Class_9/Unit_3//Session_2

I. খালী ঠাই পূৰণ কৰা (Fill in the Blanks)

1. সমভূমি অঞ্চলত আলু খেতি কৰাৰ উপযুক্ত সময় হৈছে __________।

উত্তৰ: ছেপ্টেম্বৰ–অক্টোবৰ (September–October)

2. পুলি ৰোপণৰ সময়ত পুলিটোৰ উপযুক্ত উচ্চতা হ’ব লাগে __________।

উত্তৰ: ১০–১৫ ছে.মি. (10–15 cm)

3. __________ এ ফলবোৰ মাটিৰ ওপৰত ওলমি থকা অৱস্থাত ৰখাত সহায় কৰে।

উত্তৰ: ষ্টেকিং / খুঁটি মৰা (Staking)

4. __________ হৈছে এক পদ্ধতি যাৰ দ্বাৰা নিৰ্বাচিত পুলিবোৰক তামোলবাৰী বা নাৰ্ছাৰীৰ পৰা তুলি আনি মূল পথাৰত নিৰ্দিষ্ট দূৰত্বত ৰোপণ কৰা হয়।

উত্তৰ: পুলি ৰোপণ বা সংৰোপণ (Transplanting)

5. পুলিবোৰক কঠীয়া হিচাপে কঠিন কৰি (Hardening) __________ প্ৰতিৰোধ কৰিব পাৰি।

উত্তৰ: ট্ৰান্সপ্লেণ্টিং শ্বক বা সংৰোপণ জনিত আঘাত (Transplanting shock)

6. আলু খেতি পোনপটীয়াকৈ মূল পথাৰত __________ ৰোপণ কৰি কৰা হয়।

উত্তৰ: টিউবাৰ বা আলুৰ গুটি (tubers)

7. আলু খেতিৰ বাবে সৰ্বোত্তম তাপমাত্ৰা হৈছে __________।

উত্তৰ: ৩০–৩২ °C (30–32 °C)

8. অন্তৰাৱৰ্তী শস্য (Intercropping) পদ্ধতিত দকৈ শিপা যোৱা শস্যৰ সৈতে এক __________ শস্য বাছি লোৱা হয়।

উত্তৰ: চুটি বা তৰাং শিপা থকা (Short duration and shallow-rooted)

9. __________ এ মাটিৰ উৰ্বৰতা বজাই ৰাখে আৰু উন্নত কৰে।

উত্তৰ: শস্য পৰিৱৰ্তন বা শস্য আৱৰ্তন (Crop rotation)

II. বহু বিকল্পধৰ্মী প্ৰশ্ন (Multiple Choice Questions – MCQ)

1. পুলি ৰোপণৰ সময়ত এটা পুলি কেনেকুৱা হ’ব লাগে?

(a) সবল আৰু কটকটীয়া (vigorous and sturdy)

(b) এটা সুস্থ শিপা প্ৰণালী থকা (having a healthy root system)

(c) কীট-পতংগ আৰু বেমাৰৰ পৰা মুক্ত (free from insects, pests and diseases)

(d) ওপৰৰ আটাইকেইটা (all of the above)

উত্তৰ: (d) ওপৰৰ আটাইকেইটা

2. কেনেকুৱা বতৰত পুলি ৰোপণ কৰা উচিত?

(a) ডাৱৰীয়া (cloudy)

(b) ঠাণ্ডা (cool)

(c) (a) আৰু (b) দুয়োটা (both a and b)

(d) গৰম (hot)

উত্তৰ: (c) (a) আৰু (b) দুয়োটা

3. ছ’লানেচিয়াছ (Solanaceous) পাচলি শস্যবোৰক কি বুলি জনা যায়?

(a) গৰম দিনৰ শস্য (warm season crop)

(b) ঠাণ্ডা দিনৰ শস্য (cool season crop)

(c) সমভাবাপন্ন জলবায়ুৰ শস্য (temperate crop)(d) ওপৰৰ এটাও নহয় (none of the above)

উত্তৰ: (a) গৰম দিনৰ শস্য

4. পুলি ৰোপণ কৰাৰ লগে লগে পুলিবোৰৰ বৃদ্ধি সাময়িকভাৱে বন্ধ হোৱা বা মৰি যোৱা কাৰ্য্যক কি বোলা হয়?

(a) ডেম্পিং অফ (damping off)

(b) জিয়ঁ পৰা বা লেৰেলী যোৱা (wilt)

(c) সংৰোপণ জনিত আঘাত (transplanting shock)

(d) ওপৰৰ এটাও নহয় (none of the above)

উত্তৰ: (c) সংৰোপণ জনিত আঘাত

5. গছৰ কাণ্ড বা ডালবোৰ কাঠৰ বা ধাতুৰ খুঁটিৰ সৈতে বান্ধি সহায় কৰা পদ্ধতিক __________ বোলে।

(a) ৰৌগিং / অবাঞ্ছিত গছ তোলা (Rouging)

(b) ষ্টেকিং / খুঁটি মৰা (Staking)

(c) ডাল কটা বা ছাটিয়া (Pruning)

(d) অন্তৰাৱৰ্তী শস্য (Intercropping)

উত্তৰ: (b) ষ্টেকিং / খুঁটি মৰা

6. সমভূমি অঞ্চলত আলুক কি শস্য হিচাপে গণ্য কৰা হয়?

(a) গ্ৰীষ্মকালীন শস্য (summer season)

(b) বাৰিষা কালৰ শস্য (rainy season)

(c) শীতকালীন শস্য (winter season)

(d) গোটেই বছৰ ধৰি হোৱা শস্য (all the year round)

উত্তৰ: (c) শীতকালীন শস্য

7. যেতিয়া একেখন মাটিতে দুটা বা ততোধিক শস্য এটাৰ পিছত এটাকৈ অলটাৰনেট বা এটা এৰি এটা শাৰীত একেলগে কৰা হয়, তাক কি প্ৰণালী বোলে?

(a) মিশ্ৰিত শস্য (mix cropping)

(b) অন্তৰাৱৰ্তী শস্য (intercropping)

(c) ৰিলে শস্য (relay cropping)

(d) শস্য পৰিৱৰ্তন (crop rotation)

উত্তৰ: (b) অন্তৰাৱৰ্তী শস্য

8. একে টুকুৰা মাটিতে এটা বছৰত বা দীৰ্ঘ সময়ৰ ভিতৰত এটা নিৰ্দিষ্ট ক্ৰমত শস্য সলনি কৰি খেতি কৰা পদ্ধতিটোক কি বুলি জনা যায়?

(a) মিশ্ৰিত শস্য (mix cropping)

(b) অন্তৰাৱৰ্তী শস্য (intercropping)

(c) ৰিলে শস্য (relay cropping)

(d) শস্য পৰিৱৰ্তন (crop rotation)

উত্তৰ: (d) শস্য পৰিৱৰ্তন

Descriptive Questions:

১. সংৰোপণ জনিত আঘাত (Transplanting Shock) কি? ইয়াক কেনেকৈ কমাব পাৰি?

উত্তৰঃ ট্ৰান্সপ্লেণ্টিং শ্বক বা সংৰোপণ জনিত আঘাত:পুলি এটা কঠীয়া বা নাৰ্ছাৰীৰ পৰা উঠাই মূল পথাৰত ৰোপণ কৰাৰ লগে লগে পুলিটোৰ স্বাভাৱিক বৃদ্ধিত সাময়িকভাৱে বাধা অহা বা পুলিটো মৰি যোৱা কাৰ্য্যকে সংৰোপণ জনিত আঘাত বা ‘Transplanting Shock’ বোলা হয়। ইয়াক হ্ৰাস কৰাৰ উপায়সমূহ:

1. পুলি কঠিন কৰা (Hardening): পুলি সংৰোপণ কৰাৰ ৩–৫ দিন আগৰ পৰা পানী যোগান বন্ধ কৰি বা কমাই দি পুলিবোৰক পথাৰৰ কঠিন পৰিৱেশৰ উপযোগী কৰি তুলিব লাগে।

2. উপযুক্ত সময় বাছনি: সদায় আবেলি সময়ত বা ডাৱৰীয়া বতৰত পুলি ৰোপণ কৰিব লাগে, যাতে ৰাতিৰ কম উষ্ণতাত পুলিটোৱে হেৰুওৱা শক্তি ঘূৰাই পাব পাৰে।

3.শিপাৰ সুৰক্ষা: পুলিটো উঠোৱাৰ ঠিক আগে আগে কঠীয়া তলিত পানী দিব লাগে, যাতে শিপাত কোনো আঘাত নালাগে।

4. পানী যোগান: পুলি ৰোপণ কৰাৰ পিছত প্ৰায় এসপ্তাহলৈ নিয়মীয়াকৈ পানী দি থাকিব লাগে।

২. ষ্টেকিং (Staking) কি? ইয়াৰ সুবিধাসমূহ উল্লেখ কৰা।

উত্তৰঃ ষ্টেকিং বা খুঁটি মৰা পদ্ধতি:ষ্টেকিং হৈছে গছ এডালৰ কাণ্ড বা ডালবোৰ কাঠ বা ধাতুৰ খুঁটিৰ সৈতে সূতা বা তাৰে বান্ধি উলম্বভাৱে (থিয়কৈ) ধৰি ৰখাত সহায় কৰা এক পদ্ধতি. সাধাৰণতে বিলাহী আৰু জলকীয়া খেতিত ইয়াৰ প্ৰয়োগ বেছিকৈ কৰা হয়.ষ্টেকিং কৰাৰ সুবিধাসমূহ:

ই বতাহৰ বাবে গছজোপাক ভাঙি বা উভালি পৰাৰ পৰা ৰক্ষা কৰে।

2. ছ’লানেচিয়াছ শস্যবোৰত যেতিয়া প্ৰচুৰ পৰিমাণে ফল লাগে, তেতিয়া গছৰ ডালবোৰ ভৰ সহিব নোৱাৰি ভাঙি যোৱা বা তললৈ হালি পৰা সমস্যাটো ই প্ৰতিৰোধ কৰে।

3. ই গছজোপাক পোনকৈ থিয় হৈ থকাত সহায় কৰে আৰু ফলবোৰ মাটিৰ সংস্পৰ্শলৈ অহাৰ পৰা বচাই ওপৰত ওলমি থকা অৱস্থাত ৰাখে, যাৰ ফলত ফলৰ গুণগত মান উন্নত হয়।

৩. সংৰোপণ বা পুলি ৰোপণৰ বাবে পুলি বাছনিৰ মাপকাঠীসমূহ (Criteria) লিখা।

উত্তৰঃ পুলি ৰোপণৰ বাবে সদায় নাৰ্ছাৰীৰ পৰা শ্ৰেষ্ঠ পুলিবোৰ বাছি ল’ব লাগে। ইয়াৰ মাপকাঠীসমূহ তলত দিয়া ধৰণৰ:

1. পুলিবোৰ ৪–৫ সপ্তাহ বয়সৰ আৰু ১০–১৫ ছে.মি. উচ্চতাৰ (৪–৫ টা পাত থকা) হ’ব লাগিব।

2. পুলিটো সবল, সতেজ আৰু কটকটীয়া (vigorous and sturdy) হ’ব লাগিব।

3. পুলিটোৰ শিপা প্ৰণালী সম্পূৰ্ণ সুস্থ আৰু শক্তিশালী হ’ব লাগিব।

4. পুলিবোৰ সকলো ধৰণৰ কীট-পতংগ, অনিষ্টকাৰী জীৱ আৰু বেমাৰ-আজাৰৰ পৰা মুক্ত হ’ব লাগিব।

5. দুৰ্বল, অতিশয় দীঘল বা লেৰেলী যোৱা আৰু অতিমাত্ৰা বাঢ়ি যোৱা (overgrown) পুলি বাছনি কৰিব নালাগে।

৪. আলু ৰোপণ কৰা পদ্ধতিটো বৰ্ণনা কৰা।

উত্তৰঃ আলু ৰোপণৰ পদ্ধতি (Method of Potato Planting):

বীজ বাছনি: আলু খেতিৰ বাবে পোনপটিয়াকৈ আলুৰ টিউবাৰ (Potato tubers) বা আলুৰ গুটি বা কন্দ ব্যৱহাৰ কৰা হয়।

মাটি প্ৰস্তুতকৰণ: পথাৰখন ভালদৰে চহাই লোৱাৰ পিছত ট্ৰেক্টৰ বা হালৰ সহায়ত ‘Ridge and Furrow’ অৰ্থাৎ ভেটি আৰু নলা পদ্ধতি প্ৰস্তুত কৰা হয়।

ৰোপণ: আলুৰ বীজবোৰ প্ৰতিটো ভেটিৰ (Ridge) উত্তৰ দিশত নিৰ্দিষ্ট দূৰত্বত ৰোপণ কৰা হয়।

সাৱধানতা: ট্ৰেক্টৰ চালিত মেচিন (row planter-cum-fertiliser drills) ব্যৱহাৰ কৰিলে সাৱধান হ’ব লাগে যাতে আলুৰ বীজবোৰ সাৰৰ পোনপটীয়া সংস্পৰ্শলৈ নাহে।

৫. বিভিন্ন ছ’লানেচিয়াছ (Solanaceous) শস্যৰ বাবে প্ৰয়োজনীয় দূৰত্বসমূহ (Spacing) উল্লেখ কৰা।

উত্তৰঃ ছ’লানেচিয়াছ শস্যৰ পৰা সৰ্বোত্তম উৎপাদন পাবলৈ শাৰীৰ পৰা শাৰী (Row-to-Row) আৰু পুলিৰ পৰা পুলিৰ (Plant-to-Plant) দূৰত্ব সঠিককৈ ৰখাতো প্ৰয়োজনীয়। তলৰ তালিকাত ইয়াৰ অনুমোদিত দূৰত্ব দিয়া হ’ল:

Leave a Reply

Your email address will not be published. Required fields are marked *