Class_9/Unit_2//Session_2

A. খালী ঠাই পূৰণ কৰা (Fill in the Blanks)

১. আলুৰ বাহিৰে বাকী সকলো চোলালেচিঅ’ (solanaceous) পাচলি স্থানান্তৰিত কৰা শস্য। (Potato)

২. মাটিৰ পৃষ্ঠৰ পৰা ১৫-২০ ছেমি ওখকৈ raised bed তৈয়াৰ কৰা হয়।

৩. এটা ওখ ভেটিৰ প্ৰস্থ 1.20 মিটাৰতকৈ বেছি হ’ব নালাগে।

৪. মাটি শোধনৰ soil solarisation (সৌৰকৰণ) পদ্ধতিত সূৰ্যৰ শক্তি ব্যৱহাৰ কৰা হয়।

৫. মাটিৰ পৰা হোৱা ৰোগ সৃষ্টিকাৰী বীজাণু নিয়ন্ত্ৰণৰ বাবে Trichoderma প্ৰজাতিৰ দৰে কিছুমান জৈৱিক কাৰক কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰা হয়।

৬. Solanaceous শস্যৰ বীজ গজালি মেলিবৰ বাবে 13 to 21 °C উষ্ণতাৰ পৰিসৰ অনুকূল।

৭. কঠীয়া ভেতিত চোলালেচিঅ’ শস্যৰ বীজ সিঁচাৰ গভীৰতা সাধাৰণতে 1.5–2 cm হয়।

৮. চোলালেচিঅ’ শস্যৰ বীজ সিঁচাৰ ব্যৱধান হ’ল 5–7 cm

৯. নাৰিকল উদ্যোগৰ পৰা উপ-জাত সামগ্ৰী হিচাপে পোৱা আৰু গজালি মেলিবৰ বাবে ব্যৱহাৰ কৰা মাধ্যমটোক coco peat (ক’ক’ পিট) বুলি জনা যায়।

বহু বিকল্পী প্ৰশ্ন (Multiple Choice Questions)

১. ওখ ভেটিবোৰ (Raised beds) মাটিৰ পৃষ্ঠৰ পৰা কিমান ছেমি ওখ হয়?

(a) ৫–১০ ছেমি

(b) ১৫–২০ ছেমি

(c) ২৫–৩০ ছেমি

(d) ৩০–৩৫ ছেমিশুদ্ধ

উত্তৰ: (b) ১৫–২০ ছেমি

২. দুখন কঠীয়া ভেটিৰ মাজত কিমান ছেমি খালী ঠাই (space) এৰা হয়?

(a) ৩০–৪০ ছেমি

(b) ২০–২৫ ছেমি

(c) ১৫–২০ ছেmi

(d) ২০–৩৫ ছেমি

শুদ্ধ উত্তৰ: (a) ৩০–৪০ ছেমি

৩. অট’ক্লেভত (autoclave) কিমান ডিগ্ৰী চেলচিয়াছ (°C) উষ্ণতাত ৩০ মিনিটৰ বাবে মাটি শোধন কৰা হয়?

(a) ১০০ °C

(b) ১৪০ °C

(c) ১২১ °C

(d) ৮০ °C

শুদ্ধ উত্তৰ: (c) ১২১ °C

৪. গৰম পানীৰ দ্বাৰা বীজ শোধন (hot water seed treatment) প্ৰক্ৰিয়াত বীজবোৰ ১০-৩০ মিনিটৰ বাবে কিমান উষ্ণতাৰ পানীত ৰখা হয়?

(a) ৪৮–৫৫ °C

(b) ৩০–৩৫ °C

(c) ২০–২৫ °C

(d) ১৫–২০ °C

শুদ্ধ উত্তৰ: (a) ৪৮–৫৫ °C

৫. বীজ আৰু মাটিৰ পৰা হোৱা সংক্ৰমণ (seed and soil-borne inoculums) নিয়ন্ত্ৰণ কৰিবলৈ বীজ শোধনৰ বাবে ব্যৱহাৰ কৰা ভেঁকুৰ (fungus) বিধ হ’ল—

(a) Trichogramma

(b) Trichoderma

(c) Rhizopus

(d) Rhizobium

শুদ্ধ উত্তৰ: (b) Trichoderma

৬. বীজ এটাৰ গজালি মেলি স্বাভাৱিক কঠীয়া বা পুলি উৎপাদন কৰাৰ ক্ষমতাটোক কি বোলা হয়?

(a) seed vitality (বীজৰ সজীৱতা)

(b) seed viability (বীজৰ জীৱনক্ষমতা)

(c) seed dormancy (বীজৰ সুপ্তাৱস্থা)

(d) compatibility (সামঞ্জস্যতা)

শুদ্ধ উত্তৰ: (b) seed viability

B. বৰ্ণনামূলক প্ৰশ্নৰ উত্তৰ (Descriptive Questions)

প্ৰশ্ন ১: Nursery bed কি? ই কেনেকৈ প্ৰস্তুত কৰা হয়?

উত্তৰ: Nursery bed হ’ল এটা সৰু এলেকা য’ত বীজৰ অঙ্কুৰণ আৰু সুস্থ কঠীয়া গঠনৰ বাবে প্ৰয়োজনীয় মাটি, জলবায়ু, পুষ্টি, পানী, উষ্ণতা আৰু বতৰৰ পৰা সুৰক্ষা প্ৰদান কৰা হয়।

প্ৰস্তুত প্ৰণালী:

1. মাটিৰ পৃষ্ঠৰ পৰা ১৫-২০ ছেমি ওখ ভেটি তৈয়াৰ কৰা হয়। ইয়াৰ প্ৰস্থ ০.৪৫ ৰ পৰা ১.২০ মিটাৰ আৰু দৈৰ্ঘ্য ৩ ৰ পৰা ৫ মিটাৰ হ’ব লাগে।

2. প্ৰতি বৰ্গমিটাৰ মাটিত ১০-১৫ কেজি পচা গোবৰ বা ফাৰ্ময়াৰ্ড সাৰ (FYM) ভালদৰে মিহলাই লব লাগে।

3. মাটিৰ পৰা সকলো অপতৃণ, শিল, গছৰ মূঢ়া আদি আঁতৰাই মাটিখিনি সমান কৰিব লাগে।

4. দুখন bed ৰ মাজত ৩০-৪০ ছেমি দূৰত্ব ৰাখিব লাগে

প্ৰশ্ন ২: Nursery bed ৰ মাটি ৰাসায়নিকভাৱে কেনেকৈ শোধন কৰিব পাৰি?

উত্তৰ: ৰাসায়নিক পদ্ধতিৰে মাটি শোধন কৰিবলৈ বিভিন্ন Fumigants, ভেঁকুৰনাশক আৰু কীটনাশক ব্যৱহাৰ কৰা হয়:

1. Fumigants: ফৰ্মেলডিহাইড, ক্ল’ৰ’পিক্ৰিন বা মিথাইল ব্ৰমাইড পানীত মিহলাই মাটিত ছতিয়াই দিয়া হয় আৰু ২-৩ দিনৰ বাবে পলিথিন চাদৰেৰে ঢাকি ৰখা হয়।

2. ভেঁকুৰনাশক (Fungicides): মাটিৰ পৰা হোৱা ভেঁকুৰৰ আক্ৰমণ ৰোধ কৰিবলৈ কাৰ্বেনডাজিম (Carbendazim) বা কপাৰ অক্সিক্ল’ৰাইড (Copper oxychloride) দ্ৰৱ সমভাৱে মাটিত ছতিওৱা হয়।

3. কীটনাশক (Insecticides): মাটিত থকা পোক-পৰুৱা, লেটা আৰু কৃমি আদি মাৰিবলৈ ক্ল’ৰ’পাইৰিফচ (Chlorpyriphos) ১ লিটাৰ পানীত ২ লিটাৰ মিহলাই ১৫-২০ ছেমি গভীৰতালৈ প্ৰয়োগ কৰা হয়।

প্ৰশ্ন ৩: বীজ সিঁচাৰ আগতে বীজ শোধন (Seed treatment) কিয় কৰা হয়?

উত্তৰ: বীজৰ পৰা বা মাটিৰ পৰা হ’ব পৰা বিভিন্ন ভেঁকুৰ আৰু কীত-পতংগৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ, লগতে বীজৰ অঙ্কুৰণ ক্ষমতা বৃদ্ধি কৰিবলৈ বীজ সিঁচাৰ আগতে বীজ শোধন কৰা হয়। ইয়াৰ ফলত কঠীয়াখিনি সুস্থ আৰু ৰোগমুক্ত হৈ গঢ়ি উঠে।

প্ৰশ্ন ৪: মাটি শোধন (Soil sterilisation) প্ৰক্ৰিয়াটো বৰ্ণনা কৰা।

উত্তৰ: Nursery bed ৰ গছবোৰ মাটিৰ পৰা হোৱা বিভিন্ন সংক্ৰমণৰ প্ৰতি অতি সংবেদনশীল। সেয়েহে মাটিত থকা অপতৃণৰ বীজ, ক্ষতিকাৰক ভেঁকুৰ, বেক্টেৰিয়া আৰু পোক-পৰুৱা ধ্বংস কৰিবলৈ মাটি শোধন কৰা হয়। ইয়াৰ প্ৰধান পদ্ধতিবোৰ হ’ল:

1. ৰাসায়নিক শোধন: ফৰ্মেলডিহাইড, ভেঁকুৰনাশক আৰু কীটনাশকৰ ব্যৱহাৰ।

2. ভৌতিক শোধন: অট’ক্লেভ মেচিনত ১২১ °C উষ্ণতাত ৩০ মিনিট ৰাখি বা সৌৰ শক্তিৰ সহায়ত (Soil Solarisation) পলিথিনেৰে ঢাকি মাটি গৰম কৰা।

3. জৈৱিক শোধন: মাটিত Trichoderma ৰ দৰে উপকাৰী জৈৱিক কাৰক মিহলাই শোধন কৰা।

প্ৰশ্ন ৫: প্ৰ’ ট্ৰে (Pro-trays) ৰ বাবে মাধ্যমটো কেনেকৈ প্ৰস্তুত কৰা হয়?

উত্তৰ: প্ৰ’ ট্ৰে বা কঠীয়া ৰখা পাত্ৰবোৰত বীজ সিঁচিবৰ বাবে মাটি ব্যৱহাৰ কৰা নহয়। ইয়াৰ পৰিৱৰ্তে ক’ক’ পিট (coco peat), ভাৰ্মিকুলাইট (vermiculite) আৰু পাৰ্লাইট (perlite) ক ৩:১:১ (3:1:1) অনুপাতত মিহলাই খেতিৰ মাধ্যমটো প্ৰস্তুত কৰা হয়।

প্ৰশ্ন ৬: বীজৰ অঙ্কুৰণত (Seed germination) প্ৰভাৱ পেলোৱা কাৰকসমূহৰ তালিকা দিয়া।

উত্তৰ: বীজৰ গজালি মেলিবলৈ প্ৰভাৱ পেলোৱা প্ৰধান কাৰকসমূহ হ’ল:

1. উষ্ণতা (Temperature)

2. আৰ্দ্ৰতা বা জলীয় বাষ্প (Moisture)

3. বীজ সিঁচাৰ সময় (Sowing time)

4. বীজ সিঁচাৰ গভীৰতা (Depth of sowing)

5. বীজৰ আৱৰণ (Seed coat)

6. বীজৰ জীৱনক্ষমতা (Seed viability)

7. বীজৰ সুপ্তাৱস্থা (Seed dormancy)

প্ৰশ্ন ৭: মাটিৰ কঠীয়া ভেটিৰ (Soil nursery) সুবিধা আৰু অসুবিধাসমূহ বৰ্ণনা কৰা।

উত্তৰ: সুবিধাসমূহ:

1. ই দামী হাইব্ৰীড বীজৰ অপচয় কমায়।

2. পোনপটীয়া খেতিতকৈ কঠীয়া ভেতিত বীজৰ গজালি মেলি উঠাৰ হাৰ বেছি।

3. কম খৰচ আৰু কম যত্নতে সুস্থ কঠীয়া উৎপাদন কৰিব পাৰি।

4. শস্যৰ সময়সীমা হ্ৰাস কৰে আৰু আগতীয়াকৈ উৎপাদন পোৱাত সহায় কৰে।

অসুবিধাসমূহ:

1. প্ৰ’ ট্ৰে পদ্ধতিতকৈ ইয়াত বীজ বেছি পৰিমাণে লাগে।

2. কঠীয়া উঠোৱাৰ সময়ত শিপা নষ্ট হোৱাৰ সম্ভাৱনা থাকে।

3. মাটি ভালদৰে শোধন নকৰিলে মাটিৰ পৰা সংক্ৰমণ হোৱাৰ সম্ভাৱনা বেছি।

4. নিগনি বা চৰাই-চিৰিকটিৰ দ্বাৰা লোকচান হোৱাৰ সম্ভাৱনা থাকে।

C. স্তম্ভ মিলোৱা (Match the Columns)

 

Leave a Reply

Your email address will not be published. Required fields are marked *