Class_10/Unit_3//Session_2
A. খালী ঠাই পূৰণ কৰা (Fill in the blanks)
১. _________ হ’ল নাৰ্চাৰী পৰ্যায়ৰ (nursery stage) এবিধ ৰোগ।
উত্তৰ: ডেম্পিং অফ (Damping off)
২. _________ হ’ল মাইকোপ্লাজমা সদৃশ জীৱৰ (coplasma/mycoplasma like organisms) দ্বাৰা হোৱা এবিধ ৰোগ।
উত্তৰ: বেঙেনাৰ সৰু পাতৰ ৰোগ (Little leaf of brinjal)
৩. _________ ৰোগত গছজোপাৰ ওপৰৰ পৰা তললৈ শুকাই যোৱা (wilting) দেখা যায়।
উত্তৰ: এনথ্ৰাকন’জ বা ডাই বেক (Anthracnose or die back)
৪. শিপাত গাঁঠি বা টেমুনা হোৱা ৰোগ কাৰণ হ’ল _________।
উত্তৰ: ৰুট নট নেমাট’ড (Root knot nematode)
৫. জলকীয়াৰ পাত কোঁচোৱা (Leaf curl) ৰোগ _________ ৰ দ্বাৰা সংক্ৰমিত হয়।
উত্তৰ: বগা মাখি (Whitefly)
B. বহু বিকল্পধৰ্মী প্ৰশ্ন (Multiple choice questions)
১. কোনবিধ ৰোগত বৃত্তাকাৰ দাগ বা চক্ৰ (concentric ring) দেখা পোৱা যায়?
(a) এনথ্ৰাকন’জ (Anthracnose)
(b) লেট ব্লাইট (Late blight)
(c) উইল্ট (Wilt)
(d) ওপৰৰ এটাও নহয়
উত্তৰ: (a) এনথ্ৰাকন’জ (Anthracnose)
২. গছৰ প্ৰাৰম্ভিক বৃদ্ধিৰ সময়ত পাতত অনিয়মিত মুগা দাগ দেখা যায়—
(a) লেট ব্লাইট (Late blight)
(b) ডেম্পিং অফ (damping off)
(c) লিফ কাৰ্ল (leaf curl)
(d) আৰ্লি ব্লাইট (early blight)
উত্তৰ: (d) আৰ্লি ব্লাইট (early blight)
৩. ডেম্পিং অফ (Damping off) হ’ল _________ ৰ এবিধ ৰোগ।(a) পাতৰ (leaves)
(b) ফলৰ (fruits)
(c) পুলিৰ (seedling)
(d) ফুলৰ (flowers)
উত্তৰ: (c) পুলিৰ (seedling)
৪. কটা কাণ্ডৰ পৰা গাখীৰৰ দৰে বগা ৰস ওলোৱাটো _________ সংক্ৰমণৰ লক্ষণ।
(a) নেমাট’ড (nematode)
(b) বেক্টেৰিয়া (bacterial)
(c) ভেঁকুৰ (fungal)
(d) ভাইৰাছ (viral)
উত্তৰ: (b) বেক্টেৰিয়া (bacterial)
C. চুটি আৰু ৰচনাধৰ্মী প্ৰশ্ন (Subjective questions)
১. তলত দিয়াবোৰৰ ওপৰত চমু টোকা লিখা:
(a) বিলাহীৰ আৰ্লি ব্লাইট (Early blight of tomato):
উত্তৰ: এইটো ভেঁকুৰৰ বাবে হোৱা এবিধ ৰোগ, যিটো Alternaria alternata আৰু Alternaria solani নামৰ ভেঁকুৰৰ বাবে হয়। ইয়াৰ লক্ষণবোৰ হ’ল পাতৰ কাষৰ ফালে অনিয়মিত মুগা ৰঙৰ দাগ পৰে। পিছলৈ এই দাগবোৰ ডাঙৰ হৈ শুকাই নষ্ট হৈ যায়। বতাহৰ জৰিয়তে ই বিয়পে আৰু উচ্চ উষ্ণতাই ইয়াক বৃদ্ধি কৰে।প্ৰতিকাৰ: মেনক’জেব (Mancozeb) বা জিনেব (Zineb) ঔষধ স্প্ৰে’ কৰিব লাগে।
(b) আলুৰ লেট ব্লাইট (Late blight of potato):
উত্তৰ: আলু আৰু বিলাহী গছৰ ই এক মাৰাত্মক ভেঁকুৰজনিত ৰোগ। ইয়াৰ ফলত পাত, কাণ্ড আৰু আলুত ক’লা-মুগা চাব বহে। সেমেকা আৰু ঠাণ্ডা বতৰত এই ৰোগ অতি খৰকৈ বিয়পি পৰে আৰু গোটেই খেতিড্ৰা ধ্বংস কৰিব পাৰে।
(c) জলকীয়াৰ পাত কোঁচোৱা ৰোগ (Leaf curl disease in chili):
উত্তৰ: ই এবিধ ভাইৰাছজনিত (viral) ৰোগ, যিটো বগা মাখিৰ (whitefly) দ্বাৰা বিয়পে। ইয়াৰ লক্ষণ হ’ল পাতবোৰ তললৈ থোপা খাই কোচ খাই যায়, পকনীয়াপাতৰ দৰে হয় আৰু গছজোপাৰ বৃদ্ধি থমকি ৰয়। এনে গছত ফুল বা ফল নধৰে।
(d) বেঙেনাৰ সৰু পাত ৰোগ (Little leaf of brinjal):
উত্তৰ: এই ৰোগ মাইকোপ্লাজমা (Mycoplasma) নামৰ জীৱৰ দ্বাৰা হয় আৰু ইয়াক ‘লিফহপাৰ’ (leafhopper) নামৰ পতংগই বিয়পায়। ইয়াৰ ফলত বেঙেনা গছৰ পাতবোৰ অতিমাত্ৰা সৰু আৰু চুটি হৈ পৰে আৰু গোটেই পাতবোৰ গোট খাই এজোপা জোপোহা গছৰ দৰে দেখায়। গছজোপাত কোনো ফল নধৰে।
(e) চোলানেচিয়াছ শস্যৰ ৰুট নট নেমাট’ড (Root knot nematode in solanaceous crops):
উত্তৰ: ই মাটিত থকা এবিধ নেমাট’ড (Meloidogyne incognita) ৰ বাবে হয়। ই শস্যৰ শিপাত আক্ৰমণ কৰি শিপাবোৰ ফুলি উঠায় আৰু গাঁঠিৰ (knots) সৃষ্টি কৰে। ইয়াৰ ফলত গছে মাটিৰ পৰা পানী আৰু খনিজ লৱণ শোষণ কৰিব নোৱাৰা হয় আৰু গছৰ বৃদ্ধি বন্ধ হৈ পৰে।
২. Late blight (পাছতীয়া ধসা ৰোগ) আৰু Early blight (আগতীয়া ধসা ৰোগ) ৰ মাজৰ প্ৰধান পাৰ্থক্যসমূহ কি কি?
উত্তৰ :

৩. Damping off (পুলি পচা ৰোগ) ৰ লক্ষণসমূহ আৰু ইয়াৰ ফলপ্ৰসূ নিয়ন্ত্ৰণৰ উপায়সমূহ লিখা।
উত্তৰ : লক্ষণসমূহ:
নাৰ্ছাৰী বা কঠীয়াতলীত থকা সৰু পুলিবোৰৰ তলৰ অংশ (collor region) ভেঁকুৰৰ আক্ৰমণৰ বাবে পচি ক’লা পৰে।
পুলিবিলাকে থিয় হৈ থাকিব নোৱাৰা হয় আৰু মাটিত ঢলি পৰে।
বৰষুণৰ দিনত বা বেছিকৈ পানী জমা হৈ থকা মাটিত এই ৰোগ অতি সোনকালে বিয়পে।
নিয়ন্ত্ৰণৰ উপায়সমূহ:
উঠা ভেটি (Raised bed): বৰষুণৰ দিনত পানী জমা নহ’বলৈ কঠীয়াতলীখন মাটিৰ পৰা অলপ ওখকৈ তৈয়াৰ কৰিব লাগে।
মাটি শোধন (Soil solarization): খেতি কৰাৰ আগতে মাটিখিনি প্লাষ্টিকেৰে ঢাকি ৰ’দত উত্তপ্ত কৰি শোধন কৰিব লাগে।
ৰাসায়নিক প্ৰতিকাৰ (Soil drench): ১ লিটাৰ পানীত ২-৩ গ্ৰাম মেনকোজেব (mancozeb) বা কাৰবেনডাজিম (carbendazim) মিহলাই মাটিখিনি তিয়াই দিব লাগে।
জৈৱিক প্ৰতিকাৰ: বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৫ গ্ৰাম ট্ৰাইক’ডাৰ্মা (Trichoderma) মিহলাই বীজ শোধন ক
ৰিব লাগে।
Leave a Reply