Class10_Unit_3//Session_1

A. খালী ঠাই পূৰণ কৰা (Fill in the blanks)

১. ফান্দ শস্য (Trap crop) হিচাপে _______ ৰুই বিলাহীৰ ফল বিন্ধা কৰা পোকক (Tomato fruit borer) মূল খেতিৰ পৰা আঁতৰাই ৰাখিব পাৰি।

উত্তৰ: Marigold

Note: বিলাহীৰ ফল বিন্ধা কৰা পলু বা পোকক আকৰ্ষণ কৰি মূল খেতিডৰা বচাবলৈ কাষত মাৰিগ’ল্ডক (Trap crop) বা ফান্দ শস্য হিচাপে ৰোৱা হয়।

২. পূৰঠ বা প্ৰাপ্তবয়স্ক _______ বোৰ বৰ কোমল, লাহী, অতি ক্ষুদ্ৰ আৰু পাখিযুক্ত হয়।

উত্তৰ: Aphids (মোৱা পোক)

Note: পূৰঠ এফিড (Aphids) বা মোৱা পোকবোৰ বৰ কোমল, লাহী আৰু পাখিথকা সৰু সৰু পোক।

৩. _______ ৰ পলুৱে পাতৰ ভিতৰলৈ সুৰংগ খান্দি সোমাই যায় আৰু পাতৰ ভিতৰৰ কোমল অংশ (Mesophyll) খাই নষ্ট কৰে।

উত্তৰ: Leaf Miner (পাত সুৰংগী পোক)

Note: লিফ মাইনাৰ (Leaf miner) নামৰ পোকবিধৰ পলুৱে পাতৰ ভিতৰত সুৰংগ বা নলা খান্দি পাতৰ ভিতৰৰ কোমল অংশ (mesophyll) খাই নষ্ট কৰে।

৪. লিফ হপাৰ বা জাচিড (Leaf hopper / Jassids) ৰ আক্ৰমণ হ’লে গছৰ পাতবোৰ হালধীয়া পৰে আৰু _______।

উত্তৰ: curling upwards (ওপৰৰ ফালে কেঁকুৰা খাই যোৱা)

Note: লিফ হপাৰ বা জাচিড নামৰ পোকে পাতৰ ৰস শুহি খোৱাৰ ফলত পাতবোৰ হালধীয়া পৰে আৰু ওপৰৰ ফালে কোচ খাই বা কেঁকুৰা খাই যায়।

৫. _______ ৰ দ্বাৰা আক্ৰান্ত হ’লে জলকীয়া গছৰ পাতবোৰ তলৰ ফালে কোঁচ খাই যোৱা (Downward curling) দেখা যায়।

উত্তৰ: Mites (মকৰা সদৃশ পোক)

Note: জলকীয়া গছত যদি মাইটছ (Mites) ৰ আক্ৰমণ হয়, তেন্তে পাতবোৰ তলৰ ফালে কোচ খাই বা বেঁকা হৈ যায় (downward curling)।

৬. _______ ৰ পলুৱে বেঙেনা গছৰ কুমলীয়া ডাল বা কাণ্ড বিন্ধা কৰি ভিতৰৰ অংশ খায় আৰু ইয়াৰ ফলত গছজোপাৰ বাঢ়ি অহা আগটো মৰি যায়।

উত্তৰ: Shoot and fruit borer (তিয়ঁহ/বেঙেনাৰ ডাল আৰু ফল বিন্ধা কৰা পোক – Leucinodes orbonalis)

Note: বেঙেনাৰ ডাল আৰু ফল বিন্ধা কৰা পোকৰ পলুৱে কুমলীয়া ডালৰ ভিতৰত সোমাই খাই পেলায়, যাৰ ফলত গছজোপাৰ বাঢ়ি অহা আগটো মৰি শুকাই যায়।

বহু বিকল্পী প্ৰশ্ন (Multiple Choice Questions)

১/ বিলাহীৰ ফল বিন্ধা কৰা পোকৰ (Fruit borer) আটাইতকৈ সক্ৰিয় আৰু ক্ষতিকাৰক অৱস্থাটো কোনটো?

(ক) পূৰঠ বা প্ৰাপ্তবয়স্ক পৰ্যায় (Adult)

(খ) পলু বা বিছা পৰ্যায় (Caterpillar)

(গ) (ক) আৰু (খ) দুয়োটাই

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰ: (খ) পলু বা বিছা পৰ্যায় (Caterpillar)

প্ৰশ্ন ২/ জলকীয়াৰ ফল বিন্ধা কৰা পোকৰ মতা চগা বা মাখি বোৰক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতি হেক্টৰত সাধাৰণতে কেইটা ফেৰ’মন ফান্দ (Pheromone traps) ব্যৱহাৰ কৰা হয়?

(ক) ৫ টা ফান্দ/হেক্টৰ (5 trap/ha)

(খ) ৭ টা ফান্দ/হেক্টৰ (7 trap/ha)

(গ) ৯ টা ফান্দ/হেক্টৰ (9 trap/ha)

(ঘ) ১১ টা ফান্দ/হেক্টৰ (11 trap/ha)

উত্তৰ: (ক) ৫ টা ফান্দ/হেক্টৰ (5 trap/ha)

প্ৰশ্ন ৩/ তলৰ কোনটোক ‘কণী পৰজীৱী’ (Egg parasitoid – অৰ্থাৎ যিয়ে অনিষ্টকাৰী পোকৰ কণীৰ ভিতৰত কণী পাৰি তাক ধ্বংস কৰে) বুলি জনা যায়?

(ক) Tetranychus cinnabarinus

(খ) Epilachna

(গ) Trichogramma chilonis

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰ: (গ) Trichogramma chilonis

প্ৰশ্ন ৪/ থ্ৰিপছ (Thrips/এঙাৰকটীয়া পোক) ৰ আক্ৰমণ হ’লে উদ্ভিদৰ পাতবোৰৰ কি পৰিৱৰ্তন হয়?

(ক) পাতবোৰ ওপৰৰ ফালে কেঁকুৰা খাই যায়

(খ) পাতবোৰ ভিতৰৰ ফালে বা তললৈ নাওঁৰ দৰে কোঁচ খাই যায় (Curl inwards)

(গ) গছৰ বাঢ়ি অহা আগটো মৰি যায়

(ঘ) ফলবোৰত ফুটা বা বিন্ধা দেখা যায়

উত্তৰ: (খ) পাতবোৰ ভিতৰৰ ফালে বা তললৈ নাওঁৰ দৰে কোঁচ খাই যায় (Curl inwards)

প্ৰশ্ন ৫/ এফিড বা মোৱা পোকে (Aphids) শস্যৰ কেনেকৈ ক্ষতি সাধন কৰে?

(ক) গছৰ কোষৰ ৰস শুহি খাই (Sucking cell sap)

(খ) এবিধ মিঠা আঠালতীয়া পদাৰ্থ নিঃসৰণ কৰি (Secreting sugary substance)

(গ) ভাইৰাছ ৰোগৰ বাহক হিচাপে কাম কৰি (Vector of virus)

(ঘ) ওপৰৰ আটাইকেইটা মাধ্যমৰে (All of the above)

উত্তৰ: (ঘ) ওপৰৰ আটাইকেইটা মাধ্যমৰে (All of the above)

 

Subjective Questions: 

১. Explain brinjal’s fruit and shoot borer and its control measures. (বেঙেনাৰ ডাল আৰু ফল বিন্ধা কৰা পোকৰ বিষয়ে লিখা আৰু ইয়াৰ প্ৰতিকাৰসমূহ আলোচনা কৰা।)

উত্তৰ: পোকৰ চিনাক্তকৰণ : এই পোকবিধৰ বৈজ্ঞানিক নাম হ’ল Leucinodes orbonalis। ইয়াৰ চকৰি বা মথ (Moth) জনীৰ আগপাখিত ক’লা আৰু মুগা বৰণৰ দাগ থাকে।ইয়াৰ পলু বা কেটাৰপিলাৰবোৰ পাতল গুলপীয়া ৰঙৰ হয়।

ক্ষতি: প্ৰথম অৱস্থাত পলুটোৱে বেঙেনা গছৰ কুমলীয়া ডাল বা আগ অংশত বিন্ধা কৰি ভিতৰলৈ সোমাই যায় আৰু ভিতৰৰ অংশ খাই পেলায়। ইয়াৰ ফলত আক্ৰান্ত ডালটো লেৰেলি তললৈ হালি পৰে (wilt/droop)। পিছৰ পৰ্যায়ত, যেতিয়া গছত ফল ধৰে, পলুটোৱে বেঙেনাৰ ভিতৰত ফুটা কৰি সোমাই পৰে আৰু ভিতৰৰ শাহখিনি খাই নষ্ট কৰে। ফলবোৰত ইহঁতৰ বিষ্ঠা (fecal pellets) দেখা পোৱা যায়।

নিয়ন্ত্ৰণ বা প্ৰতিকাৰৰ উপায় (Control Measures):

1. যান্ত্ৰিক পদ্ধতি: আক্ৰান্ত হোৱা আৰু শুকাই যোৱা ডাল তথা ফলবোৰ নিয়মিতভাৱে কাটি আনি জুইত পুৰি ধ্বংস কৰিব লাগে।

2. জৈৱিক পদ্ধতি: মতা চগাবোৰক আকৰ্ষণ কৰি ধৰিবলৈ খেতিপথাৰত প্ৰতি হেক্টৰত ২০-২৫ টাকৈ ফেৰ’মন ফান্দ (Sex pheromone lucilure) পাতিব লাগে।

3. ৰাসায়নিক পদ্ধতি: পোকৰ প্ৰকোপ বেছি হ’লে Fenpropathrin 30 EC (@ 0.75 ml/litre) অথবা Emamectin benzoate 5 SG (@ 0.35 g/litre) পানীত মিহলাই ১৫ দিনৰ অন্তৰে অন্তৰে গছৰ ভেজিটেটিভ (বাঢ়ি অহা সময়) আৰু ফুল ফুলিব পৰা সময়ত স্প্ৰে’ কৰিব লাগে।

২. What are the control measures of tomato’s fruit borer?(বিলাহীৰ ফল বিন্ধা কৰা পোকৰ নিয়ন্ত্ৰণৰ উপায়সমূহ কি কি?)

উত্তৰঃ বিলাহীৰ ফল বিন্ধা কৰা পোক (Helicoverpa armigera) নিয়ন্ত্ৰণৰ বাবে আই.পি.এম. (IPM – Integrated Pest Management) পদ্ধতি অনুসৰি তলৰ উপায়বোৰ অৱলম্বন কৰা হয়:

1. প্ৰতিৰোধী জাতৰ ব্যৱহাৰ: খেতি কৰোঁতে পোক-প্ৰতিৰোধী উন্নত জাত, যেনে— Punjab Kesari, Punjab Chhuhara, BT-1 আৰু BT-2 আদি ব্যৱহাৰ কৰিব লাগে।

2. গভীৰ হাল বোৱা (Deep Ploughing): গৰমৰ দিনত মাটি ডৰা গভীৰভাৱে হাল বাই দিলে মাটিত থকা পোকৰ লেটা (Pupae) আৰু পলুবোৰ ওপৰলৈ ওলাই পৰে আৰু তীব্ৰ ৰ’দ বা চৰাই-চিৰিকটিয়ে খাই ধ্বংস কৰে।

3. ফান্দ শস্য (Trap Crop): মূল বিলাহী খেতিৰ সুৰক্ষাৰ বাবে প্ৰতি ১৬ শাৰী বিলাহী গছৰ অন্তৰে অন্তৰে ১ শাৰী জেন্দূ ফুল (Marigold – ৪০ দিনীয়া পুলি) ৰুব লাগে। জেন্দূ ফুলে পোকৰ চগাক আকৰ্ষণ কৰে আৰু পলুবোৰ জেন্দূ ফুলতে আৱদ্ধ হৈ পৰে, যাক পিছত সহজে ধ্বংস কৰিব পাৰি।

4. চৰাইৰ বহা খুঁটি (Bird Perches): চৰাই বহিব পৰাকৈ পথাৰত প্ৰতি হেক্টৰত ১৫-২০ টা ইংৰাজী ‘T’ আকৃতিৰ খুঁটি পুতি দিব লাগে, যাতে চৰাইবোৰে তাত বহি পলুবোৰ বাচি বাচি খাব পাৰে।

5. জৈৱিক নিয়ন্ত্ৰণ (Biocontrol): * সন্ধিয়াৰ সময়ত HAnPV (Nuclear Polyhedrosis Virus) @ 250 LE প্ৰতি হেক্টৰ হিচাপত স্প্ৰে’ কৰিব লাগে।

6. কীটনাশক: প্ৰথম অৱস্থাত ৪% নিম বীজৰ কাথ (NSKE – Neem Seed Kernel Extract) স্প্ৰে’ কৰিব লাগে। প্ৰকোপ খুব বাঢ়িলে Novaluron 10 EC (@ 1.5 ml/l) বা Quinalphos 25 EC (@ 2 ml/l) ব্যৱহাৰ কৰিব পাৰি।

৩. Write about chili’s fruit borer and its control measures.(জলকীয়াৰ ফল বিন্ধা কৰা পোকৰ বিষয়ে লিখা আৰু ইয়াৰ প্ৰতিকাৰসমূহ উল্লেখ কৰা।)

উত্তৰ:      পোকৰ লক্ষণ:

জলকীয়াৰ ফল আৰু ডাল বিন্ধা কৰা পোকে গছৰ কুমলীয়া পাত, ফুল আৰু পিছলৈ লাগিব ধৰা জলকীয়াবোৰ ফুটা কৰি ভিতৰৰ শাহ খাই পেলায়। যাৰ ফলত জলকীয়াবোৰ সৰি পৰে বা পচি যায়।

নিয়ন্ত্ৰণ বা প্ৰতিকাৰৰ উপায় (Control Measures):

1. বীজ শোধন (Seed Treatment): বীজ সিঁচাৰ আগতে Imidacloprid 70WS (@ 5-10 gram / kg seed) দৰৱেৰে বীজখিনি ভালদৰে শোধন কৰি ল’ব লাগে।

2. নাইলন নেটৰ ব্যৱহাৰ: পুলিবাৰী বা নাৰ্ছাৰী অৱস্থাতে থ্ৰিপছ বা অন্যান্য চগা পোকৰ পৰা বচাবলৈ ২৫-৩০ দিনলৈ পুলি কেইটা ২০০ মেচৰ নাইলন নেট (Nylon net) দি ঢাকি ৰাখিব লাগে।

3. স্প্ৰে’ পদ্ধতি: পাত ওলোৱাৰ পিছত Acetamiprid 20SP (@ 0.2 ml/litre) বা Dimethoate 30 EC (@ 1.5 ml/litre) পানীত মিহলাই স্প্ৰে’ কৰিব লাগে। মনত ৰাখিব লাগে যাতে ফুল ফুলাৰ ১০ দিন আগৰ পৰা কোনো ধৰণৰ ৰাসায়নিক দৰৱ স্প্ৰে’ কৰা নহয়।

4. আঠালতীয়া ফান্দ: কীট-পতংগ নিয়ন্ত্ৰণৰ বাবে পথাৰত নীলা ৰঙৰ পলিথিনৰ শ্বীট বা বৰ্ডত এৰা তেল (Castor oil) বা গ্ৰীজ সানি আঠালতীয়া ফান্দ হিচাপে সম দূৰত্বত পাতি থব লাগে। ইয়াৰ ফলত থ্ৰিপছ আদি পোকবোৰ তাত উৰি আহি লাগি ধৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *