A. Fill in the Blanks (খালী ঠাই পূৰণ কৰা)
1. Carbon, hydrogen আৰু oxygen মিলি তৈয়াৰ হোৱা যৌগবোৰক carbohydrates (কাৰ্ব’হাইড্ৰেট) বুলি কোৱা হয়।
2. উদ্ভিদে বায়ু আৰু পানীৰ পৰা carbon, hydrogen আৰু oxygen (অক্সিজেন) লাভ কৰে।
3. Micro-nutrients (অণুপুষ্টিকাৰক উপাদান) সমূহক minor বা trace (ট্ৰেচ) উপাদান বুলিও জনা যায়।
4. Nitrogen (নাইট্ৰ’জেন)-ৰ কাম হ’ল গছক গাঢ় সেউজীয়া ৰং প্ৰদান কৰা আৰু পাতৰ গুণগত মানদণ্ড উন্নত কৰা।
5. মূল বা শিপা গঠন আৰু ইয়াৰ সুস্থ বিকাশত সহায় কৰাটো Phosphorus (ফছফৰাছ)-ৰ কাম।
6. Calcium হ’ল উদ্ভিদৰ cell wall (কোষবেৰ)-ৰ এটা গুৰুত্বপূৰ্ণ উপাদান।
7. Magnesium-এ fats (চৰ্বি বা স্নেহদাৰ্থ)-ৰ পৰিপাক বা আত্মীকৰণত সহায় কৰে।
8. Zinc-এ উদ্ভিদৰ rate of maturity (পৰিপক্কতাৰ হাৰ) খৰতকীয়া কৰে।
9. Manganese উদ্ভিদৰ সালোক-সংশ্লেষণ প্ৰক্ৰিয়াৰ oxidation-reduction (জাৰণ-বিজাৰণ) প্ৰক্ৰিয়াত জড়িত হৈ থাকে।
10. Nitrogen fixation (নাইট্ৰ’জেন স্থিৰীকৰণ) আৰু nitrate assimilation (নাইট্ৰেট আত্মীকৰণ) হৈছে Molybdenum (মলিবডিনাম)-ৰ কাৰ্য।
B. Multiple Choice Questions (MCQ)
১/ উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ বাবে কেইটা প্ৰয়োজনীয় উপাদানৰ (essential elements) দৰকাৰ?
(a) 15
(b) 16
(c) 17
(d) 18
উত্তৰ: (c) 17
২/ তলৰ কোনবোৰ micro-nutrients (অণুপুষ্টিকাৰক উপাদান)?
(a) Ca, Mg, S
(b) N, P, K
(c) C, H, O
(d) Zn, Cu, B
উত্তৰ: (d) Zn, Cu, B
৩/ RNA (Ribonucleic acid)-ৰ ক্ষাৰক বা বেছ সংশ্লেষণত কোনে সহায় কৰে?
(a) Boron
(b) Molybdenum
(c) Chlorine
(d) All of the above
উত্তৰ: (a) Boron
৪/ উদ্ভিদত Molybdenum কিহৰ বাবে প্ৰয়োজনীয়?
(a) protein synthesis
(b) photosynthesis
(c) chlorophyll
(d) nitrogen fixation
উত্তৰ: (d) nitrogen fixation
৫/ Boron-ৰ অভাৱৰ ফলত কি হ’ব পাৰে?
(a) loss of apical dominance (অগ্ৰস্থ প্ৰভাৱিতা হ্ৰাস পোৱা)
(b) rosette appearance (ৰ’জেট আকৃতি হোৱা)
(c) syrupy exudation from the leaf blade (পাতৰ ফলকৰ পৰা আঠালতীয়া ৰস ওলোৱা)
(d) all of the above (ওপৰৰ আটাইকেইটা)
উত্তৰ: (d) all of the above
C. Descriptive Questions:
১/ উদ্ভিদৰ বাবে পোষক দ্ৰব্যসমূহ অপৰিহাৰ্য বা আৱশ্যকীয় হোৱাৰ চৰ্তসমূহ কি কি? (What are the criteria of essentiality of nutrients?)
উত্তৰ: আৰ্নন আৰু ষ্টআউট (Arnon and Stout, 1939)-ৰ মতে, এটা পোষক উপাদান উদ্ভিদৰ বাবে অপৰিহাৰ্য হ’বলৈ হ’লে তলৰ তিনিটা চৰ্ত পূৰণ কৰিব লাগিব:
জীৱন চক্ৰ সম্পূৰ্ণ কৰা: সেই নিৰ্দিষ্ট খনিজ উপাদানটোৰ অবিহনে উদ্ভিদে নিজৰ জীৱন চক্ৰ (growth আৰু seed production) সম্পূৰ্ণ কৰিব নোৱাৰে।
অনিবাৰ্য বা নিৰ্দিষ্টতা: উপাদানটোৰ কাম একেবাৰে নিৰ্দিষ্ট হ’ব লাগিব, অৰ্থাৎ তাৰ অভাৱ আন কোনো উপাদানেৰে পূৰণ কৰিব নোৱাৰি।
প্ৰত্যক্ষ অংশগ্ৰহণ: উপাদানটো উদ্ভিদৰ বিপাকীয় ক্ৰিয়াৰ (plant metabolism) সৈতে পোনপটীয়াভাৱে জড়িত হ’ব লাগিব।
২/ Macro-nutrients (মুখ্য পুষ্টি উপাদান) আৰু Micro-nutrients (অণুপুষ্টিকাৰক উপাদান) কি? উদাহৰণ দিয়া। (What are micro and macro-nutrients? Give examples.)
উত্তৰ: Macro-nutrients (মুখ্য পুষ্টি উপাদান): উদ্ভিদৰ জীৱনত যিবোৰ পোষক উপাদানৰ প্ৰয়োজন অধিক পৰিমাণে হয়, সেইবোৰক Macro-nutrients বোলে। ইয়াক আকৌ দুটা ভাগত ভগাব পাৰি: প্ৰাথমিক পুষ্টি (Primary nutrients): যেনে— নাইট্ৰ’জেন (N), ফছফৰাছ (P), আৰু পটাছিয়াম (K)।
মাধ্যমিক পুষ্টি (Secondary nutrients): যেনে— কেলচিয়াম (Ca), মেগনেচিয়াম (Mg), আৰু ছালফাৰ (S).
Micro-nutrients (অণুপুষ্টিকাৰক উপাদান): উদ্ভিদৰ সুস্থ বৃদ্ধিৰ বাবে যিবোৰ উপাদান অতি কম বা সূক্ষ্ম পৰিমাণে প্ৰয়োজন হয়, সেইবোৰক Micro-nutrients বা অণুপুষ্টিকাৰক উপাদান (trace elements) বোলে। উদাহৰণ: আইৰণ বা লোহা (Fe), মেংগানিজ (Mn), কপাৰ বা তাম (Cu), জিংক বা দস্তা (Zn), ক্ল’ৰিন (Cl), ব’ৰণ (B), মলিবডিনাম (Mo), আৰু নিকেল (Ni)।
৩/ নাইট্ৰ’জেনৰ গুৰুত্বপূৰ্ণ কামবোৰ কি কি? ইয়াৰ অভাৱজনিত লক্ষণসমূহ লিখা। (What are the important functions of nitrogen? Write its deficiency symptoms.)
উত্তৰ:নাইট্ৰ’জেনৰ কাৰ্য বা ভূমিকা (Functions):
1. ই উদ্ভিদৰ পাত আৰু কাণ্ডৰ বৃদ্ধিত সহায় কৰে।
2.ই উদ্ভিদৰ পাতবোৰ গাঢ় সেউজীয়া কৰে আৰু পাতৰ গুণগত মান উন্নত কৰে।
3. কোষৰ প্ৰ’টিন আৰু ক্ল’ৰ’ফিল গঠনৰ বাবে নাইট্ৰ’জেন অতি প্ৰয়োজনীয়।
4. ই উদ্ভিদৰ আন আন পোষক দ্ৰব্য (যেনে— ফছফৰাছ, পটাছিয়াম আদি) গ্ৰহণ আৰু আত্মীকৰণ কৰাত সহায় কৰে।
অভাৱজনিত লক্ষণ (Deficiency symptoms):
1. উদ্ভিদৰ শক্তি বা সজীৱতা হ্ৰাস পায় আৰু সেউজীয়া অংশবোৰ হালধীয়া পৰিবলৈ ধৰে (Chlorosis)।
2. কাণ্ড চুটি হৈ পৰে, পাতবোৰ শেঁতা পৰে আৰু আকাৰত সৰু হৈ থাকে।
3. উদ্ভিদৰ বৃদ্ধি অতি মন্থৰ হয় আৰু গছজোপাই চাপৰ বা বাওনা ৰূপ লয়।
D. Match the Columns (স্তম্ভ মিলোৱা)
উত্তৰঃ 
Leave a Reply