Class_10/Unit_4//Session_2

A. খালী ঠাই পূৰণ কৰা (Fill in the blanks)

1. চপোৱা শাক-পাচলিৰ পৰা পথাৰৰ উত্তাপ আঁতৰ কৰা প্ৰক্ৰিয়াটোক প্ৰি-কুলিং (Pre-cooling / পূৰ্ব-শীতলীকৰণ) বোলা হয়।

2. চপোৱা শস্য পৰিষ্কাৰ কৰিবলৈ 100–150 ppm ক্লৰিনযুক্ত পানী ব্যৱহাৰ কৰিব পাৰি।

3. পথাৰৰ পৰা বজাৰলৈ শস্য নিবলৈ ব্যৱহাৰ কৰা উষ্ণতা-নিয়ন্ত্ৰিত পৰিবহণ ব্যৱস্থাক ক’ল্ড চেইন বা কুল চেইন (Cold chain / Cool chain) বোলা হয়।

4. ন্যূনতম খৰচত উপভোক্তাৰ ওচৰলৈ উন্নত মানদণ্ডৰ শস্য যোগান ধৰিবলৈ কৰা প্ৰক্ৰিয়াটো হ’ল পেকেজিং (Packaging)

B. বহুবিকল্পভিত্তিক প্ৰশ্ন (Multiple Choice Questions – MCQs)

১. আকাৰ, আকৃতি আৰু ৰং অনুসৰি উৎপাদিত সামগ্ৰীবোৰ বিভিন্ন গোটত ভাগ কৰা প্ৰক্ৰিয়াটোক কি বোলা হয়?

(a) পেকিং (Packing)

(b) চৰ্টিং (Sorting)

(c) গ্ৰেডিং (Grading)

(d) ওপৰৰ এটাও নহয়

উত্তৰ: (c) গ্ৰেডিং (Grading)

২. পকা বিলাহী মজুত ৰখাৰ বাবে উপযুক্ত উষ্ণতা কিমান?

(a) 3–5 °C

(b) 7–10 °C

(c) 12–15 °C

(d) 15–20 °C

উত্তৰ: (b) 7–10 °C

৩. কিউৰিং (Curing) তলৰ কোনবিধ শস্যৰ চপোৱাৰ পাছত কৰা এক ফলপ্ৰসূ ব্যৱস্থা?

(a) বেঙেনা (Brinjal)

(b) বিলাহী (Tomato)

(c) কন্দ বা আলুজাতীয় শস্য (Tuber)

(d) জলকীয়া (Chili)

উত্তৰ: (c) কন্দ বা আলুজাতীয় শস্য (Tuber)

৪. মজুত কক্ষৰ ভিতৰত বায়ুমণ্ডলীয় গেছৰ মিশ্ৰণ নিয়ন্ত্ৰণ বা সলনি কৰা পদ্ধতিটোক কি বোলে?

(a) বাষ্পীভৱনমূলক মজুতকৰণ (Evaporative storage)

(b) গাঁতত মজুতকৰণ (Pit storage)

(c) পৰিৱৰ্তিত বায়ুমণ্ডলীয় মজুতকৰণ (Modified atmospheric storage)

(d) শীতাতপ নিয়ন্ত্ৰিত মজুতকৰণ (Refrigerated storage)

উত্তৰ: (c) পৰিৱৰ্তিত বায়ুমণ্ডলীয় মজুতকৰণ (Modified atmospheric storage)

৫. ভাৰতীয় মানক ব্যুৰো (BIS) দ্বাৰা নিৰ্ধাৰিত মান (Grades) হৈছে —

(a) চুপাৰ (Super)

(b) ফেঞ্চি (Fancy)

(c) কমাৰ্চিয়েল (Commercial)

(d) ওপৰৰ আটাইকেইটা (All of the above)

উত্তৰ: (d) ওপৰৰ আটাইকেইটা (All of the above)

C. বিষয়ভিত্তিক প্ৰশ্ন (Subjective Questions)

১. বিলাহী চপোৱাৰ বিভিন্ন স্তৰসমূহ উল্লেখ কৰা।

Ans: বিলাহী সাধাৰণতে বজাৰৰ দূৰত্ব আৰু ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি বিভিন্ন স্তৰত চিঙা বা চপোৱা হয়:

গাঢ় সেউজীয়া স্তৰ (Immature Green): বীজ আৰু ভিতৰৰ তৰল অংশ সম্পূৰ্ণ বিকশিত হোৱাৰ আগতেই চিঙা হয়, সাধাৰণতে এই অৱস্থাত চিঙিলে মানদণ্ড ভাল নহয়।

পূৰঠ সেউজীয়া স্তৰ (Mature Green): ফল সম্পূৰ্ণ বাঢ়ে কিন্তু ৰং সেউজীয়াই থাকে। বাহিৰৰ বা দূৰ-দূৰণিৰ বজাৰলৈ পঠিয়াবলৈ এই স্তৰত চপোৱা হয়।

ব্ৰেকাৰ স্তৰ (Breaker Stage): বিলাহীৰ তলৰ ফালে (blossom end) সামান্য গুলপীয়া বা হালধীয়া ৰং দেখা দিয়ে (১০% তকৈ কম)। দূৰ বজাৰৰ বাবে ই অতি উপযোগী।

টাৰ্নিং স্তৰ (Turning Stage):  ১০% ৰ পৰা ৩০% অংশত গুলপীয়া বা ৰঙচুৱা ৰং স্পষ্ট হয়।

গুলপীয়া স্তৰ (Pink Stage): ফলৰ ৩০% ৰ পৰা ৬০% অংশ গুলপীয়া বা ৰঙা হৈ পৰে। স্থানীয় বা ওচৰৰ বজাৰৰ বাবে উপযুক্ত।

পাতল ৰঙা স্তৰ (Light Red Stage): ফলৰ ৬০% ৰ পৰা ৯০% অংশ ৰঙচুৱা বা ৰঙা হৈ পৰে।

সম্পূৰ্ণ পকা স্তৰ (Red/Ripe Stage): ফলৰ ৯০% তকৈ অধিক অংশ গাঢ় ৰঙা হয়। ঘৰুৱা ব্যৱহাৰ আৰু উদ্যোগত প্ৰক্ৰিয়াকৰণ (যেনে— ছচ, কেচাপ প্ৰস্তুত কৰা)ৰ বাবে এই স্তৰত চপোৱা হয়।

২. বিলাহী আৰু জলকীয়াৰ শ্ৰেণীবিভাজন (Grading) সম্পৰ্কে লিখা।

Ans: শস্য চপোৱাৰ পাছত আকাৰ, ৰং, সতেজতা আৰু গুণাগুণৰ ভিত্তিত ফলসমূহ পৃথক কৰা প্ৰক্ৰিয়াকেই শ্ৰেণীবিভাজন বোলে।

বিলাহীৰ শ্ৰেণীবিভাজন: বিলাহীবোৰ প্ৰথমতে ৰোগাক্ৰান্ত, পচা, পোক লগা বা ফাটি যোৱা অংশ বাছি আঁতৰাই লোৱা হয়। তাৰ পাছত আকাৰ (ডাঙৰ, মজলীয়া, সৰু), ওজন আৰু পকিবলৈ লোৱা ৰঙৰ মাত্ৰা অনুসৰি সুকীয়াকৈ ভিন কৰা হয়। ভাৰতীয় মান অনুসৰি ইয়াক সাধাৰণতে Super, Fancy আৰু Commercial গ্ৰেডত ভাগ কৰা হয়।

জলকীয়াৰ শ্ৰেণীবিভাজন: কেঁচা জলকীয়াৰ ক্ষেত্ৰত দৈৰ্ঘ্য, গাঢ় সেউজীয়া ৰং, দৃঢ়তা আৰু বোঁটা (stalk) সতেজ হৈ থকাৰ ওপৰত লক্ষ্য ৰাখি শ্ৰেণীবিভাজন কৰা হয়। শুকান জলকীয়াৰ বাবে গাঢ় ৰঙা ৰং, একাকাৰ আকাৰ, ফাটি নোযোৱা আৰু ভেঁকুৰমুক্ত শুকান অৱস্থাক মানদণ্ড হিচাপে লোৱা হয়।

৩. শাক-পাচলি চপোৱাৰ পাছৰ ক্ষতিৰ (Post-harvest losses) বিভিন্ন কাৰণসমূহ বহলাই বৰ্ণনা কৰা।

Ans: শাক-পাচলি চপোৱাৰ পাছৰ পৰা গ্ৰাহকৰ ওচৰ পোৱালৈকে বিভিন্ন কাৰণত বুজন পৰিমাণৰ লোকচান হয়:

যান্ত্ৰিক ক্ষতি (Mechanical Damage): চপোৱা, কঢ়িওৱা আৰু বাছনি কৰাৰ সময়ত সাৱধানতা অৱলম্বন নকৰিলে ফল বা পাচলিবোৰ থেতেলা খোৱা, কটা যোৱা বা চিদ্ৰ হোৱাৰ ফলত সোনকালে পচিবলৈ ধৰে।

শাৰীৰিক আৰু জৈৱ-ৰাসায়নিক ক্ৰিয়া (Physiological & Biochemical Losses): চপোৱাৰ পাছতো শাক-পাচলিত শ্বসন (respiration) আৰু বাষ্পমোচন (transpiration) প্ৰক্ৰিয়া চলি থাকে। ফলত ইয়াৰ জলীয় অংশ বাষ্পীভূত হৈ শুকাই ওজন কমে আৰু গুণাগুণ নষ্ট হয়।

ৰোগ আৰু অণুজীৱৰ আক্ৰমণ (Biological/Pathological Causes): কটা বা থেতেলা খোৱা অংশইদি সহজে ভেঁকুৰ (fungi) আৰু বেক্টেৰিয়া প্ৰৱেশ কৰে, যাৰ ফলত কোমল হৈ পচি যায়।

উষ্ণতা আৰু আৰ্দ্ৰতাৰ সঠিক নিয়ন্ত্ৰণৰ অভাৱ: অপযুক্ত সংৰক্ষণ উষ্ণতা আৰু আপেক্ষিক আৰ্দ্ৰতাৰ বাবে অতি সোনকালে পকি নষ্ট হয় বা অতিপাত ঠাণ্ডাত ‘Chilling Injury’ হয়।

পৰিবহণ আৰু অপৰ্যাপ্ত সা-সুবিধা: বৈজ্ঞানিক পেকেজিং, শীতলীভৱন বাহন (refrigerated transport) আৰু শীতল ভঁৰালৰ (Cold storage) অভাৱত বহু শাক-পাচলি নষ্ট হয়।

৪. পৰিৱৰ্তিত বায়ুমণ্ডলীয় সংৰক্ষণ (Modified Atmospheric Storage) সম্পৰ্কে এটা টোকা লিখা।

পৰিৱৰ্তিত বায়ুমণ্ডলীয় সংৰক্ষণ (MAS) হ’ল এক আধুনিক সংৰক্ষণ পদ্ধতি য’ত শাক-পাচলি বা ফল-মূল ৰখা স্থানৰ চাৰিওফালৰ গেছীয় অনুপাত কৃত্ৰিমভাৱে নিয়ন্ত্ৰণ কৰি সংৰক্ষণ কাল বৃদ্ধি কৰা হয়।

কাৰ্যপ্ৰণালী: স্বাভাৱিক বায়ুমণ্ডলত থকা অক্সিজেন (O_2) ৰ মাত্ৰা হ্ৰাস কৰা হয় আৰু কাৰ্বন-ডাই-অক্সাইড (CO_2) ৰ মাত্ৰা সামান্য বৃদ্ধি কৰা হয়।

উপকাৰিতা: গেছৰ এনে পৰিৱৰ্তনে শস্যৰ শ্বসন ক্ৰিয়া (respiration rate) আৰু ইথিলিন গেছৰ উৎপাদন যথেষ্ট কমাই দিয়ে। ফলস্বৰূপে ফল অতি সোনকালে পকি নষ্ট নহয়, সতেজতা বহু দিনলৈ অক্ষুণ্ণ থাকে আৰু অণুজীৱৰ বৃদ্ধি বাধাপ্ৰাপ্ত হয়।

ব্যৱহাৰ: সাধাৰণতে নিৰ্দিষ্ট ছিদ্ৰযুক্ত বিশেষ প্লাষ্টিক পেকেজিং (Polyethylene/Polypropylene film) ব্যৱহাৰ কৰি এনে পৰিৱেশ সৃষ্টি কৰা হয়।

৫. গাঁত সংৰক্ষণ (Pit storage) কেনেকৈ প্ৰস্তুত কৰা হয়?

Ans: গাঁত সংৰক্ষণ হ’ল গাঁৱলীয়া অঞ্চলত আলু, মিঠা আলু বা কন্দজাতীয় শস্য সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা এক পৰম্পৰাগত আৰু কম খৰচী পদ্ধতি।

স্থান নিৰ্বাচন: পানী জমা নোহোৱা ওখ, ছাঁযুক্ত আৰু শুকান স্থান বাছি লোৱা হয়।

গাঁত খন্দা: মাটিত প্ৰায় ১ পৰা ১.৫ মিটাৰ গভীৰ আৰু প্ৰয়োজন অনুসৰি বহল কৰি একোটা গাঁত খন্দা হয়।

তলৰ আৱৰণ প্ৰস্তুত: গাঁতটোৰ তলত আৰু কাষত শুকান খড়, নৰা, বাঁহৰ পাত বা বালিৰ এটা ডাঠ তৰপ পাৰি দিয়া হয় যাতে মাটিৰ পোনে পোনে সংস্পৰ্শ আৰু সেমেকা ভাব নপৰে।

শস্য ভৰোৱা: বাছনি কৰা আৰু শুকান শস্যবোৰ গাঁতটোত সতৰ্কতাৰে স্তৰে স্তৰে সজোৱা হয়।

ঢাকনি আৰু বায়ু চলাচল: শস্যখিনি ভৰোৱাৰ পিছত ওপৰত পুনৰ শুকান খড় দি তাৰ ওপৰত মাটিৰ এটা ঢিপ তুলি দিয়া হয় যাতে বৰষুণৰ পানী সোমাব নোৱাৰে। বায়ু চলাচলৰ বাবে গাঁতটোৰ সোঁমাজেৰে বাঁহৰ ফোঁপোলা চুঙা বা নলী এডাল উলিয়াই ৰখা হয়।

 

Leave a Reply

Your email address will not be published. Required fields are marked *