A. খালী ঠাই পূৰণ কৰা (Fill in the Blanks)
১. ________ প্ৰকাৰৰ বিলাহী গছৰ বৃদ্ধি ফুলৰ কলিতে বন্ধ হৈ যায়।
উত্তৰ: Determinate (নিৰ্ধাৰিত বৃদ্ধি সম্পন্ন)
২. Pusa Sadabahar হ’ল ________ ৰ এটা প্ৰকাৰ।
উত্তৰ: বিলাহী (Tomato)
৩. দীঘল আৰু সেউজীয়া ৰঙৰ বেগেনাৰ জাতটো হ’ল ________।
উত্তৰ: Arka Shirish
৪. প্ৰক্ৰিয়াকৰণৰ (processing) বাবে উপযুক্ত আলুৰ জাতটো হ’ল ________।
উত্তৰ: Kufri Chipsona-1 (বা Kufri Chipsona-2)
B. বহু বিকল্পী প্ৰশ্ন (Multiple Choice Questions)
১. বীজক এটা সুপ্ত ________ হিচাপে অভিহিত কৰিব পাৰি।
(a) embryo (ভ্ৰূণ)
(b) ovule
(c) ovary
(d) fruit
উত্তৰ: (a) embryo (ভ্ৰূণ)
২. তলৰ কোনটো বীজৰ অংশ নহয়?
(a) Seed coat
(b) Embryo
(c) Cotyledon
(d) Ovary
উত্তৰ: (d) Ovary
৩. Determinate প্ৰকাৰৰ বিলাহীৰ ভিতৰত ________ জাত অন্তৰ্ভুক্ত।(a) late
(b) early
(c) mid-season
(d) all of the above
উত্তৰ: (b) early (আগতীয়া জাত)
৪. তলৰ কোনটো determinate প্ৰকাৰৰ বিলাহী নহয়?
(a) Vaishali
(b) Rupali
(c) Arka Saurabh
(d) Rashmi
উত্তৰ: (c) Arka Saurabh (এইটো indeterminate প্ৰকাৰৰ)
৫. কোনটো বিলাহীৰ জাত indeterminate প্ৰকাৰৰ নহয়?
(a) Arka Rakshak
(b) Arka Meghali
(c) Arka Samrat
(d) Pusa Early Dwarf
উত্তৰ: (d) Pusa Early Dwarf
৬. দীঘল ফল ধৰা বেগেনাৰ জাতটো হ’ল—
(a) Pusa Hybrid–6
(b) Pusa Hybrid–9
(c) Pusa Upkar
(d) Pusa Purple Cluster
উত্তৰ: (d) Pusa Purple Cluster
৭. তলৰ কোনটো sweet pepper (কেপচিকাৰ/মিঠা জলকীয়া) ৰ জাত?(a) Pusa Jwala
(b) Pant C–1
(c) Andhra Jyoti
(d) Arka Mohini
উত্তৰ: (d) Arka Mohini
৮. বিশুদ্ধ জাতৰ বিলাহীৰ বীজৰ হাৰ (seed rate) হ’ল ________ গ্ৰাম/হেক্টৰ।
(a) 400
(b) 200
(c) 600
(d) 700
উত্তৰ: (a) 400
C. Descriptive questions
১. বীজ কি? বীজৰ বিভিন্ন অংশসমূহ কি কি?
বীজ কি: বীজ হ’ল এটা সুপ্ত ভ্ৰূণ (dormant embryo), যিটো প্ৰয়োজনীয় পাৰিপাৰ্শ্বিক পৰিস্থিতি পালে এজোপা উদ্ভিদলৈ বিকশিত হয়।
বীজৰ অংশসমূহ:
(a) বীজৰ আৱৰণ (Seed coat)
(b) ভ্ৰূণ: বীজপত্ৰ বা ভ্ৰূণপোষ (Embryo: Cotyledons or endosperm)
(c) ভ্ৰূণমুকুল (Plumule bud)
(d) ভ্ৰূণমূল (Radicle)
২. ভাৰতত প্ৰমাণিত বীজ (certified seeds) উৎপাদনৰ বাবে কোনবোৰ সংস্থা দায়বদ্ধ?
ভাৰতত অনুমোদিত বীজ উৎপাদনকাৰী সংস্থাসমূহ হ’ল:
1. ভাৰতীয় কৃষি গৱেষণা পৰিষদ (ICAR) প্ৰতিষ্ঠানসমূহ
2. ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়সমূহ (SAUs)
3. ৰাষ্ট্ৰীয় বীজ নিগম (NSC)
4. ৰাজ্যিক বীজ নিগম (SSC)
5. ভাৰতীয় ৰাজ্যিক ফাৰ্ম নিগম (SFCI)
6. কৃষি বিজ্ঞান কেন্দ্ৰসমূহ (KVKs)
৩. Determinate আৰু Indeterminate প্ৰকাৰৰ বিলাহীৰ মাজত পাৰ্থক্য লিখা।
Determinate type: এই গছবোৰৰ বৃদ্ধি ফুলৰ কলিতে বন্ধ হৈ যায়। ইহঁত তুলনামূলকভাৱে চাপৰ, কাণ্ড মজবুত আৰু বহুতো শাখা-প্ৰশাখা থাকে। এইবোৰ সাধাৰণতে আগতীয়া জাত (early varieties)।
Indeterminate type: এই গছবোৰৰ বৃদ্ধি অগ্ৰস্থ মুকুলত (vegetative bud) শেষ হয় আৰু লতাৰ দৰে অবিৰতভাৱে বাঢ়ি থাকে। ইহঁতৰ কাণ্ড দীঘল আৰু দুৰ্বল, গতিকে জেং বা খুঁটিৰ (support) প্ৰয়োজন হয়।
৪. বীজৰ গুণগত মাপকাঠী (seed quality) বৰ্ণনা কৰা।
এটা ভাল মানদণ্ডৰ বীজৰ তলত দিয়া গুণবোৰ থাকিব লাগে:
1. জিনীয়ভাৱে বিশুদ্ধ (genetically pure) হ’ব লাগে।
2. গজালি মেলিব পৰা ক্ষমতা (viable) থাকিব লাগে।
3. উপযুক্ত পৰিমাণৰ আৰ্দ্ৰতা (optimum moisture) থাকিব লাগে।
4. অন্য বীজৰ মিশ্ৰণৰ পৰা মুক্ত হ’ব লাগে।
5. সুস্থ আৰু যিকোনো ৰোগ বা পোক-পৰুৱাৰ আক্ৰমণৰ পৰা মুক্ত হ’b লাগে।
6. ভাঙি-ছিঙি নোযোৱা বা সম্পূৰ্ণ অক্ষত (intact) হ’ব লাগে।
৫. ছ’লানেচিয়াচ শস্যৰ (solanaceous crops) প্ৰতি হেক্টৰত বীজৰ প্ৰয়োজনীয়তা উল্লেখ কৰা।
উত্তৰঃ 1. বিলাহী (Tomato): বিশুদ্ধ জাত: ৪০০-৫০০ গ্ৰাম/হেক্টৰ
হাইব্ৰিড: ১০০-১৫০ গ্ৰাম/হেক্টৰ
2. বেঙেনা (Brinjal): বিশুদ্ধ জাত: ৪০০-৫০০ গ্ৰাম/হেক্টৰ
হাইব্ৰিড: ১৫০-২০০ গ্ৰাম/হেক্টৰ
3. জলকীয়া (Chilli): বিশুদ্ধ জাত: ১০০০-১২৫০ গ্ৰাম/হেক্টৰ
হাইব্ৰিড: ২০০-২৫০ গ্ৰাম/হেক্টৰ
4. মিঠা জলকীয়া (Sweet Pepper): বিশুদ্ধ জাত: ৭৫০-৮০০ গ্ৰাম/হেক্টৰ হাইব্ৰিড: ২০০-২৫০ গ্ৰাম/হেক্টৰ
D. স্তম্ভ মিলোৱা (Match the Columns)
Leave a Reply