সুযোগ: ই এবিধ শ্ৰম-নিবিড় (labour-intensive) খেতি হোৱা বাবে গ্ৰাম্য অঞ্চলত বছৰটোৰ বাবে কৰ্মসংস্থাপনৰ সৃষ্টি কৰে।

প্ৰশ্ন ৩: মানুহৰ আহাৰত ভিটামিন A ৰ গুৰুত্ব উল্লেখ কৰা।

উত্তৰ: মানুহৰ শৰীৰত ভিটামিন A ৰ গুৰুত্বসমূহ হ’ল:ই শৰীৰৰ সামগ্ৰিক বৃদ্ধি, চকুৰ দৃষ্টিশক্তি প্ৰখৰ কৰা আৰু চাল সুস্থ কৰি ৰখাত সহায় কৰে।

অভাৱজনিত লক্ষণ: ভিটামিন A ৰ অভাৱ হ’লে কুকুৰীকণা (night blindness), চকুৰ পানী শুকাই যোৱা, চাল শুকান হোৱা আৰু কনজাংটিভাইটিছ (conjunctivitis) আদি ৰোগ হ’ব পাৰে।

প্ৰশ্ন ৪: শাক-পাচলিৰ পৰা পোৱা প্ৰধান খনিজ পদাৰ্থসমূহ কি কি?

উত্তৰ: শাক-পাচলিৰ পৰা পোৱা প্ৰধান খনিজ পদাৰ্থসমূহ আৰু ইয়াৰ কাম হ’ল:

কেলচিয়াম (Calcium): হাড় আৰু দাঁত মজবুত কৰে, তেজ গোট মৰাত সহায় কৰে।

ফছফৰাছ (Phosphorus): কোষৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ আৰু কাৰ্ব’হাইড্ৰেটৰ জাৰণত সহায় কৰে।

আইৰন (Iron): তেজৰ লোহিত ৰক্তকণিকা (RBC) গঠনৰ বাবে অতি প্ৰয়োজনীয় উপাদান।

৪. স্তম্ভ মিলোৱা (Match the Columns. 

 

Leave a Reply

Your email address will not be published. Required fields are marked *