A. বহুবিকল্পী প্ৰশ্ন (Multiple Choice Questions – MCQ)
১. নাক আৰু থুঁতৰিৰ (কাষত) তেলেতীয়া ভাৱ থকাটো কোনটো ছালৰ প্ৰকাৰৰ বৈশিষ্ট্য?
(a) শুকান ছাল (Dry skin)
(b) তেলেতীয়া ছাল (Oily skin)
(c) সংবেদনশীল ছাল (Sensitive skin)
(d) পৰিপক্ক ছাল (Mature skin)
উত্তৰ: (b) তেলেতীয়া ছাল (Oily skin)
২. পিচ্ছিলকৰণৰ অভাৱৰ বাবে চকু আৰু মুখৰ কাষত মিহি ৰেখা বা বলিৰেখা দেখা পোৱা ছালৰ প্ৰকাৰ কোনটো?
(a) মিশ্ৰিত ছাল (Combination skin)
(b) তেলেতীয়া ছাল (Oily skin)
(c) শুকান ছাল (Dry skin)
(d) স্বাভাৱিক ছাল (Normal skin)
উত্তৰ: (c) শুকান ছাল (Dry skin)
৩. স্বাভাৱিক ছালৰ pH সাধাৰণতে কিমানৰ ভিতৰত থাকে?
(a) 4.0–4.5
(b) 5.5–5.8
(c) 6.0–6.5
(d) 7.0–7.5
উত্তৰ: (b) 5.5–5.8
৪. তলৰ কোনটোৱে মিশ্ৰিত ছাল (Combination skin) বৰ্ণনা কৰে?
(a) গোটেই মুখতে একেধৰণৰ গঠন (Even texture all over)
(b) তেলেতীয়া T-zone আৰু শুকান গাল (Oily T-zone and dry cheeks)
(c) খহটা আৰু শেঁতা মুখ (Flaky and pale face)
(d) ডাঠ আৰু খৰখৰীয়া গঠন (Thick and coarse texture)
উত্তৰ: (b) তেলেতীয়া T-zone আৰু শুকান গাল (Oily T-zone and dry cheeks)
৫. গ্ৰাহকৰ বাবে সঠিক লিপষ্টিকৰ ৰং বাছনি কৰাত কোনটো কাৰকে সহায় কৰে?
(a) চুলিৰ ৰং (Hair colour)
(b) ছালৰ টোন বা আণ্ডাৰটোন (Skin tone or undertone)
(c) চকুৰ ৰং (Eye colour)
(d) নখৰ ৰং (Nail colour)
উত্তৰ: (b) ছালৰ টোন বা আণ্ডাৰটোন (Skin tone or undertone)
B. খালী ঠাই পূৰণ কৰা (Fill in the Blanks)
১. এজন বিউটি থেৰাপীষ্টে (Beauty Therapist) গ্ৰাহকৰ বাহ্যিক ৰূপ আৰু সামগ্ৰিক সুস্থতা বৃদ্ধিৰ বাবে বিভিন্ন চিকিৎসা প্ৰদান কৰে।
২. স্বাভাৱিক ছালৰ pH সাধাৰণতে ৫.৫ আৰু ৫.৮ ৰ ভিতৰত থাকে।
৩. তেলেতীয়া ছালত (Oily skin) মুকলি নোমকূপ (open pores), শালমন (pimples), ব্লেকহেডছ (blackheads) আদি হোৱাৰ প্ৰৱণতা থাকে।
৪. মিশ্ৰিত ছালৰ (Combination skin) কেন্দ্ৰীয় অংশ বা T-zone তেলেতীয়া হয় আৰু গাল দুখন শুকান বা খহটা হয়।
৫. স্কিন টোন বা আণ্ডাৰটোন (Skin tone / Undertone) শব্দটোৱে ছালৰ ভিতৰত থকা আভা বা ছাঁটোক বুজায় যিয়ে মেক-আপত ৰং বাছনি কৰাত প্ৰভাৱ পেলায়।
C. সত্য নে অসত্য নিৰূপণ কৰা (True or False)
১. স্বাভাৱিক ছালত এক স্বাস্থ্যকৰ উজ্জ্বলতা আৰু সন্তুলিত তেল আৰু পানীৰ পৰিমাণ থাকে।
উত্তৰ: সত্য (True)
২. শুকান ছালত চিবেচিয়াছ গ্ৰন্থিবোৰ অতিমাত্ৰা সক্ৰিয় হৈ থাকে আৰু অতিৰিক্ত তেল উৎপাদন কৰে।
উত্তৰ: অসত্য (False) (কাৰণ তেলেতীয়া ছালতহে চিবেচিয়াছ গ্ৰন্থি সক্ৰিয় হয়)
৩. পৰিপক্ক ছালখন টান, মিহি আৰু বলিৰেখাহীন দেখায়।
উত্তৰ: অসত্য (False) (কাৰণ পৰিপক্ক ছাল সোতোৰা-সুতুৰি আৰু শুকান হয়)
৪. সংবেদনশীল ছাল তীব্ৰ ঠাণ্ডা, গৰম বা প্ৰতিকূল বতৰ আৰু কঠোৰ প্ৰসাধন সামগ্ৰীৰ দ্বাৰা সহজে প্ৰভাৱিত বা উত্তেজিত হ’ব পাৰে।
উত্তৰ: সত্য (True)
৫. স্কিন টোন (Skin tone) আৰু স্কিন কমপ্লেকচন (Skin complexion) একেই কথা।
উত্তৰ: অসত্য (False)
D. বিষয়ভিত্তিক প্ৰশ্নোত্তৰ (Subjective Questions)
১. বিভিন্ন প্ৰকাৰৰ ছালৰ মূল বৈশিষ্ট্যসমূহ কি কি আৰু এজন বিউটি থেৰাপীষ্টে সেইবোৰ কেনেকৈ চিনাক্ত কৰিব পাৰে?
উত্তৰ: ছাল প্ৰধানকৈ ৬ প্ৰকাৰৰ:
স্বাভাৱিক ছাল: তেল-পানীৰ সঠিক সন্তুলন থাকে আৰু উজ্জ্বল দেখায়।
শুকান ছাল: চকু আৰু মুখৰ কাষত মিহি ৰেখা থাকে, খহটা হয়।
তেলেতীয়া ছাল: নাক আৰু থুঁতৰিত তেল থাকে, ডাঠ হয় আৰু শালমন ওলায়।
মিশ্ৰিত ছাল: T-zone তেলেতীয়া আৰু গাল শুকান হয়।
সংবেদনশীল ছাল: সহজে ৰঙা পৰে বা খজুৱতি হয়।
পৰিপক্ক ছাল: শুকান, ঢিলা আৰু বলিৰেখাযুক্ত।
চিনাক্তকৰণ পদ্ধতি: বিউটি থেৰাপীষ্টে খালী চকুৰে পৰীক্ষা কৰি আৰু ‘টিছু পেপাৰ টেষ্ট’ (Tissue paper test) কৰি মুখৰ তেলৰ পৰিমাণ চাই ছালৰ প্ৰকাৰ চিনাক্ত কৰিব পাৰে।
২. মেক-আপ কৰাৰ আগতে এজন বিউটি থেৰাপীষ্টৰ বাবে গ্ৰাহকৰ ছালৰ টোন (Skin tone) আৰু আণ্ডাৰটোন বুজি পোৱাটো কিয় প্ৰয়োজনীয়?
উত্তৰ: গ্ৰাহকৰ ছালৰ টোন আৰু আণ্ডাৰটোন বুজি পোৱাটো অত্যন্ত প্ৰয়োজনীয়, কাৰণ ইয়াৰ ওপৰত ভিত্তি কৰিহে সঠিক ফাউণ্ডেচন, লিপষ্টিক আৰু অন্যান্য মেক-আপ সামগ্ৰীৰ ৰং বাছনি কৰা হয়। যদি আণ্ডাৰটোনৰ সৈতে মেক-আপৰ ৰং নিমিলিব, তেন্তে মেক-আপ কৰাৰ পিছত মুখখন কৃত্ৰিম বা শেঁতা দেখাব পাৰে।
৩. তেলেতীয়া ছালৰ বৈশিষ্ট্যসমূহ আৰু ইয়াৰ সাধাৰণ সমস্যাবোৰ বৰ্ণনা কৰা।
উত্তৰ: তেলেতীয়া ছালৰ মূল বৈশিষ্ট্য হৈছে এই ছালখন আন ছালতকৈ ডাঠ আৰু খৰখৰীয়া হয়। ইয়াৰ চিবেচিয়াছ গ্ৰন্থিবোৰে অধিক তেল উৎপন্ন কৰে, যাৰ বাবে নাক আৰু থুঁতৰিৰ কাষ সদায় তেলেতীয়া হৈ থাকে।সাধাৰণ সমস্যাসমূহ: মুকলি নোমকূপ (open pores), শালমন (pimples), ক’লা দাগ বা ব্লেকহেডছ (blackheads) আৰু পখিলা দাগ বা পুষ্টুলছ (pustules) হোৱা।
৪. পৰিপক্ক ছাল (Mature skin) আন ছালৰ প্ৰকাৰতকৈ কেনেকৈ পৃথক?
উত্তৰ: পৰিপক্ক ছালৰ বয়স বৃদ্ধিৰ লক্ষণসমূহ স্পষ্টকৈ দেখা যায়। আন ছালৰ তুলনাত এই ছালখন প্ৰতিদিনেই অধিক শুকান, পানীহীন (dehydrated) আৰু শেঁতা দেখায়। ইয়াৰ উপৰিও এই ছালখনত গভীৰ বলিৰেখা (lines) পৰে আৰু ছালখন ঢিলা (loose) হৈ ওলমি পৰে।
৫. স্বাভাৱিক ছাল আৰু শুকান ছালৰ মাজৰ পাৰ্থক্যসমূহ ইহঁতৰ বৈশিষ্ট্যৰ ভিত্তিত বুজাই লিখা।
উত্তৰ: স্বাভাৱিক ছাল (Normal Skin): ইয়াৰ pH ৫.৫-৫.৮ ৰ ভিতৰত থাকে। ইয়াত তেল আৰু পানীৰ সমতা থাকে। ছালখন কোমল, নিমজ আৰু এক প্ৰাকৃতিক উজ্জ্বলতা থাকে। এই ছাল বৰ বিৰল।
শুকান ছাল (Dry Skin): ইয়াত প্ৰাকৃতিক পিচ্ছিলকৰণ বা তেলৰ অভাৱ থাকে। চকু আৰু মুখৰ চাৰিওফালে মিহি ৰেখা দেখা যায়। ছালখন শেঁতা আৰু খহটা (flakiness) হয়।
Leave a Reply